অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দেৱযানী খোব্ৰাগড়ে

দেৱযানী খোব্ৰাগড়ে (Devyani Khobragade) ভাৰতীয় বৈদেশিক সেৱাৰ কেডাৰৰ এগৰাকী কেন্দ্ৰীয় চৰকাৰী চাকৰিয়াল বা কূটনীতিবিদ। আমেৰিকাৰ নিউয়ৰ্ক চহৰত ভাৰতীয় কনছুলত নিযুক্তি পোৱাৰ সময়ত ভিছা জালিয়াতিৰ অভিযোগ উত্থাপন হোৱাৰ পিছত বাতৰিৰ শিৰোনাম দখল কৰিছিল দেৱযানীয়ে।

হালনাগাদ: ১১ আগষ্ট ২০২৬ ২৩৮ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

দেৱযানী খোব্ৰাগড়ে (Devyani Khobragade) ভাৰতীয় বৈদেশিক সেৱাৰ কেডাৰৰ এগৰাকী কেন্দ্ৰীয় চৰকাৰী চাকৰিয়াল বা কূটনীতিবিদ। আমেৰিকাৰ নিউয়ৰ্ক চহৰত ভাৰতীয় কনছুলত নিযুক্তি পোৱাৰ সময়ত ভিছা জালিয়াতিৰ অভিযোগ উত্থাপন হোৱাৰ পিছত বাতৰিৰ শিৰোনাম দখল কৰিছিল দেৱযানীয়ে। বৰ্তমান তেওঁ ভাৰতৰ দূতাবাস ফ্নম পেনত কম্বোডিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।১

প্ৰাৰম্ভিক জীৱন

১৯৭৪ চনৰ ২৫ মে'ত মহাৰাষ্ট্ৰৰ তাৰাপুৰত মহাৰাষ্ট্ৰৰ গাডচিৰোলিৰ বৌদ্ধ পৰিয়ালত খোব্ৰাগড়েৰ জন্ম হৈছিল।২৩ খোব্ৰাগড়েৰ পিতৃ উত্তম খোব্ৰাগড়ে ভাৰতীয় প্ৰশাসনিক সেৱাৰ এজন বিষয়া আছিল।২ যদিও, তেওঁ একাধিক দুৰ্নীতি কেলেংকাৰীত জড়িত হৈ বিতৰ্কৰ সম্মুখীন হৈছিল।৪৫৬

দেৱযানী মুম্বাইৰ মাউণ্ট কাৰ্মেল হাইস্কুলৰ পৰা শিক্ষা লাভ কৰিছিল। ইয়াৰ পিছত কিং এডৱাৰ্ড মেম'ৰিয়েল হাস্পতাল আৰু ছেথ গৰ্ধণ্ডাছ সুন্দৰদাছ মেডিকেল কলেজৰ পৰা চিকিৎসা বিজ্ঞানত ডিগ্ৰী লাভ কৰিছিল।৭

কৰ্মজীৱন

১৯৯৯ চনত খোব্ৰাগড়ে ভাৰতীয় বৈদেশিক সেৱাত যোগদান কৰে। ২০১২ চনত তেওঁ নিউয়ৰ্কৰ ভাৰতৰ কনছুলেট জেনেৰেলত নিযুক্তি লাভ কৰে আৰু ২০১৩ চনৰ ডিচেম্বৰ মাহলৈকে তেওঁ ডেপুটি কনছুল জেনেৰেল হিচাপে কাৰ্যনাৰ্বাহ কৰে। ভাৰপ্ৰাপ্ত কনছুল জেনেৰেল হিচাপে তেওঁ ২০১৩ চনৰ এপ্ৰিল মাহত নিউয়ৰ্কত থকা অষ্ট্ৰেলিয়াৰ কনছুলেট জেনেৰেলত ভাৰতত মহিলাৰ অধিকাৰ আৰু জনগাঁথনিৰ প্ৰভাৱৰ ওপৰত নিজৰ ব্যক্তিগত দৃষ্টিভংগী আগবঢ়ায়।২

২০১৪ চনৰ ২০ জানুৱাৰীত তেওঁক নতুন দিল্লীলৈ ডেভেলপমেণ্ট পাৰ্টনাৰশ্বিপ এডমিনিষ্ট্ৰেচন (ডিপিএ)ৰ সঞ্চালিকা হিচাপে নিযুক্তি দিয়া হয়।৮ ২০১৪ চনৰ ডিচেম্বৰ মাহত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে তেওঁক এই পদৰ পৰা আঁতৰাই "বাধ্যতামূলক অপেক্ষা"ত ৰাখে।৯ ২০১৫ চনৰ জুলাই মাহত তেওঁক পুনৰ নিযুক্তি দিয়া হয়। এইবাৰ তেওঁ কেৰালাৰ ৰাজ্য চৰকাৰ বিভাগত।১০১১১২

খোব্ৰাগড়ে ২০১২ চনত চেভেনিং ৰ'লছ ৰয়েছৰ বৃত্তিৰ বাবে নিৰ্বাচিত হয়।১৩ ২০২০ চনৰ ২ অক্টোবৰত তেওঁক কম্বোডিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হয়।১৪

ব্যক্তিগত জীৱন

খোব্ৰাগড়ে ইটালীৰ ৰোমৰ লুইছ বিশ্ববিদ্যালয়ৰ গৱেষণা অধ্যাপক আকাশ সিং ৰাথোৰৰ সৈতে বিবাহ হৈছিল।১৫

বিতৰ্ক

আদৰ্শ হাউছিং ছ’চাইটিৰ কেলেংকাৰিৰ বাবে পিতৃ উত্তম খোব্ৰাগড়ে সৈতে দেৱযানী খোব্ৰাগড়েৰ কাণ্ডৰ উপৰিও অনান্য কাৰণত তেওঁৰ নামে প্ৰায়েই বাতৰিৰ শিৰোনাম দখল কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ Welcome to Embassy of India, Phnom Penh, Cambodia. embindpp.gov.in
  2. ↑ Gowen, Annie. (20 December 2013). Who is Devyani Khobragade, the Indian diplomat at the center of the firestorm?. The Washington Post
  3. ↑ Khobragade, Uttam. (13 January 2014). My daughter's return. NDTV
  4. ↑ (2017-07-14). ACB books Bhujbal son for land fraud · Latest News & Updates at Daily News & Analysis. dna
  5. ↑ (2016-12-16). Adarsh Scam: Revoke membership of 22 flat owners, CBI tells government again. The Indian Express
  6. ↑ Sweltering summer just got worse - Mumbai Mirror -. Mumbai Mirror
  7. ↑ (19 December 2013). Who is Devyani Khobragade?. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  8. ↑ (30 April 2013). Acting Consul General of India in New York, Dr Devyani Khobragade Holds Conversation on Women's Rights and the Influence of Demographics in India with New York Young Leaders' Program. Australian Consulate-General, New York
  9. ↑ Roy, Shubhajit. (20 January 2014). Devyani likely to head MEA's overseas projects department. Indian Express
  10. ↑ (20 December 2014). Government takes disciplinary, administrative action against Indian diplomat Devyani Khobragade. Press Trust of India. Daily News and Analysis
  11. ↑ (3 July 2015). Devyani Khobragade reinstated as director in MEA. Indo Asian News Service. Zee News
  12. ↑ Smriti Kak Ramachandran. (3 July 2015). Khobragade reinstated in new division. The Hindu
  13. ↑ (2012). Devyani Khobragade, 2012 Rolls-Royce Scholar, Chevening Rolls-Royce Science and Innovation Leadership Programme. UK Government, Foreign and Commonwealth Office
  14. ↑ Devyani Khobragade Appointed India's Next Ambassador To Cambodia. NDTV
  15. ↑ More skeletons tumble out of Devyani Khobragade's cupboard. Firstpost.com

সম্পৰ্কিত শ্ৰেণী

কূটনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱযানী খোব্ৰাগড়ে” প্ৰবন্ধৰ সংশোধন ৬২৬২৬৬ (১১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।