ইৰানীয় নাৰী অধিকাৰ কৰ্মী
২৭ প্ৰবন্ধ
-
হাদিছ নাজাফীৰ হত্যা
হাদিছ নাজাফী (৫ জানুৱাৰী, ২০০০ – ২১ ছেপ্টেম্বৰ, ২০২২) ২০২২ চনত মাহছা আমিনিৰ মৃত্যুৰ পাছত ইৰাণৰ প্ৰতিবাদৰ সময়ত কাৰাজৰ মেহৰশ্বহৰত এই ইৰাণী মহিলাগৰাকীক গুলীয়াই হত্যা কৰা হৈছিল।
-
আইদা ৰোষ্টামি
আইদা ৰোষ্টামি (জন্ম: সম্ভৱতঃ ১৯৮৬ – সোমবাৰ, মৃত্যু: ১২ ডিচেম্বৰ, ২০২২) মাহছা আমিনিৰ মৃত্যুৰ প্ৰতিবাদৰ সময়ত আহত প্ৰতিবাদকাৰীৰ চিকিৎসাৰ বাবে ইৰাণৰ ইছলামিক ৰিপাব্লিকৰ নিৰাপত্তা বাহিনীয়ে অপহৰণ কৰি নি মাৰাত্মকভাৱে প্ৰহাৰ কৰা আৰু হত্যা কৰা বুলি অভিযোগ উঠিছিল।
-
আছিয়েহ আমিনি
আছিয়েহ আমিনি (Asieh Amini; জন্ম: ১৪ ছেপ্টেম্বৰ ১৯৭৩) এগৰাকী ইৰাণী কবি আৰু সাংবাদিক৷ তেওঁ বৰ্তমান নৰৱেৰ ট্ৰণ্ডহাইমত বাস কৰে। ইৰাণত সাধাৰণতে মৃত্যুদণ্ডৰ বিৰুদ্ধে আৰু বিশেষভাৱে মহিলা আৰু নাবালকক শিলগুটিৰে আঘাত কৰাৰ বিৰুদ্ধে যুঁজ দিয়া তেওঁ এগৰাকী মহিলা অধিকাৰ কৰ্মী।
-
আজম টেলিঘানী
আজম তালেঘানী (Azam Taleghani; (১৯৪৩ – ৩০ অক্টোবৰ ২০১৯) ইৰাণৰ এগৰাকী ৰাজনীতিবিদ আৰু সাংবাদিক আছিল যি ইৰাণৰ ছ'চাইটি অৱ ইছলামিক ৰিভল্যুচন ৱমেনৰ মুৰব্বী, পায়াম-ই-হাজাৰ সাপ্তাহিক কাকতৰ সম্পাদক, ইৰাণৰ সংসদৰ সদস্য আছিল।
-
ইৰাণ টেইমৌৰতাছ
ইৰাণ টেইমৌৰতাছ (Iran Teymourtash, ১৯১৪–১৯৯১) ২০ শতিকাৰ ইৰাণ মহিলা কৰ্মীসকলৰ মাজত এগৰাকী অগ্ৰণী হিচাপে গণ্য কৰা হয়। ১৯২৫ চনৰ পৰা ১৯৩২ চনলৈকে ইৰাণৰ দ্বিতীয় শক্তিশালী ৰাজনৈতিক ব্যক্তিত্ব হিচাপে ইৰাণ টেইমৌৰতাছে জীৱনৰ আৰম্ভণিতে সেই দেশৰ মহিলা বিষয়ত বিশিষ্ট ভূমিকা গ্ৰহণ কৰাৰ সুযোগ পাইছিল।
-
খাদিজেহ আফজল বজিৰী
খাদিজেহ আফজল বজিৰী (Khadijeh Afzal Vaziri; ১৮৮৯ – ৩ জানুৱাৰী ১৯৮১) এগৰাকী ইৰাণী মহিলা অধিকাৰ কৰ্মী, সাংবাদিক আৰু শিক্ষাবিদ। তেওঁ বলপূৰ্বকভাৱে চাদৰ পৰিধান কৰাৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল আৰু কাছফ-ই হিজাবক সমৰ্থন কৰিছিল।
-
চুছান তাহমাছেবী
চুছান তাহমাছেবী (Sussan Tahmasebi) ইৰাণৰ এগৰাকী আগশাৰীৰ মহিলা অধিকাৰৰ সমৰ্থক আৰু বিশেষজ্ঞ। ُতেওঁৰ কাম মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকা আৰু এছিয়াত মহিলাৰ অধিকাৰ আৰু শান্তিৰ প্ৰসাৰৰ ওপৰত কেন্দ্ৰিত।
-
ছিমিন বেহবাহনী
ছিমিন বেহবাহনী (২০ জুলাই ১৯২৭ – ১৯ আগষ্ট ২০১৪) আছিল ইৰাণী সমসাময়িক কবি, গীতিকাৰ আৰু সমাজকৰ্মী। পৰম্পৰাগত কাব্যিক ৰূপ গজলত আয়ত্ত কৰাৰ বাবে তেওঁ সুপৰিচিত৷ তেওঁ আধুনিক পাৰ্চী কবিতাৰ আইকন হৈ পৰিছিল। ইৰাণৰ বুদ্ধিজীৱী আৰু সাহিত্যিকসকলে তেওঁক মৰমেৰে "ইৰাণৰ সিংহিনী" বুলি উল্লেখ কৰিছিল।
-
ছেহলা লাহিজি
ছেহলা লাহিজি (জন্ম: ১৯৪২; شهلا لاهیجی; Shahla Lahiji) এগৰাকী ইৰানী লেখিকা, প্ৰকাশিকা আৰু নাৰী অধিকাৰ কৰ্মী। তেওঁ নাৰী বিষয়ক এটা প্ৰকাশন প্ৰতিষ্ঠান ৰোচনগৰনৰ সঞ্চালক।
-
জাহৰা এশৰাঘী
জাহৰা এশৰাঘী খোমেইনি (Zahra Eshraghi Khomeini) (জন্ম-১৯৬৪) এগৰাকী ইৰাণী কৰ্মী আৰু প্ৰাক্তন চৰকাৰী বিষয়া।
-
তালাত বাছাৰী
তালাত বাছাৰী (Talat Basari, ইৰানী কবি আৰু লেখিকা, ১৯২৩ – ১৮ ছেপ্টেম্বৰ ২০২০) আছিল এগৰাকী ইৰানী বাহায়ী ধৰ্মাৱলম্বী কবি, নাৰীবাদী, শিক্ষাবিদ আৰু লেখিকা।
-
তুবা আজমুদেহ
টুবা আজমুদেহ (১৮৭৮–১৯৩৬) এজন ইৰাণী শিক্ষাবিদ যিয়ে ১৯০৭ চনত ইৰাণত ছোৱালীৰ বাবে প্ৰথমখন বিদ্যালয় স্থাপন কৰিছিল। সমাজৰ পৰা অহৰহ বিৰোধিতা হোৱাৰ পিছতো তেওঁ বিদ্যালয়খন ৰক্ষণাবেক্ষণ আৰু সম্প্ৰসাৰণ কৰিছিল।
-
নাছৰিন সতৌদেহ
নাছৰিন সতৌদেহ (Nasrin Sotoudeh) ইৰাণৰ এগৰাকী মানৱ অধিকাৰ কৰ্মী আৰু অধিবক্তা৷ ২০০৯ চনৰ জুন মাহত ইৰাণৰ বিতৰ্কিত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পিছত তেওঁ কাৰাগাৰত বন্দী ইৰাণৰ বিৰোধী কৰ্মী আৰু ৰাজনীতিবিদসকলক প্ৰতিনিধিত্ব কৰিছিল আৰু নাবালক অৱস্থাত কৰা অপৰাধৰ বাবে মৃত্যুদণ্ডৰ শাস্তি পোৱা বন্দীসকলক প্ৰতিনিধিত্ব…
-
পাৰবিন আৰদালন
পাৰবিন আৰদালন (Parvin Ardalan; জন্ম: ১৯৬৭ চনত তেহৰাণত) ইৰাণৰ এগৰাকী আগশাৰীৰ মহিলা অধিকাৰ কৰ্মী, লেখিকা আৰু সাংবাদিক।ইৰাণত পুৰুষ আৰু মহিলাৰ সম অধিকাৰৰ বাবে কৰা সংগ্ৰামৰ বাবে ২০০৭ চনত তেওঁক অলফ পালমে বঁটাৰে সন্মানিত কৰা হৈছিল।
-
ফাৰাংগিছ য়েগানেগী
ফাৰাংগিছ য়েগানেগী (শ্বাহৰোখ) Farangis Yeganegi (Shahrokh)(১১ মে' ১৯১৬ তেহৰাণ – ১৩ ফেব্ৰুৱাৰী ২০১০, কেলিফৰ্ণিয়া) ইৰাণী হস্তশিল্প সংস্থাৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক আছিল।
-
ভেৰিছেহ মোৰাদি
ভেৰিচেহ মোৰাদি (Verisheh Moradi) এগৰাকী কুৰ্দি ৰাজনৈতিক বন্দী আৰু ইৰাণ ৰাষ্ট্ৰই মৃত্যুদণ্ড দিয়া মহিলা অধিকাৰ কৰ্মী। ২০২৩ চনৰ ১ আগষ্টত ছানন্দজত চোৰাংচোৱা মন্ত্ৰালয়ে গ্ৰেপ্তাৰ কৰি তেওঁক তেহৰাণৰ ইভিন কাৰাগাৰত বন্দী কৰি ৰাখিছিল।
-
মনছুৰেহ বেহকিছ
মনছুৰেহ বেহকিছ (Mansoureh Behkish) এজন ইৰাণী মানৱ অধিকাৰ কৰ্মী। ১৯৮৮ চনত ইৰাণৰ ৰাজনৈতিক বন্দীসকলক ফাঁচী দিয়াৰ সময়ত তেওঁৰ পৰিয়ালৰ ছয়জন সদস্যক হেৰুৱাইছিল।.
-
মহতাৰম এসকান্দাৰী
মহতাৰম এসকান্দাৰী (Mohtaram Eskandari, ১৮৯৫ – ২৭ জুলাই, ১৯২৪), এগৰাকী ইৰাণী বুদ্ধিজীৱী আৰু ইৰাণী নাৰী আন্দোলনৰ পথ প্ৰদৰ্শক আছিল। পাৰস্যৰ প্ৰথম মহিলা অধিকাৰ সংস্থা জাম'ইয়াত-ই নেছভান-ই-ৱাটানখাহৰ তেওঁ সহ-প্ৰতিষ্ঠাপক আৰু প্ৰথম নেত্ৰী আছিল।
-
মাহনাজ আফখামী
মাহনাজ আফখামী (Mahnaz Afkhami) এগৰাকী ইৰাণী মহিলা অধিকাৰ কৰ্মী যিয়ে ১৯৭৬ চনৰ পৰা ১৯৭৮ চনলৈকে ইৰাণৰ মন্ত্ৰীসভাত কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ মহিলা শিক্ষণ অংশীদাৰিত্ব (WLP)ৰ প্ৰতিষ্ঠাপক আৰু সভানেত্ৰী৷ তেওঁ ফাউণ্ডেশ্যন ফৰ ইৰাণী অধ্যয়নৰ কাৰ্যবাহী সঞ্চালিকা আৰু ইৰাণৰ বিপ্লৱৰ পূৰ্বৰ চৰকাৰৰ মহিলা পৰিক্ৰমা…
-
মেহৰাংগিজ কৰ
মেহৰাংগিজ কৰ (জন্ম-১০ অক্টোবৰ ১৯৪৪) ইৰাণৰ এগৰাকী মানৱ অধিকাৰৰ অধিবক্তা৷ তেওঁ সমগ্ৰ ইছলামিক বিশ্বতে মহিলা আৰু মানৱ অধিকাৰৰ প্ৰতিৰক্ষাৰ পোষকতা কৰা এগৰাকী আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত লেখক, বক্তা আৰু কৰ্মী।
-
মৰিয়াম আমিদ
মৰিয়াম আমিদ-চেমনানী (Maryam Amid) কুৰি শতিকাৰ আৰম্ভণিতে সক্ৰিয় হৈ থকা এগৰাকী ইৰাণী বুদ্ধিজীৱী আৰু সাংবাদিক আছিল। ইৰাণত তেওঁক শ্বোকুফেহ নামৰ এখন প্ৰভাৱশালী মহিলা আলোচনী প্ৰতিষ্ঠা কৰাৰ বাবে স্মৰণ কৰা হয়।তেওঁ ইৰাণী মহিলা সমিতিও প্ৰতিষ্ঠা কৰিছিল, যাৰ এসময়ত ৫,০০০ সদস্য আছিল বুলি কোৱা হয়।
-
লোৱাত ভালা
লোৱাত ভালা(Lobat Vala; জন্ম: ১৯৩০ চনত তেহৰাণত) এগৰাকী ইৰাণী কবি৷ তেওঁ ইৰাণৰ মহিলা মুক্তিৰ সপক্ষে সততে মাত মাতি আহিছে৷ ইয়াৰ উপৰি তেওঁ উভয় লিংগৰ মাজত সম অধিকাৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগত ওতপ্ৰোতভাৱে জড়িত।
-
শিবা নাজাৰ আহাৰী
শিবা নাজাৰ আহাৰী (Shiva Nazar Ahari; জন্ম: ১০ জুন, ১৯৮৪) এগৰাকী ইৰানী মানৱ অধিকাৰ কৰ্মী আৰু কমিটি অৱ হিউমেন ৰাইটছ ৰিপ'ৰ্টাৰৰ প্ৰতিষ্ঠাপক সদস্য। ইৰাণ চৰকাৰে তেওঁক কেইবাবাৰো কাৰাগাৰত ভৰাইছে।
-
শ্বাদী আমিন
শ্বাদী আমিন (Shadi Amin) এগৰাকী ইৰাণী লেখিকা আৰু কৰ্মী। ৰাজনৈতিক কাৰ্যকলাপৰ বাবে ১৯৮০ চনৰ আৰম্ভণিতে তেওঁ ইৰাণ এৰি যাবলৈ বাধ্য হৈছিল। বৰ্তমান আমিন জাৰ্মানীত নিৰ্বাসিত জীৱন কটাই আছে।.
-
শ্বিৰিন এবাদি
শ্বিৰিন এবাদি(Shirin Ebadi; জন্ম: ২১ জুন ১৯৪৭) ইৰাণৰ এগৰাকী নোবেল বঁটা বিজয়ী, অধিবক্তা, লেখক, শিক্ষক আৰু ইৰাণৰ ডিফেণ্ডাৰছ অৱ হিউমেন ৰাইটছ চেণ্টাৰৰ প্ৰাক্তন ন্যায়াধীশ আৰু প্ৰতিষ্ঠাপক।
-
ৰয়া টলৌই
ৰয়া টলৌই (Roya Toloui); জন্ম: ২২ মে', ১৯৬৬, ইৰাণৰ কুৰ্দিস্তান প্ৰদেশৰ বানেহত) এগৰাকী বিশিষ্ট কুৰ্দি-ইৰাণী সাংবাদিক, মানৱ অধিকাৰ কৰ্মী আৰু নাৰীবাদী। তেওঁ বৰ্তমান আমেৰিকাত বাস কৰে। তেওঁ পশ্চিম ইৰাণৰ বানেহত জন্মগ্ৰহণ কৰিছিল।
-
ৰেইহানে তাৰাৱতী
ৰেইহানে তাৰাৱতী (Reihane Taravati) এগৰাকী ইৰাণী ফটোগ্ৰাফাৰ৷ ইয়াৰ লগতে তেওঁ এগৰাকী সমাজ কৰ্মী। তেওঁ ছ'চিয়েল মিডিয়া কণ্টেণ্ট প্ৰডাকচনত বিশেষজ্ঞ "ৰেইহানেট ষ্টুডিঅ'"ৰ প্ৰতিষ্ঠাপক।