মৰিয়াম আমিদ-চেমনানী (Maryam Amid) কুৰি শতিকাৰ আৰম্ভণিতে সক্ৰিয় হৈ থকা এগৰাকী ইৰাণী বুদ্ধিজীৱী আৰু সাংবাদিক আছিল। ইৰাণত তেওঁক শ্বোকুফেহ নামৰ এখন প্ৰভাৱশালী মহিলা আলোচনী প্ৰতিষ্ঠা কৰাৰ বাবে স্মৰণ কৰা হয়।১তেওঁ ইৰাণী মহিলা সমিতিও প্ৰতিষ্ঠা কৰিছিল, যাৰ এসময়ত ৫,০০০ সদস্য আছিল বুলি কোৱা হয়।২
সেই সময়ৰ পিতৃতান্ত্ৰিক ইৰাণী সমাজত ধৰ্মীয় ৰক্ষণশীলসকলে ছোৱালীৰ শিক্ষাৰ তীব্ৰ বিৰোধিতা কৰিছিল।৩ বেছিভাগ মহিলাই নিৰক্ষৰ আছিল, কিয়নো পৰিয়ালবোৰে নিজৰ ছোৱালীক শিক্ষিত কৰিবলৈ প্ৰায়ে অনিচ্ছুক আছিল।৩ ১৯১২ চনত আমিদ-চেমনানীয়ে ছোৱালীৰ বাবে দুটা শাখাৰে এখন বিদ্যালয় স্থাপন কৰে। এটা শাখা দাৰ আল-এলমে পঢ়া-শুনা, গণিত, ভূগোল আৰু বিদেশী ভাষাৰ বিষয়ে আগবঢ়াইছিল।৪ দাৰ আল-এলমত নামভৰ্তিৰ বাবে প্ৰাৰ্থীসকলে শিক্ষা মন্ত্ৰালয়ে নিৰ্ধাৰণ কৰা পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিছিল। আনটো শাখা দাৰ আল-ছানায়েহ আছিল আবমাংগেলত। ইয়াত কলাত্মক বিষয় আৰু হস্তশিল্প যেনে-কাৰ্পেট বোৱা, আৰু হোজাইৰীৰ টিউচন প্ৰদান কৰা হৈছিল।৫৪ পৰিয়ালসমূহক ছোৱালীক স্কুললৈ পঠিয়াবলৈ আৰু পঢ়া শেষ নোহোৱালৈকে স্কুলত ৰাখিবলৈ উৎসাহিত কৰিবলৈ আমিদে বহু ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ নামভৰ্তি কৰিবলৈ অনুমতি দিছিল।৬
আমিদ-চেমনানীয়ে দ্বিতীয়বাৰৰ বাবে ইৰাণৰ মহিলা আলোচনী মুকলি কৰে। ৫৭ মৰিয়ম আমিদে মোজাইন আল-ছালতানেহ নামেৰে কাম কৰি,৮তেওঁ শ্বোকুফেহ (শোকৌফেহ, শ্বোকোফেহ বা শ্বেকুফেহ বুলিও অনুবাদ কৰা হয় আৰু ইয়াৰ অৰ্থ ব্লাছম)ৰ সম্পাদনা আৰু লিখিছিল, যিখন আলোচনী তেহৰাণত প্ৰকাশ পায়৷ ৭৮ বিশেষকৈ নাৰীৰ মাজত অন্ধবিশ্বাস আৰু পুৰণি পৰম্পৰাৰ বিৰুদ্ধে আমিদ-চেমনানীয়ে যুঁজিছিল। তেওঁ শ্বোকুফেহক ব্যৱহাৰ কৰি অত্যাচাৰ আৰু প্ৰতিক্ৰিয়াশীল ধাৰণা উদঙাই দিছিল। ইৰাণৰ নাৰীৰ অনুন্নত পৰম্পৰাক নিন্দা কৰি আমিদ-চেমনানীয়ে বিশ্বৰ অন্যান্য অঞ্চল, বিশেষকৈ ইউৰোপৰ নাৰীৰ পৰিস্থিতিৰ পৰ্যালোচনা আৰু তুলনা কৰিছিল৷ ইৰাণৰ মহিলাৰ সজাগতা বৃদ্ধিৰ বাবে ইয়াক আটাইতকৈ অপৰিহাৰ্য উপায় বুলি বিবেচনা কৰিছিল।
তথ্যসূত্ৰ
- ↑ Women and their achievements feature on billboards in Iran. BBC News
- ↑ (9 August 2012). Women in the Middle East: Past and Present. Princeton University (Accessed 19 April 2020). ISBN 9781400845057
- ↑ Ettehadieh, M. (2004). Women in Iran from 1800 to the Islamic Republic. University of Illinois Press. পৃ. 85–106
- ↑ Latifi, S. (2019-08-22). Remembering the first Iranian woman journalist. Persia Digest
- ↑ The biography of the first female Iranian journalist
- ↑ Azema, L. (2019-10-25). Petits Contes persans non-conventionnels. Courrier International
- ↑ Hendelman-Baavur, L. (2019). Creating the Modern Iranian Woman: Popular Culture between Two Revolutions. Cambridge University Press
- ↑ Keddie, N.R. (2012). Women in the Middle East: Past and Present. Princeton University Press
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৰিয়াম আমিদ” প্ৰবন্ধৰ সংশোধন ৫৭০৮০৪ (২২ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।