অৰ্থনীতিৰ ন'বেল বঁটা বিজয়ী
১৭ প্ৰবন্ধ
-
অমৰ্ত্য সেন
অমৰ্ত্য সেন (Amartya Sen; ১৯৩৩ - বৰ্তমান) এগৰকী বিশিষ্ট ভাৰতীয় অৰ্থনীতিবিদ আৰু দাৰ্শনিক। ১৯৭২ চনৰ পৰা সেনে ইংলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত অধ্যাপনা আৰু কাম কৰি আহিছে৷ ১৯৯৮ চনত সেনে কল্যাণমূলক অৰ্থনীতিৰ দিশত আগবঢ়োৱা অৱদানৰ বাবে অৰ্থনীতিৰ ন'বেল বঁটা লাভ কৰিছিল৷ ইয়াৰোপৰি সেনে সামাজিক নিৰ্বাচন…
-
ডেনিয়েল কাহনেমেন
ডেনিয়েল কাহনেমেন (Daniel Kahneman; ১৯৩৪-২০২৪) হৈছে এগৰাকী ইজৰাইলী-আমেৰিকীয় মনোবিজ্ঞানী আৰু অৰ্থনীতিবিদ। বিচাৰ আৰু সিদ্ধান্ত-গঠনৰ মনোবিজ্ঞানৰ লগতে আচৰণবিষয়ক অৰ্থনীতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেত জনাজাত। 'আচৰণবিষয়ক অৰ্থনীতি'ৰ বাবেই তেখেতে ২০০২ চনত ভাৰ্ণন এল.
-
অভিজিৎ বেনাৰ্জী
অভিজিৎ বিনায়ক বেনাৰ্জী (অভিজিৎ বিনায়ক বন্দ্যোপাধ্যায়; Abhijit Vinayak Banerjee; জন্ম ২১ ফেব্ৰুৱাৰী ১৯৬১) এগৰাকী ভাৰতীয়-আমেৰিকান অৰ্থনীতিবিদ। তেওঁ বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেছাচুচেটছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ অৰ্থনীতিৰ ফৰ্ড ফাউণ্ডেচন ইন্টাৰনেচনেলৰ অধ্যাপক।
-
ইস্থাৰ ডাফ্লো
ইস্থাৰ ডাফ্লো, (; জন্ম ২৫ ১৯৭২) এগৰাকী ফ্ৰেন্স-আমেৰিকান অৰ্থনীতিবিদ। তেওঁ বৰ্তমান মেছাচুচেটছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত দৰিদ্ৰতা নিৰ্মূল আৰু উন্নয়ন অৰ্থনীতিৰ আব্দুল লতিফ জামেল আসনৰ অধ্যাপক। তেওঁ আব্দুল লতিফ জামেল পভাৰ্টি এক্সন লেবৰ সহ প্ৰতিষ্ঠাপক আৰু সহনিৰ্দেশক।
-
জন ফ'ৰ্বছ্ নাশ্ব, কনিষ্ঠ
জন ফ'ৰ্বছ নাছ কনিষ্ঠ (জুন ১৩, ১৯২৮, মে' ২৩, ২০১৫) আমেৰিকাৰ এগৰাকী প্ৰখ্যাত গণিতজ্ঞ আছিল। খেল তত্ত্ব, ডিফাৰেন্সিয়েল জ্যামিতি আৰু আংশিক অৱকলজ সমীকৰণলৈ তেওঁৰ অৱদানৰ বাবে তেওঁক স্মৰণ কৰা হয়।
-
গুইডো ইমবেন্স
গুইডো উইলহেলমাছ ইমবেন্স (Guido Imbens, জন্ম: ৩ ছেপ্টেম্বৰ ১৯৬৩) এগৰাকী ডাচ্চ আমেৰিকান অৰ্থনীতিবিদ। তেওঁ ২০১২ চনৰ পৰা ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ ষ্টেনফৰ্ড গ্ৰেজুৱেট স্কুল অৱ বিজনেছৰ অৰ্থনীতিৰ অধ্যাপক পদত অধিষ্ঠিত।
-
মাইকেল ক্ৰেমাৰ
মাইকেল ৰবাৰ্ট ক্ৰেমাৰ (Michael Robert Kremer; জন্ম ১২ নৱেম্বৰ ১৯৬৪) এগৰাকী আমেৰিকান উন্নয়ন অৰ্থনীতিবিদ। তেওঁ বৰ্তমান হাৰ্ভাড বিশ্ববিদ্যালয়ৰ ডেভলপিং ছ'চাইটিছৰ গেট আসনৰ অধ্যাপক।
-
জছুৱা এংৰিষ্ট
জছুৱা ডেভিদ এংৰিষ্ট (Joshua David Angrist; জন্ম: ১৮ ছেপ্টেম্বৰ, ১৯৬০) এগৰাকী ইজৰাইলী আমেৰিকান অৰ্থনীতিবিদ আৰু মেচাচুচেটছ ইনষ্টিটিউট অৱ টেকন'লজীৰ অধ্যাপক। ২০২১ বৰ্ষত ডেভিদ কাৰ্ড আৰু গুইডো ইমবেন্সৰ সৈতে তেওঁক অৰ্থনীতিৰ ন'বেল স্মাৰক বঁটা প্ৰদান কৰা হয়।
-
ডেভিদ কাৰ্ড
ডেভিদ এডৱাৰ্ড কাৰ্ড (David Card, জন্ম: ১৯৫৬) এগৰাকী কানাডিয়ান আমেৰিকান শ্ৰমিক অৰ্থনীতিবিদ আৰু বাৰ্কলেৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞানৰ অধ্যাপক। তেওঁ জছুৱা এংৰিষ্ট আৰু গুইডো ইমবেন্সৰ সৈতে যুটীয়াভাৱে ২০২১ চনৰ অৰ্থনৈতিক বিজ্ঞানৰ ন'বেল স্মাৰক বঁটা লাভ কৰে।
-
ন'বেল বঁটা বিজয়ী (অৰ্থনীতি)
ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল।
-
প'ল আৰ. মিলগ্ৰম
প'ল ৰবাৰ্ট মিলগ্ৰম (Paul Robert Milgrom; জন্ম: ২০ এপ্ৰিল ১৯৪৮) এগৰাকী আমেৰিকান অৰ্থনীতিবিদ। তেওঁ ১৯৮৭ চনৰ পৰা ষ্টেণ্ডফৰ্ড বিশ্ববিদ্যালয়ৰ মানৱতা আৰু বিজ্ঞান বিভাগৰ শ্বিৰলী আৰু লিওনাৰ্ড এলি আসনৰ অধ্যাপক পদত অধিষ্ঠিত হৈ আছে। তেওঁ অৰ্থনীতিৰ ক্ৰীড়া তত্ত্বৰ বিশেষজ্ঞ।
-
বেংগেট ৰবাৰ্ট হল্মষ্টৰ্ম
বেংগেট ৰবাৰ্ট হল্মষ্টৰ্ম (Bengt Robert Holmström; জন্ম: ১৮ এপ্ৰিল ১৯৪৯) এজন ফিনলেণ্ড দেশীয় অৰ্থনীতিবিদ। তেওঁ বৰ্তমান মাচেচুছেটতছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পল এ. চেমুৱেলচন আসনৰ অধ্যাপক।
-
ৰবাৰ্ট বি. ৱিলচন
ৰবাৰ্ট বাটলাৰ "বব" ৱিলচন জুনিয়ৰ (Robert Butler "Bob" Wilson, Jr; জন্ম: ১৬ মে ১৯৩৭) এগৰাকী আমেৰিকান অৰ্থনীতিবিদ আৰু ষ্টেণ্ডফৰ্ড বিশ্ববিদ্যালয়ত ব্যৱস্থাপনাৰ আডামছ বিশিষ্ট এমিৰিটাছ অধ্যাপক। ২০২০ চনত তেওঁ প'ল আৰ.
-
অলিভাৰ হাৰ্ট
অলিভাৰ চাইমন ডি'আৰ্কি হাৰ্ট ( Oliver Simon D'Arcy Hart) (জন্ম: ১৯৪৮) এজন ব্ৰিটিছ অৰ্থনীতিবিদ। তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এনড্ৰিউ ই. ফুৰাৰ আসনৰ অধ্যাপক।
-
ৰিচাৰ্ড থেলাৰ
ৰিচাৰ্ড এইছ. থেলাৰ (;জন্ম: ১২ ছেপ্টেম্বৰ, ১৯৪৫) এজন আমেৰিকান অৰ্থনীতিবিদ আৰু চিকাগ' বিশ্ববিদ্যালয়ৰ বুথ স্কুল অফ বিজনেছৰ ব্যৱহাৰবাদী অৰ্থনীতিৰ ৰাল্ফ আৰু ডৰথী বিশিষ্ট সেৱা আসনৰ অধ্যাপক। অৰ্থনীতিৰ এক নতুন ধাৰা ব্যৱহাৰবাদী অৰ্থনীতিৰ শাখা ব্যৱহাৰবাদী বিত্তৰ সূত্ৰকাৰ হিচাপে তেওঁ পৰিচিত।
-
ক্লডিয়া গোল্ডিন
ক্লডিয়া ডেল গোল্ডিন (Claudia Dale Goldin; জন্ম: ১৪ মে', ১৯৪৬) এগৰাকী আমেৰিকান অৰ্থনৈতিক ইতিহাসবিদ আৰু শ্ৰম অৰ্থনীতিবিদ। বৰ্তমান তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ হেনৰী লী অধ্যাপক পদত অধিষ্ঠিত।
-
জোয়েল মোকিৰ
জোয়েল মোকিৰ (יואל מוקיר) এগৰাকী আমেৰিকান অৰ্থনৈতিক ইতিহাসবিদ। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ অৰ্থনীতি আৰু বুৰঞ্জীৰ অধ্যাপক আৰু কলা আৰু বিজ্ঞানৰ ৰবাৰ্ট ষ্ট্ৰট্জ অধ্যাপক। তদুপৰি, তেওঁ ইজৰাইলৰ টেল আভিভ বিশ্ববিদ্যালয়ৰ এইটান স্কুল অৱ ইকনমিক্সত চেক্লাৰ প্ৰেফচৰিয়েল ফেল'।