ডেভিদ এডৱাৰ্ড কাৰ্ড (David Card, জন্ম: ১৯৫৬) এগৰাকী কানাডিয়ান আমেৰিকান শ্ৰমিক অৰ্থনীতিবিদ আৰু বাৰ্কলেৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞানৰ অধ্যাপক। তেওঁ জছুৱা এংৰিষ্ট আৰু গুইডো ইমবেন্সৰ সৈতে যুটীয়াভাৱে ২০২১ চনৰ অৰ্থনৈতিক বিজ্ঞানৰ ন'বেল স্মাৰক বঁটা লাভ কৰে। কাৰ্ডে "শ্ৰমিক অৰ্থনীতিত তেওঁৰ অভিজ্ঞতামূলক অৱদানৰ বাবে" বঁটাৰ লগত মুঠ ধনৰাশিৰ অৰ্ধাংশ লাভ কৰে আৰু বাকী অৰ্ধাংশ এংৰিষ্ট আৰু ইমবেন্সে "কাৰণমূলক সম্পৰ্কৰ বিশ্লেষণত তেওঁলোকৰ পদ্ধতিগত অৱদানৰ বাবে" বঁটাটোৰ এক চতুৰ্থাংশকৈ লাভ কৰে।১২
তথ্যসূত্ৰ
- ↑ The Sveriges Riksbank Prize in Economic Sciences in Memory of Alfred Nobel 2021. NobelPrize.org
- ↑ (October 11, 2021). Canadian-born David Card among 3 winners of Nobel in economics. CBC News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডেভিদ কাৰ্ড” প্ৰবন্ধৰ সংশোধন ৩০৪০২৫ (১৮ অক্টোবৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।