অসম শক্তি উৎপাদন নিগম লিমিটেড (Assam Power Generation Corporation Limited; চমুকৈ APGCL) হৈছে অসম চৰকাৰধীন ৰাজহুৱা খণ্ডৰ এক উদ্যোগ। পূৰ্বৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদক পুনৰ্গঠন কৰি ২০০৩ চনত বিদ্যুৎ আইন'২০০৩ৰ অধীনত এই কোম্পানীটোৰ জন্ম দিয়া হয়। ব্যৱসায়িক কাম-কাজ আৰম্ভ হয় ২৯ এপ্ৰিল ২০০৪ৰ পৰা।
অসম ৰাজ্যত প্ৰয়োজন হোৱা বিদ্যুতৰ চাহিদা পূৰাবলৈ সৰ্বোচ্চ পৰিমাণৰ বিদ্যুৎ শক্তিৰ উৎপাদন কৰাটোৱেই এই বিশেষ কোম্পানীৰ মুখ্য উদ্দেশ্য।১ বৰ্তমান কোম্পানীৰ নিজা উৎপাদন হৈছে ৩৮০.২ মেগাৱাট। ইয়াৰে ৩০% উৎপাদন জল-বিদ্যুৎ প্ৰকল্প আৰু ৭০% উৎপাদন তাপ বিদ্যুৎ প্ৰকল্পৰ পৰা আহৰণ কৰা হয়।২
লক্ষ্য
কোম্পানীৰ লক্ষ্য হৈছে "বহনক্ষম ভিত্তিত আৰু প্ৰতিযোগিতামূলক মূল্যত নিৰ্ভৰযোগ্য আৰু মানবিশিষ্ট বিদ্যুৎ শক্তি উপলব্ধ কৰোৱা।"৩
কাৰ্যক্ষম প্ৰকল্প
বৰ্তমান সময়ত এই কোম্পানীৰ অধীনত পাঁচটা সৰু-বৰ প্ৰকল্প কাৰ্যক্ষম হৈ আছে। সেইকেইটা হৈছে-
- নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰ, ডিব্ৰুগড়। (৯৯.৫ মেগাৱাট)
- লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰ, চৰাইদেউ। (৯৭.২ মেগাৱাট)
- লাকুৱা তাপ বিদ্যুৎ প্ৰকল্প, চৰাইদেউ। (৭০ মেগাৱাট)
- কাৰ্বি লাংপি জল-বিদ্যুৎ প্ৰকল্প। (১০০ মেগাৱাট)
- মিনট্ৰিয়াং ক্ষুদ্ৰ জল-বিদ্যুৎ প্ৰকল্প (দ্বিতীয় পৰ্যায়)। (১৩.৫ মেগাৱাট)৪
নিৰ্মীয়মান প্ৰকল্প
নামৰূপৰ বিদ্যুৎ কেন্দ্ৰস্থিত বৰ্তমানৰ ঠাইতে এটা নতুন ১০০ মেগাৱাট শক্তিসম্পন্ন প্ৰকল্পৰ নিৰ্মাণ কৰি থকা হৈছে। নামৰূপ প্ৰতিষ্ঠাপন শক্তি প্ৰকল্প হিচাপে ইয়াৰ নামকৰণ কৰা হৈছে।৫
বিশেষ পদাধিকাৰী
বৰ্তমান এপিজিচিএলৰ অধ্যক্ষ হৈছে বিনোদ কুমাৰ পিপাৰছেনিয়া আৰু শ্ৰীমতি কল্যাণী বৰুৱা হৈছে শক্তি উৎপাদন কোম্পানীটোৰ পৰিচালন সঞ্চালক।৬
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম শক্তি উৎপাদন নিগম লিমিটেড” প্ৰবন্ধৰ সংশোধন ৩৮৪৬৮৩ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।