অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

অসম ৰাজ্যিক মহিলা আয়োগ

অসম ৰাজ্যিক মহিলা আয়োগ (Assam State Commission for Women) বা অসম ৰাজ্যিক মহিলা আয়ুক্তালয় অসম ৰাজ্যত মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়বোৰৰ মোকাবিলা কৰিবলৈ গঠন কৰা এক বিধিবদ্ধ সংস্থা। ৰাজ্যখনত মহিলাসকলৰ কল্যাণৰ বাবে এই আয়োগ অসম চৰকাৰে এক অৰ্ধ-ন্যায়িক সংস্থা হিচাপে স্থাপন কৰিছিল।

হালনাগাদ: ১৫ মাৰ্চ ২০২৫ ৫১৮ শব্দ · ৩ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

অসম ৰাজ্যিক মহিলা আয়োগ (Assam State Commission for Women) বা অসম ৰাজ্যিক মহিলা আয়ুক্তালয় অসম ৰাজ্যত মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়বোৰৰ মোকাবিলা কৰিবলৈ গঠন কৰা এক বিধিবদ্ধ সংস্থা। ৰাজ্যখনত মহিলাসকলৰ কল্যাণৰ বাবে এই আয়োগ অসম চৰকাৰে এক অৰ্ধ-ন্যায়িক সংস্থা হিচাপে স্থাপন কৰিছিল। ই অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ এক স্বায়ত্ত্বশাসিত সংগঠন। ইয়াৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ বেলতলাত অৱস্থিত।

ইতিহাস আৰু উদ্দেশ্য

১৯৯২ চনৰ জানুৱাৰী মাহত ভাৰতৰ সংবিধানৰ নিৰ্দেশনা মৰ্মে ভাৰতীয় সংসদে ৰাষ্ট্ৰীয় মহিলা আয়োগ, ১৯৯০ বিধেয়কৰ যোগেৰে ৰাষ্ট্ৰীয় মহিলা আয়োগ প্ৰতিষ্ঠা কৰিছিল।১২ ইয়াৰ ৰাজ্যিক স্তৰত থকা শাখাক ৰাজ্যিক মহিলা আয়োগ বোলে।

অসম ৰাজ্যৰ মহিলা সম্পৰ্কীয় বিষয়বোৰ অধ্যয়ন কৰাৰ উপৰিও মহিলা সম্পৰ্কীয় নিৰ্দিষ্ট সমস্যাৰ অনুসন্ধান কৰিবলৈ ১৯৯৩ চনত অসম ৰাজ্যিক মহিলা আয়োগ গঠন কৰা হৈছিল।৩ এই আয়োগ মহিলাসকলৰ অধিকাৰ সুৰক্ষিত কৰা আৰু তেওঁলোকে পৰিয়াল আৰু সমাজত সন্মুখীন হোৱা যিকোনো ধৰণৰ নিৰ্যাতন আৰু সমস্যাৰ বিৰুদ্ধে তেওঁলোকৰ সুৰক্ষা আৰু সমতা নিশ্চিত কৰাৰ ক্ষমতাৰে সজ্জিত।

এই আয়োগ মহিলাৰ সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰা, প্ৰাসঙ্গিক আইন উলংঘন বা সুযোগ অস্বীকাৰ বা মহিলাসকলক যিকোনো অধিকাৰৰ পৰা বঞ্চিত কৰাৰ ক্ষেত্ৰত সময়মতে হস্তক্ষেপৰ জৰিয়তে লিংগ-আধাৰিত সমস্যাবোৰ নিয়ন্ত্ৰণ কৰা, মহিলা-আধাৰিত বিষয়ত ৰাজ্য চৰকাৰক পৰামৰ্শ দিয়া আৰু মাজে মাজে ৰাজ্যখনত মহিলা-আধাৰিত আইনসম্পৰ্কে জনসাধাৰণৰ আগত সজাগতা সৃষ্টিৰ বাবে পদক্ষেপ লোৱাৰ উদ্দেশ্যৰে গঠন কৰা হৈছিল।

অসম ৰাজ্যিক মহিলা আয়োগে ৰাজ্যখনৰ যিকোনো প্ৰকাৰৰ পৰা যিকোনো মহিলা আধাৰিত সমস্যাৰ অভিযোগ দাখিল কৰাৰ বাবে ৰাজ্যখনৰ মহিলাসকলৰ বাবে নিজা ৱেবছাইট মুকলি কৰিছে।৪৫

গঠন

অসম ৰাজ্যিক মহিলা আয়োগ এগৰাকী অধ্যক্ষ আৰু ৪ গৰাকী সদস্যৰ সৈতে গঠন কৰা হয়। ড° হেমপ্ৰভা বৰঠাকুৰ বৰ্তমান অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ।৪ তেওঁ আন সদস্যসকলৰ সৈতে ৩ বছৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিব।

কাৰ্য্যাৱলী

অসম ৰাজ্যিক মহিলা আয়োগৰ মুখ্য উদ্দেশ্য হৈছে মহিলাৰ অধিকাৰৰ বাবে প্ৰতিনিধিত্ব কৰা। ইয়াৰ লগতে তেওঁলোকৰ দাবী আৰু চিন্তাৰ এক মঞ্চ প্ৰদান কৰা। তেওঁলোকৰ মুখ্য বিষয় সমূহ হ'ল, যৌতুক, ৰাজনীতি, কৰ্মত মহিলাৰ সমান প্ৰতিনিধিত্ব আৰু কৰ্মক্ষেত্ৰত মহিলাৰ শোষণ ইত্যাদি। ইয়াৰ লগতে আৰক্ষীয়ে মহিলাৰ প্ৰতি কৰা দুৰ্ব্যৱহাৰৰ বিৰুদ্ধেও আয়োগে মাত মাতে।

অসম ৰাজ্যিক মহিলা আয়ুক্তালয়ৰ সাংবিধানিক কাৰ্য্যাৱলী সমূহ হ'ল৬-

  • সংবিধান আৰু অন্য আইনৰ অধীনত প্ৰদান কৰা মহিলা সুৰক্ষা ব্যৱস্থাটোৰ তদন্ত কৰা আৰু পৰীক্ষণ কৰা।
  • সুৰক্ষা ব্যৱস্থাৰ প্ৰচলনৰ বিষয়ে বাৰ্ষিক প্ৰতিবেদন প্ৰস্তুত কৰি অসম চৰকাৰক প্ৰদান কৰা বা অন্য সময়ত আয়ুক্তালয়ো ইয়াৰ বাবে উপযুক্ত হয়।
  • ৰাজ্যৰ মহিলা সকলৰ স্থিতি উন্নয়নৰ বাবে সুৰক্ষা ব্যৱস্থাৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে পৰামৰ্শ প্ৰদান কৰা আৰু ইয়াৰ বাবে প্ৰতিবেদন প্ৰস্তুত কৰা।
  • সংবিধান ব্যৱস্থাৰ বাহাল থকা সুবিধা সমূহৰ উপৰিও আন আন আইন-কানুন সমূহ সময়ে সময়ে পৰ্য্যবেক্ষণ বা বিশ্লেষণ কৰা আৰু প্ৰয়োজন অনুসাৰে ইয়াৰ সংশোধনৰ পৰামৰ্শও প্ৰদান কৰা।
  • মহিলা সম্বন্ধীয় সংবিধান বাহাল থকা ব্যৱস্থা বা অন্যান্য নিয়ম-কানুন সমূহ উলংঘা কৰা সকলৰ বিৰুদ্ধে সঠিক কৰ্তৃপক্ষৰ সৈতে মিলি উচিত ব্যৱস্থা গ্ৰহণ কৰা।৭
  • অভিযোগ সমূহৰ প্ৰতি চকু ৰখা আৰু লগতে মহিলা অধিকাৰৰ পৰা বঞ্চিত হোৱা, মহিলা সুৰক্ষা সম্পৰ্কীয় আইন-কানুন ৰূপায়ণ নকৰা, মহিলা সকলৰ কল্যাণ আৰু তেওঁলোকক সকাহ প্ৰদান সুনিশ্চিত কৰা নীতি-নিৰ্দেশনা বা পৰামৰ্শ নমনা ইত্যাদি বিষয় সমূহৰ বিপৰিতে চো-মোতো জাননী গ্ৰহণ কৰা।
  • মহিলা সম্পৰ্কীয় সমস্যা সমূহৰ বিষয়ে বিশেষ অধ্যয়ন কৰা বা তদন্ত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা।
  • সকলো ক্ষেত্ৰতে মহিলা সকলৰ প্ৰতিনিধিত্ব সুনিশ্চিত কৰিব পৰা পথৰ অনুসন্ধান কৰিবলৈ প্ৰচাৰগত আৰু শিক্ষাগত গৱেষণা কৰা আৰু মহিলা সকলক আগুৱাই যোৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা উপাদান সমূহ চিনাক্ত কৰা।
  • সম-অধিকাৰ সম্পৰ্কীয় আইন ভংগ কৰা, মহিলা অধিকাৰ আৰু সমান সুবিধা উপভোগৰ পৰা বঞ্চিত হোৱা আদি বিষয় সমূহত হস্তক্ষেপৰ জৰিয়তে লিংগ-সমতা স্থাপন কৰা।
  • ৰাজ্যত হিংসাৰ বলি হোৱা মহিলা, সংকটত থকা মহিলা সকলক উপদেশ-পৰামৰ্শ আৰু সাহায্য প্ৰদান কৰা।
  • মহিলা সকলক বন্দী কৰি ৰখা জেইল বা এনে আন আন স্থান সমূহ পৰিদৰ্শন কৰা আৰু প্ৰয়োজন অনুসাৰে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে মিলি সংশোধনী ব্যৱস্থা গ্ৰহণ কৰা।
  • বহু সংখ্যক মহিলাৰ ক্ষতি সাধন কৰা বিষয় সামৰি লোৱা পুঁজি গোচৰ; মহিলা সম্পৰ্কীয় যি কোনো বিষয় সম্পৰ্কে সময় সাপেক্ষ প্ৰতিবেদন চৰকাৰক প্ৰদান কৰা।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ NCW:: About NCW. ncw.nic.in. National Commission for Women
  2. ↑ Act No. 20 of 1990 of Govt. of India
  3. ↑ Rajagopalan, Swarna. (30 May 2016). Why National and State Women’s Commissions are important and should be held accountable. dnaindia.com
  4. ↑ (1 February 2021). Assam State Commission for Women (ASCW) launches website www.sentinelassam.com/guwahati-city/assam-state-commission-for-women-ascw-launches-website-522863. sentinelassam.com
  5. ↑ (31 January 2021). Assam State Commission for Women launches official website, Facebook page, Twitter handle. nenow.in
  6. ↑ (22 July 2014). Assam State Commission for Women (ASCW) solves less than 50% cases in 10 years. dnaindia.com
  7. ↑ (18 September 2019). Assam horror: Women Commission records statements of three sisters ‘stripped and tortured’ by cops. newindianexpress

সম্পৰ্কিত শ্ৰেণী

অসমৰ চৰকাৰী সংস্থা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম ৰাজ্যিক মহিলা আয়োগ” প্ৰবন্ধৰ সংশোধন ৪৯২২২১ (১৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।