অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

তাল পিঠা

তাল পিঠা হৈছে এবিধ পিঠা বিশেষ। পিঠাগুৰি, গুৰ বা চেনি আৰু তালৰ ৰস ব্যৱহাৰ কৰি এই পিঠা বনোৱা হয়। এই পিঠা সুগন্ধি আৰু স্বাস্থ্যসন্মত। অসমৰ লগতে ওচৰ চুবুৰীয়া ৰাজ্য সমূহত তালপিঠা বিভিন্ন কৌশল প্ৰয়োগেৰে বনোৱা হয়। তালপিঠা, ভাপত দি বা তেলত ভাঁজি তৈয়াৰ কৰিব পাৰি।

হালনাগাদ: ১২ মে’ ২০২১ ১৬৪ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

তাল পিঠা হৈছে এবিধ পিঠা বিশেষ। পিঠাগুৰি, গুৰ বা চেনি আৰু তালৰ ৰস ব্যৱহাৰ কৰি এই পিঠা বনোৱা হয়। এই পিঠা সুগন্ধি আৰু স্বাস্থ্যসন্মত। অসমৰ লগতে ওচৰ চুবুৰীয়া ৰাজ্য সমূহত তালপিঠা বিভিন্ন কৌশল প্ৰয়োগেৰে বনোৱা হয়। তালপিঠা, ভাপত দি বা তেলত ভাঁজি তৈয়াৰ কৰিব পাৰি।

উপলব্ধতা

পশ্চিমবংগ, ত্ৰিপুৰা, অসম, মিজোৰাম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ওড়িশা, ঝাৰখণ্ড, আৰু বিহাৰত তালৰ পিঠা বিভিন্ন কৌশল প্ৰয়োগেৰে বনোৱা হয়। পকা তালৰ ৰসৰ পৰা নিৰ্গত সুগন্ধিয়ে এই পিঠাত বিশেষ সোৱাদ প্ৰদান কৰে।

প্ৰয়োজনীয় সামগ্ৰী

  • পকা তাল,
  • পিঠা গুড়ি,
  • চেনি বা গুৰ আৰু
  • ৰিফাইন তেল অথবা ডালডাৰ

ৰন্ধন শৈলী

প্ৰথমতে ভালদৰে পকা তালটোৰ ওপৰৰ ক’লা বাকলিটো কাটি পেলাই তালৰ গুটিটোৰ ওপৰত জাবৰুৱা ৰসাল হালধীয়া অংশটো অলপ পানীলোৱা এটা ডাঙৰ পাত্ৰত থৈ দুহাতেৰে সেইটো মোহাৰি থাকিলে ৰস ওলায়। তাৰ পিছত গুটিটো পেলাই দি ৰসখিনি পৰিষ্কাৰ পাতল কাপোৰেৰে ছেকিলে পুনৰবাৰ আন এখন কাপোৰেৰে মণ্ডখিনি বান্ধি অলপ সময় ওলোমাই থব লাগে। তিতালগা পনীয়া ৰসখিনি ওলাই যোৱাৰ পিছত তালৰ লগত পিঠাগুড়ি আৰু অলপ চেনি মিহলাই কেৰাহীত গৰম তেল বা ডালডাত মালপোৱাৰ আকাৰত ভাজি ল’লেই তালপিঠা খোৱাৰ বাবে উপযোগী হয়।১

তথ্যসূত্ৰ

  1. ↑ ড॰ নাৰায়ণ দাস, ড॰ পৰমানন্দ ৰাজবংশী. অসমীয়া সংস্কৃতিৰ কণিকা

সম্পৰ্কিত শ্ৰেণী

অসমৰ খাদ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তাল পিঠা” প্ৰবন্ধৰ সংশোধন ২৭৫৬৯৫ (১২ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।