তিল পিঠা বা খোলাচপৰীয়া পিঠা হৈছে অসমীয়া লোকসকলে বিহু বা অন্যান্য অনুষ্ঠানত খাবৰ বাবে তৈয়াৰ কৰা এক পিঠা বিশেষ। এই পিঠাৰ বৰণ বগা, ভিতৰত তিল, গুৰ, নাৰিকলৰ প্ৰলেপ এটা থাকে। ইয়াৰ আকৃতি চুঙা বা অৰ্ধচন্দ্ৰৰ দৰে। শুকান পিঠাগুৰিৰে তৈয়াৰ কৰা ই এক তেল বিহীন খাদ্য।
প্ৰয়োজনীয় সামগ্ৰী
- মিহিকৈ খুন্দা বৰা চাউলৰ গুৰি,
- গুৰ বা চেনি,
- নাৰিকল বা তিল১
প্ৰস্তুত কৰণ পদ্ধতি
কেঁচা পিঠাগুৰিৰ এটা পাতল প্ৰলেপ গৰম টাৱা, কেৰাহী বা তেনে জাতীয় ৰন্ধন পাত্ৰৰ ওপৰত মেলি তাৰ মাজত তিল আৰু গুড়ৰ মিশ্ৰণ দি দুয়োফালৰ পৰা ভাঁজ কৰি নুৰা বান্ধি এই পিঠা প্ৰস্তুত কৰা হয়। পিঠাগুৰিৰ এই ভাঁজ নুৰা বন্ধা বা চুঙাৰ দৰে হ’লে তাক তিল পিঠা আৰু অৰ্ধচন্দ্ৰাকাৰ হ’লে তাক জোন পিঠা বোলে। মাজত দিয়া মিশ্ৰণটো সলাই চেনি আৰু নাৰিকলৰ মিশ্ৰণো দিয়া হয়। তেতিয়া এই পিঠাক নাৰিকল দিয়া তিল পিঠা বুলিও কোৱা হয়। তিল পিঠাৰ পিঠাগুৰি খুন্দি মিহি চালনিৰে চলাৰ পাছত সেমেকা ভাৱটো নাযাবৰ বাবে সাৱধান হ’ব লাগে। পিঠাগুৰিখিনি শুকাই গ'লে বা খৰচীয়া হ'লে পিঠা সাজিবলৈ অসুবিধা হয়। পুৰণি বৰা চাউল হ'লেও তিল পিঠা সাজিবলৈ অসুবিধা। টিলখিনি প্ৰথমে ভাজি লৈ সামান্য খুন্দি লোৱা হয়। এই তিলৰ গুৰাৰ সৈতে বালি অঁহিয়া গুৰ মিহিকৈ কাটি মিশ্ৰণ কৰা হয়। নতুবা নাৰিকল ৰুকি ইয়াৰ পৰা ৰসখিনি চেপি উলিয়াই লৈ চেনিৰ সৈতে মিশ্ৰণ কৰা হয়। অতীজত ইয়াক মাটিৰ খোলাত বনাইছিল বাবে ইয়াক খোলাচপৰীয়া পিঠাও বোলা হয়। কাঠ খৰিৰ জুইত বনোৱা হয় বাবে তিল পিঠাত এক জুইৰ ধোঁৱাৰ বিশেষ সোৱাদ মিহলি হয়। তেল নোহোৱাকৈ বনোৱা হয় বাবে পিঠা গুৰিৰ আৱৰণটো খাবলৈ মচমচিয়া হয় আৰু ভিতৰৰ তিল গুৰ বা নাৰিকল চেনিৰ মিশ্ৰণটোৱে জিভালৈ মিঠা সোৱাদ আনে।২
তথ্যসূত্ৰ
- ↑ উমেশ বৈশ্য. (১৯৭৭). তিল পিঠা. পূৰ্বাঞ্চল প্ৰকাশনী. পৃ. ৭৫/৮৫
- ↑ 10 traditional sweets from across India: Kharvas to Til Pitha, Ghevar to Unnakai
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তিল পিঠা” প্ৰবন্ধৰ সংশোধন ২৭৩১২৭ (৪ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।