পিতাং অয়িং হৈছে অসমৰ মিচিংসকলৰ পৰম্পৰাগত এবিধ আমিষ ব্যঞ্জন।১ থলুৱা কুকুৰাৰ মাংস পিঠাগুড়িৰ সৈতে ৰান্ধি পিতাং অয়িং প্ৰস্তুত কৰা হয়। আক্ষৰিক অৰ্থত 'পিতাং' মানে হৈছে চাউলৰ গুড়ি আৰু 'অয়িং' শব্দই আঞ্জাক বুজায়। যুটীয়াকৈ 'পিতাং অয়িং' মানে হৈছে পিঠাগুড়িৰ সৈতে ৰন্ধা কুকুৰাৰ মাংস।
উপকৰণ
পিতাং অয়িং প্ৰস্তুত কৰিবলৈ প্ৰয়োজনীয় মূল উপকৰণসমূহ হৈছে থলুৱা কুকুৰাৰ মাংস আৰু চাউলৰ গুড়ি (পিঠাগুড়ি)। বৰা চাউল বা আঠাজাতীয় চাউলৰ বাদে যিকোনো চাউলৰ গুড়ি ব্যৱহাৰ কৰিব পৰা যায়। ইয়াৰ উপৰিও মিঠাতেল, পিঁয়াজ, নহৰু, আদা, জলকীয়া, তেজপাত, নিমখ, জালুকৰ গুড়ি, হালধি আদি সাধাৰণ উপকৰণো ইয়াত ব্যৱহৃত হয়। কেঁচা ধনীয়া আৰু লঙো ব্যঞ্জনবিধত যোগ কৰিব পাৰি।২
ৰন্ধন প্ৰণালী
পিতাং অয়িং দুই ধৰণে প্ৰস্তুত কৰা হয়। প্ৰথমটো পদ্ধতিত তেলৰ ব্যৱহাৰ কৰি মাংসখিনি প্ৰথমে ভাজি লোৱা হয়। দ্বিতীয় পদ্ধতিত তেলৰ ব্যৱহাৰ নকৰাকৈ কেৱল পানীত সিজাই ব্যঞ্জনবিধ ৰন্ধা হয়।
পিতাং অয়িং প্ৰস্তুত কৰিবলৈ প্ৰথমতে কুকুৰাৰ মাংসখিনি পৰিষ্কাৰ কৰি সৰু সৰুকৈ কাটি লোৱা হয়। চাউলখিনি কিছুসময় পানীত তিয়াই থোৱাৰ পিছত ভালদৰে ধুই লোৱা হয়। ইয়াৰ পিছত চাউলখিনি খৰচি ৰূপত পিহি লোৱা হয়। এটা পাত্ৰত তেল গৰম কৰি পিঁয়াজ, নহৰু আদি আনুষংগিক উপাদানসমূহ যোগ দি মাংসখিনি কিছুসময় ভাজি থকা হয়। ইয়াৰ পিছত পানী দি উতল আহিলে লাহে লাহে চাউলৰ গুড়িখিনি অলপ অলপকৈ দি মাংসখিনি লৰাই থকা হয়। জোখমতে নিমখ, জলকীয়া আদি যোগ কৰাৰ পিছত সিজি যোৱালৈকে পিতাং অয়িংখিনি ৰান্ধি সৰ্বশেষত কেঁচা ধনীয়াৰ পাত কুটি দি জুইৰপৰা ইয়াক নমাই থোৱা হয়।৩১ সাধাৰণতে পিতাং অয়িং ভাত বা পুৰাং আপিন (তৰাপাতত দিয়া ভাত) আদিৰ সৈতে পৰিৱেশন কৰা হয়। কোনো কোনোৱে আলু বা অন্য পাচলিও পিতাং অয়িঙত যোগ কৰে।
বহুক্ষেত্ৰত তেলৰ ব্যৱহাৰ নকৰাকৈয়ো পিতাং অয়িং ৰন্ধা হয়। এই পদ্ধতিত কেৰাহীত পানী উতলাই তাত চাউলৰ গুড়িখিনি অলপ অলপকৈ যোগ কৰি লৰাই থকা হয়। ইয়াৰ পিছত কুকুৰাৰ মাংস,ৰ্নিমখ, জলকীয়া, পিঁয়াজ, নহৰু, পাচলি আদি যোগ দি সিজালৈকে উতলাই থকা হয়।
সমতুল্য ব্যঞ্জন
মিচিংসকলৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ মাজত পিঠাগুড়িৰ সৈতে থলুৱা কুকুৰাৰ মাংস ৰান্ধি খোৱাৰ পৰম্পৰা আছে। ডিমাচা জনগোষ্ঠীৰ ডাওন'হেইন হন, বড়োসকলৰ অনলা জং ডাও জং, নগাসকলৰ আও জনগোষ্ঠীৰ আমছু৪ আদি ব্যঞ্জনৰ সৈতে পিতাং অয়িঙৰ ওচৰ সম্পৰ্ক দেখা যায়।
তথ্যসূত্ৰ
- ↑ Atul Lahkar. (Nov 28, 2019). Pithagurir Lagat Kukura Mangkha. scroll.in
- ↑ Ranita Ray. (January 25, 2023). Pitang Oiying Or Chicken In Rice Flour Gravy Of Assam's Mising Tribe, A Rare Delicacy. slurrp.com
- ↑ (Sep 12, 2017). Chicken with Rice Flour Recipe. recipes.timesofindia.com
- ↑ Akum Raj Jamir. (24 Dec 2019). Amsu / Chicken With Rice Flour / Chicken Porridge. atmykitchen.net
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিতাং অয়িং” প্ৰবন্ধৰ সংশোধন ৪৩৩৬৮২ (২৬ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।