অষ্ট্ৰিয়াৰ ব্যক্তি
২০ প্ৰবন্ধ
-
এডল্ফ হিটলাৰ
এডল্ফ হিটলাৰ (Adolf Hitler; ২০ এপ্ৰিল ১৮৮৯ – ৩০ এপ্ৰিল ১৯৪৫) মানৱ-ইতিহাসৰ সৰ্বাধিক বিতৰ্কিত লোকসকলৰ মাজৰ এজন, তৃতীয় ৰেইকৰ কালছোৱাত জাৰ্মানীৰ এজন ৰাজনীতিবিদ তথা নাজী দলৰ (National Socialist German Workers Party) নেতা আছিল। তেখেত আছিল দ্বিতীয় বিশ্বযুদ্ধৰ মূল হোতা আৰু ইহুদী গণহত্যাৰ কাৰক আছিল।
-
চিগ্মণ্ড ফ্ৰয়েড
চিগ্মণ্ড ফ্ৰয়েড (Sigmund Freud; ৬ মে' ১৮৫৬ - ২৩ ছেপ্টেম্বৰ ১৯৩৯) হৈছে অষ্ট্ৰিয়াৰ এজন স্নায়ুচিকিৎসাবিজ্ঞানী তথা মনোবিশ্লেষণৰ উদ্ভাৱক, ই হৈছে ৰোগী আৰু মনোবিশ্লেষকৰ মাজত বাৰ্তালাপৰ জৰিয়তে মানসিক ৰোগৰ মূল্যাঙ্কন আৰু চিকিৎসা কৰাৰ এক ক্লিনিকেল পদ্ধতি।
-
আৰৱিন শ্ৰুডিঙগাৰ
আৰৱিন ৰুডলফ জচেফ আলেকজাণ্ডাৰ শ্ৰুডিঙগাৰ (Erwin Rudolf Josef Alexander Schrödinger; ১২ আগষ্ট ১৮৮৭ – ৪ জানুৱাৰী ১৯৬১) এজন প্ৰখ্যাত অষ্ট্ৰিয়ান ভৌতবিজ্ঞানী আছিল। তেওঁ কুৱাণ্টাম তত্ত্বৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল আৰু ১৯৩৩ চনত পল ডিৰাকৰ সৈতে মিলি নবেল বঁটা লাভ কৰিছিল।
-
পিটাৰ হেণ্ডকে
পিটাৰ হেণ্ডকে (; জন্ম ৬ ডিচেম্বৰ ১৯৪২) এগৰাকী অষ্ট্ৰিয়ান ঔপন্যাসিক, নাট্যকাৰ, চিত্ৰনাট্যকাৰ আৰু অনুবাদক। তেওঁ ২০১৯ চনৰ সাহিত্যৰ নোবেল বঁটা লাভ কৰে।
-
আডাম ৰেইনাৰ
আডাম ৰেইনাৰ (১৮৯৯– ৪ মাৰ্চ ১৯৫০) এজন অষ্ট্ৰিয় লোক যি লিখিত ইতিহাসত একেলগে বাওনা আৰু অতিকায় বুলি চিহ্নিত একেমাত্ৰ লোক। তেওঁৰ এক্ৰ'মেগেলী ৰোগ আছিল বুলি বিশ্বাস কৰা হয়।
-
এগনেচ টাইৰেল
এগনেছ টাইৰেল (Agnes Tyrrell ), যাৰ জন্ম ২০ ছেপ্টেম্বৰ ১৮৪৬ চন আৰু মৃত্যু ১৮ এপ্ৰিল ১৮৮৩ চন আছিল, তেওঁ আছিল ইংৰাজী আৰু চেক বংশৰ এগৰাকী সুৰকাৰ আৰু পিয়ানোবাদক।
-
এলচি বাৰ্লো
এলচি ফ্ৰেডেৰিকা বাৰ্লো (১৮৭৬ – ১৫ নৱেম্বৰ ১৯৪৮) এগৰাকী অষ্ট্ৰেলীয় চিত্ৰশিল্পী আৰু প্ৰিণ্টমেকাৰ আছিল। তেওঁ টুয়েণ্টি মেলবোৰ্ন পেইণ্টাৰ্ছ ছ’চাইটিৰ অন্যতম প্ৰতিষ্ঠাপক সদস্যা আছিল। তেওঁ ক্যাসেলমেইনত একক প্ৰদৰ্শনী অনুষ্ঠিত কৰা প্ৰথমগৰাকী মহিলা শিল্পী আছিল।
-
এৰিকা এবেলাচ ডি এলবাৰ্ট
এৰিকা এবেলছ ডি আলবাৰ্ট, যি এৰিকা এবেলছ নামেৰেও পৰিচিত, (১৮৯৬–১৯৭৫) এগৰাকী অষ্ট্ৰিয়ান চিত্ৰশিল্পী আৰু গ্ৰাফিক শিল্পী আছিল।
-
কাথাৰিণা মাজেপা
কাথাৰিণা মাজেপা (ইংৰাজী: Katharina Mazepa; জন্ম: ১৯ আগষ্ট ১৯৯৫) এগৰাকী অষ্ট্ৰিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০১৪ চনৰ মিছ ভিয়েনা খিতাপ জয় কৰি চৰ্চালৈ আহিছিল। কাথাৰিণা মাজেপা বৰ্তমান এগৰাকী আন্তঃৰাষ্ট্ৰীয় মডেল হিচাপে বিশ্বৰ বিভিন্ন আগশাৰীৰ ফেশ্বন ব্ৰেণ্ডৰ সৈতে কাম কৰি আহিছে।
-
জুলিয়া ফুৰ্ডিয়া
জুলিয়া ফুৰ্ডিয়া (ইংৰাজী: Julia Furdea; জন্ম: ১৯ জুলাই ১৯৯৪) এগৰাকী ৰোমানিয়ান-অষ্ট্ৰিয়ান মডেল, টেলিভিছন ঘোষিকা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০১৪ চনৰ মিছ অষ্ট্ৰিয়া খিতাপ অৰ্জন কৰিছিল আৰু লণ্ডনত অনুষ্ঠিত মিছ ৱৰ্ল্ড ২০১৪ আৰু ফ্লৰিডাৰ ডৰালত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ২০১৪ প্ৰতিযোগিতাত নিজৰ…
-
জোছেফ হেইডেন
জোছেফ হেইডেন (৩১ মাৰ্চ ১৭৩২ – ৩১ মে' ১৮০৯) এগৰাকী অষ্ট্ৰিয়ান ধ্ৰুপদী সংগীতৰ যুগৰ সংগীতজ্ঞ আছিল। তেওঁ ষ্ট্ৰিং কোৱাৰ্টেট আৰু পিয়ানো ট্ৰিঅ'-ৰ দৰে চেম্বৰ সংগীতৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
-
ঝা ঝা গাবৰ
ঝা ঝা গাবৰ (জন্ম: চাৰি গাবৰ; ৬ ফেব্ৰুৱাৰী ১৯১৭ – ১৮ ডিচেম্বৰ ২০১৬) এগৰাকী হাংগেৰীয়ান-আমেৰিকান ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ আৰু অভিনেত্ৰী আছিল। তেওঁৰ ভনীয়েকসকল আছিল ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ মাগদা গাবৰ আৰু অভিনেত্ৰী তথা ব্যৱসায়ী ইভা গাবৰ।
-
ফ্ৰান্জ সুবৰ্ট
ফ্ৰান্জ সুবৰ্ট (Franz Peter Schubert; ৩১ জানুৱাৰী ১৭৯৭ – ১৯ নৱেম্বৰ ১৮২৮) আছিল এগৰাকী অষ্ট্ৰিয়ান সুৰকাৰ। তেওঁ ৰোমান্টিক যুগৰ আৰম্ভণিৰ অন্যতম গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আছিল। তেওঁৰ জীৱনকাল স্বল্প হ'লেও, তেওঁ প্ৰায় ১,৫০০ ৰচনাৰে সংগীতজগত সমৃদ্ধ কৰিছিল।
-
ভেলেৰী হুবেৰ
ভেলেৰী ফ্লোৰিন হুবেৰ (ইংৰাজী: Valerie Florine Huber; জন্ম: ৪ জানুৱাৰী ১৯৯৬) এগৰাকী অষ্ট্ৰিয়ান অভিনেত্ৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁৰ শেহতীয়া চৰিত্ৰটো হৈছে আইন শ্ৰীট জুম আবগ্ৰুণ্ড (ডক্টৰ ফষ্টাৰৰ জাৰ্মান সংস্কৰণ) নামৰ ধাৰাবাহিকখনৰ ল'ৰা।
-
মোৎজাৰ্ট
উল্ফগাং আমাডেউছ মোৎজাৰ্ট (Wolfgang Amadeus Mozart; ২৭ জানুৱাৰী ১৭৫৬ – ৫ ডিচেম্বৰ ১৭৯১) এজন অষ্ট্ৰিয়ান সংগীতজ্ঞ আৰু গীতিকাৰ আছিল। তেওঁ ধ্ৰুপদী যুগৰ অন্যতম মহান সংগীতকাৰ হিচাপে পৰিগণিত। তেওঁৰ সংগীতৰ প্ৰভাৱ পশ্চিমী সংগীতৰ ইতিহাসত গভীৰভাৱে পৰিলক্ষিত হয়। তেওঁ ৮০০ৰো অধিক গীত ৰচনাৰ কৰিছিল।
-
লুচী বাকেছোভা
লুচী বাকেছোভা (পূৰ্বৰ উপাধি ৱাঙ্কলোভা; ২৬ ডিচেম্বৰ ১৮৫৩ – ২ এপ্ৰিল ১৯৩৫) এগৰাকী চেক নৃতত্ত্ববিদ, লোকসংস্কৃতি সংগ্ৰাহক আৰু সমাজকৰ্মী আছিল।
-
লুডৱিগ ৱিটগেনষ্টাইন
লুডৱিগ ৱিটগেনষ্টাইন (ইংৰাজী: Ludwig Wittgenstein; জন্ম: ২৬ এপ্ৰিল ১৮৮৯ – মৃত্যু: ২৯ এপ্ৰিল ১৯৫১) এজন অষ্ট্ৰিয়ান দাৰ্শনিক আছিল, যি মূলত ভাষা, যুক্তি, চেতনাতত্ত্ব আৰু গণিতৰ দাৰ্শনিক ভিত্তিৰ ওপৰত কাম কৰিছিল। তেওঁক ২০শ শতিকাৰ আটাইতকৈ প্ৰভাৱশালী দাৰ্শনিকসকলৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।
-
লুনা মায়া
লুনা মায়া সুগেং এগৰাকী অষ্ট্ৰিয়ান মূলৰ ইণ্ডোনেছিয়ান মডেল, অভিনেত্ৰী আৰু ঘোষিকা। তেওঁ এগৰাকী বিজ্ঞাপন আৰু কেটৱাক মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
-
লোটে লেনিয়া
লোটে লেনিয়া (ইংৰাজী: Lotte Lenya; জন্ম: কেৰোলিন উইলহেলমিন চাৰ্লট ব্লামাউয়াৰ; ১৮ অক্টোবৰ ১৮৯৮ – ২৭ নৱেম্বৰ ১৯৮১) আছিল এগৰাকী অট্ৰিয়ান-আমেৰিকান গায়িকা আৰু অভিনেত্ৰী, যিয়ে দীৰ্ঘদিন ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰত বসবাস কৰিছিল।
-
ৰ’জ কামিং
ৰ’জ কামিং (Rose Cumming), যাৰ জন্ম হৈছিল ১৮৮৭ চনত অষ্ট্ৰেলিয়াত আৰু মৃত্যু ২১ মাৰ্চ, ১৯৬৮ চনত; এগৰাকী চমৎকাৰী আৰু চিত্তহৰণকাৰী অভ্যন্তৰীণ গৃহ সজ্জাকাৰী আছিল, যাৰ কৰ্মজীৱন নিউয়ৰ্ক চহৰক ভিত্তি কৰি গঢ় লৈ উঠিছিল।