অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লোটে লেনিয়া

লোটে লেনিয়া (ইংৰাজী: Lotte Lenya; জন্ম: কেৰোলিন উইলহেলমিন চাৰ্লট ব্লামাউয়াৰ; ১৮ অক্টোবৰ ১৮৯৮ – ২৭ নৱেম্বৰ ১৯৮১) আছিল এগৰাকী অট্ৰিয়ান-আমেৰিকান গায়িকা আৰু অভিনেত্ৰী, যিয়ে দীৰ্ঘদিন ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰত বসবাস কৰিছিল।

হালনাগাদ: ২৯ মাৰ্চ ২০২৬ ৪৭৫ শব্দ · ৩ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

লোটে লেনিয়া (ইংৰাজী ভাষা: Lotte Lenya; জন্ম: কেৰোলিন উইলহেলমিন চাৰ্লট ব্লামাউয়াৰ; ১৮ অক্টোবৰ ১৮৯৮ – ২৭ নৱেম্বৰ ১৯৮১) আছিল এগৰাকী অট্ৰিয়ান-আমেৰিকান গায়িকা আৰু অভিনেত্ৰী, যিয়ে দীৰ্ঘদিন ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰত বসবাস কৰিছিল।১২ জাৰ্মানভাষী আৰু শাস্ত্ৰীয় সংগীতৰ জগতত তেওঁৰ প্ৰথম স্বামী কুৰ্ট ৱেইলৰ গীতসমূহৰ পৰিৱেশনৰ বাবে তেওঁক বিশেষভাৱে স্মৰণ কৰা হয়। ইংৰাজী ভাষাৰ চলচ্চিত্ৰ জগতত তেওঁ দ্য ৰোমান স্প্ৰিং অফ মিচেছ ষ্টোন (১৯৬১) ছবিত এগৰাকী অভিজাত মহিলাৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে একাডেমী বঁটাৰ বাবে মনোনীত হৈছিল। ইয়াৰ উপৰি তেওঁ জেমছ বণ্ডৰ চলচ্চিত্ৰ ফ্ৰম ৰাছিয়া উইথ লাভত (১৯৬৩) হত্যাকাৰী আৰু নিষ্ঠুৰ ৰোজা ক্লিৱৰ চৰিত্ৰত অভিনয় কৰিছিল।

প্ৰাৰম্ভিক কৰ্মজীৱন

১৯২২ চনত লেনিয়াই তেওঁৰ ভৱিষ্যতৰ স্বামী, জাৰ্মান-ইহুদী সুৰকাৰ কুৰ্ট ৱেইলক তেওঁৰ প্ৰথম মঞ্চ সংগীত জাউবাৰ্নাচটৰ অডিচনৰ সময়ত লগ পাইছিল। পিছে পিয়ানোৰ পিছফালে থকাৰ বাবে তেওঁ ৱেইলক দেখা নাপালে। তেওঁ চৰিত্ৰটোৰ বাবে নিৰ্বাচিত হৈছিল যদিও নিজৰ কণ্ঠ প্ৰশিক্ষকৰ প্ৰতি থকা আনুগত্যৰ বাবে চৰিত্ৰটো গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। পৰৱৰ্তী সময়ত ১৯২৮ চনত তেওঁ দ্য থ্ৰীপেনি অপেৰাৰ (Die Dreigroschenoper) প্ৰথম প্ৰদৰ্শনত জেনীৰ চৰিত্ৰত অভিনয় কৰে আৰু এই চৰিত্ৰটোৱেই তেওঁৰ কেৰিয়াৰৰ টাৰ্ণিং পইণ্ট হিচাপে পৰিগণিত হয়। ৱেইমাৰ গণৰাজ্যৰ শেষৰ বছৰবোৰত তেওঁ চলচ্চিত্ৰ আৰু থিয়েটাৰত, বিশেষকৈ ব্ৰেখট-ৱেইলৰ নাটকত ব্যস্ত আছিল। তেওঁ ৱেইলৰ গীতৰ কেইবাটাও ৰেকৰ্ডিং কৰিছিল।৩

জাৰ্মানীত নাজীবাদৰ উত্থানৰ লগে লগে বহু শিল্পীয়ে সমাদৰ পোৱা নাছিল। যদিও তেওঁ ইহুদী নাছিল, তথাপি ৱেইলৰ সৈতে মতভেদ হোৱাৰ বাবে তেওঁ দেশ এৰিছিল (পিছলৈ তেওঁলোকৰ বিবাহ বিচ্ছেদ হয় আৰু পুনৰ বিবাহ হয়)। ১৯৩৩ চনৰ মাৰ্চ মাহত তেওঁ পেৰিছলৈ যায় আৰু ব্ৰেখট-ৱেইলৰ "চাং বেলে", দ্য চেভেন ডেডলি চিনছত মুখ্য চৰিত্ৰত অভিনয় কৰে।৪

১৯৩৫ চনৰ ১০ ছেপ্টেম্বৰত লেনিয়া আৰু ৱেইল নিউয়ৰ্ক চহৰত থিতাপি লয়।৫ ১৯৩৬ চনৰ গ্ৰীষ্মকালত তেওঁলোকে কানেকটিকাটৰ নিকোলছত এটা ঘৰ ভাড়ালৈ লৈছিল। ইয়াত থকাৰ সময়তে গ্ৰীণ আৰু ৱেইলে বিতৰ্কিত ব্ৰডৱে নাটক জনী জনছনৰ চিত্ৰনাট্য আৰু সংগীত লিখিছিল। এই সময়ছোৱাত লেনিয়াৰ নাট্যকাৰ পল গ্ৰীণৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল।৬৭

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত লেনিয়াই ভয়েচ অফ আমেৰিকাৰ হৈ কেইবাটাও মঞ্চ প্ৰদৰ্শন, ৰেকৰ্ডিং আৰু ৰেডিঅ' অনুষ্ঠান কৰিছিল। ১৯৪৫ চনত নিউয়ৰ্কত তেওঁৰ স্বামীৰ মিউজিকেল দ্য ফায়াৰব্ৰেণ্ড অফ ফ্লৰেন্সত কৰা অভিনয় বিফল হোৱাৰ পিছত তেওঁ মঞ্চৰপৰা আঁতৰি আহে।৮ ১৯৫০ চনত ৱেইলৰ মৃত্যুৰ পাছত তেওঁক পুনৰ মঞ্চৰ জগতলৈ ওভতাই অনা হয়। তেওঁ ব্ৰডৱেৰ বেয়াৰফুট ইন এথেন্সত অভিনয় কৰে আৰু সম্পাদক জৰ্জ ডাভিছৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৮

পৰৱৰ্তী কৰ্মজীৱন

১৯৫৬ চনত মাৰ্ক ব্লিটজষ্টাইনৰ দ্য থ্ৰীপেনি অপেৰাৰ ইংৰাজী সংস্কৰণত জেনীৰ চৰিত্ৰত অভিনয় কৰি তেওঁ টনি বঁটা লাভ কৰে। অফ-ব্ৰডৱে প্ৰদৰ্শনৰ বাবে এই সন্মান লাভ কৰা এয়া একমাত্ৰ ঘটনা। লেনিয়াই তেওঁৰ বাৰ্লিনৰ সময়ৰ বহুতো গীতৰ লগতে আমেৰিকান মঞ্চৰ গীতসমূহো ৰেকৰ্ড কৰিছিল। বয়সৰ লগে লগে তেওঁৰ কণ্ঠ গভীৰ হৈ আহিছিল। যেতিয়া তেওঁ ৰাইজ এণ্ড ফল অফ দ্য চিটি অফ মাহাগনি আৰু দ্য চেভেন ডেডলি চিনছত চপ্ৰানো অংশসমূহ গাব লগা হৈছিল, তেতিয়া সংগীতখিনি যথেষ্ট নিম্নমানৰ স্বৰলৈ স্থানান্তৰিত কৰাৰ প্ৰয়োজন হৈছিল।৮

ব্ৰেখট-ৱেইলৰ নাটকৰ কিছুমান বিখ্যাত গীতত স্প্ৰেচষ্টাইম (Sprechstimme) ব্যৱহাৰ কৰা হৈছিল, কিন্তু এতিয়া লেনিয়াই তেওঁৰ কণ্ঠৰ ত্ৰুটিসমূহ পূৰণ কৰিবলৈ ইয়াক অধিক ব্যৱহাৰ কৰিছিল। লেনিয়া এই সমস্যাটোৰ বিষয়ে অৱগত আছিল; অন্য ক্ষেত্ৰত তেওঁ তেওঁৰ প্ৰয়াত স্বামীৰ সংগীতৰ স্কোৰসমূহৰ সম্পূৰ্ণ সন্মান জনোৱাৰ ক্ষেত্ৰত অতি সাৱধান আছিল।৮৯১০

তেওঁ কুৰ্ট ৱেইল ফাউণ্ডেশ্যন ফৰ মিউজিক প্ৰতিষ্ঠা কৰিছিল,১১ যাতে আয় আৰু স্বত্ব সম্পৰ্কীয় বিষয়সমূহ পৰিচালনা কৰিব পৰা যায় আৰু ৱেইলৰ কামৰ বিষয়ে জ্ঞান বিস্তাৰ কৰিব পৰা যায়।১০ লুই আৰ্মষ্ট্ৰঙে যেতিয়া ব্ৰেখট-ৱেইলৰ "মেক দ্য নাইফ" ৰেকৰ্ড কৰিছিল, তেতিয়া তেওঁ ষ্টুডিঅ'ত উপস্থিত আছিল। আৰ্মষ্ট্ৰঙে গীতটোত "লুক আউট ফৰ মিছ লোটে লেনিয়া!" শাৰীটো যোগ কৰিছিল আৰু গীতটোত মেকৰ মহিলা বিজয়ীসকলৰ তালিকাত তেওঁৰ নামটো অন্তৰ্ভুক্ত কৰিছিল।১২

তেওঁ শিল্পী জৰ্জ গ্ৰোছৰ বিষয়ে নিৰ্মিত চলচ্চিত্ৰ জৰ্জ গ্ৰোছৰ ইণ্টাৰৰেগনামৰ বৰ্ণনা কৰিছিল, যিখন ১৯৬০ চনত শ্ৰেষ্ঠ তথ্যচিত্ৰ (চুটি বিষয়) বিভাগত একাডেমী বঁটাৰ বাবে মনোনীত হৈছিল।১৩১৪

টেনেচি উইলিয়ামছৰ দ্য ৰোমান স্প্ৰিং অফ মিচেছ ষ্টোন (১৯৬১) ছবিখনত ভিভিয়ান লেইৰ বন্ধু কণ্টেছা মেগদা টেৰিবিলি-গোঞ্জালেছৰ চৰিত্ৰত কৰা অভিনয়ে লেনিয়াক শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ একাডেমী বঁটা আৰু গ'ল্ডেন গ্লোবৰ মনোনয়ন লাভ কৰাইছিল। ১৯৬৩ চনত শ্বন কনেৰী আৰু ৰবাৰ্ট শ্ব' অভিনীত জেমছ বণ্ডৰ চিনেমা ফ্ৰম ৰাছিয়া উইথ লাভত তেওঁক স্মাৰ্ছ (SMERSH) এজেণ্ট ৰোজা ক্লিৱৰ চৰিত্ৰত অভিনয়ৰ বাবে নিৰ্বাচিত কৰা হৈছিল।

১৯৬৬ চনত লেনিয়াই মিউজিকেল কেবাৰেৰ মূল ব্ৰডৱে কাষ্টত ফ্ৰাউলিন স্নাইডাৰৰ চৰিত্ৰটো সৃষ্টি কৰিছিল।৯ কান্দাৰ আৰু ইবৰ সংগীত ৱেইলৰ সংগীতৰদ্বাৰা অনুপ্ৰাণিত বুলি একাংশই ধাৰণা কৰিছিল। ১৯৭৯ চনত মৃত্যুৰ দুবছৰ আগতে লোটে লেনিয়াক আমেৰিকান থিয়েটাৰ হল অফ ফেমত অন্তৰ্ভুক্ত কৰা হৈছিল।১৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Biography of Kurt Weill, Pickford Prod., Inc (unpublished biography 20 April 1945) Yale Music Library
  2. ↑ Obituary Variety, December 2, 1981
  3. ↑ Lotte Lenya discography. Kurt Weill Foundation
  4. ↑ (1998). Show Music. M.O. Preeo. পৃ. 33
  5. ↑ Jackson, Kenneth T. (1995). The Encyclopedia of New York City. The New York Historical Society; Yale University Press. পৃ. 1252. ISBN 0-300-05536-6
  6. ↑ Speak Low (when you speak of love): The Letters of Kurt Weill and Lotte Lenya
  7. ↑ A Southern Life: Letters of Paul Green, 1916–1982, p. 258
  8. ↑ Lotte Lenya biography. Kurt Weill Foundation
  9. ↑ Lotte Lenya: A Detailed Chronology 1960–1969. Kurt Weill Foundation
  10. ↑ Lotte Lenya: A Detailed Chronology 1970–1981. Kurt Weill Foundation
  11. ↑ Kurt Weill Foundation for Music. Kurt Weill Foundation
  12. ↑ Ross, Alex. (2007). The Rest Is Noise: Listening to the Twentieth Century. Farrar, Straus and Giroux. পৃ. 210. ISBN 9781429932882
  13. ↑ NY Times: George Grosz' Interregnum. The New York Times
  14. ↑ (6 February 2014). 33rd Academy Awards (1960): Nominees and Winners
  15. ↑ Theater Hall of Fame Enshrines 51 Artists. New York Times

সম্পৰ্কিত শ্ৰেণী

অষ্ট্ৰিয়াৰ ব্যক্তিগায়িকাঅভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লোটে লেনিয়া” প্ৰবন্ধৰ সংশোধন ৫৯৬৭২২ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।