অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আডাম ৰেইনাৰ

আডাম ৰেইনাৰ (১৮৯৯– ৪ মাৰ্চ ১৯৫০) এজন অষ্ট্ৰিয় লোক যি লিখিত ইতিহাসত একেলগে বাওনা আৰু অতিকায় বুলি চিহ্নিত একেমাত্ৰ লোক। তেওঁৰ এক্ৰ'মেগেলী ৰোগ আছিল বুলি বিশ্বাস কৰা হয়।

হালনাগাদ: ৩ মাৰ্চ ২০২৫ ১৬৯ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

আডাম ৰেইনাৰ (১৮৯৯– ৪ মাৰ্চ ১৯৫০) এজন অষ্ট্ৰিয় লোক যি লিখিত ইতিহাসত একেলগে বাওনা আৰু অতিকায় বুলি চিহ্নিত একেমাত্ৰ লোক।১ তেওঁৰ এক্ৰ'মেগেলী ৰোগ আছিল বুলি বিশ্বাস কৰা হয়।২

জীৱনকাল

বামনত্ব

১৮৯৯ চনত অষ্ট্ৰিয়া-হাংগেৰীৰ (বৰ্তমানৰ অষ্ট্ৰিয়া) গ্ৰেজত আডাম ৰেইনাৰৰ জন্ম হৈছিল।৩ শিশু অৱস্থাত ৰেইনাৰক বৰ সৰু, খীণ অৰু দুৰ্বল বুলি কোৱা হৈছিল। ১৯১৭ চনত ১৮ বছৰ বয়সত তেওঁৰ উচ্চতা আছিল 122.55 চে.মি.। গতিকে প্ৰথম বিশ্বযুদ্ধত ভাগ ল'বলৈ অষ্ট্ৰ'-হাংগেৰীয়ান সামৰিক বাহিনীত তেওঁক প্ৰত্যাখান কৰা হৈছিল।৪ প্ৰাপ্তবয়স্ক উচ্চতা 147 চে.মি.ৰ কম হ'লে ইয়াক বামনত্বৰ বিশেষত্ব বুলি ধৰা হয়।

অতিকায়ত্ব

বহু বছৰৰ পাছত পিটুইটেৰীৰ টিউমাৰৰ ফলত হঠাত ৰেইনাৰৰ উচ্চতা বাঢ়িবলৈ ধৰে। বিছৰ দশকৰ আৰম্ভণিৰ পৰা ত্ৰিছৰ আৰম্ভণিলৈকে তেওঁৰ প্ৰতি বছৰে গড়ে ৯.১৪ ছেমি (৩.১৬ ইন) উচ্চতা বাঢ়ে।৩ ১৯৩২ চনত (৩৩ বছৰ বয়স) ৰেইনাৰ উচ্চতা 218 চে.মি. হয়গৈ।৫ ১৯ বছৰ বয়সত তেওঁৰ জোতাৰ জোখ US ১০ (EUR ৪৩) ৰ পৰা তিনি বছৰ পাছতে ২০ হয় (EUR ৫৭.৫)।৬

দুগৰাকী চিকিৎসকে আগষ্ট ১৯৩০ৰ পৰা মে' ১৯৩১ চনত ভিতৰত ৰেইনাৰৰ বিস্তৃতভাৱে পৰীক্ষা কৰে। সেই সময়ত তেওঁৰ উচ্চতা আছিল 216 চে.মি.। এটা নিৰীহ পিটুইটেৰী এডিন'মা ধৰা পৰে যাৰ বাবে তেওঁৰ অস্বাভাৱিক বৃদ্ধি ঘটিছিল। ডঃ অস্কাৰ হিৰ্চে তেওঁৰ টিউমাৰটো অস্ত্ৰোপচাৰ কৰি আঁতৰায়।৪

টিউমাৰ আঁতৰোৱাৰ আগতেই পিটুইটেৰীৰ বিজুতি আৰু অস্বাভাৱিক বৰ্ধনৰ বাবে ৰেইনাৰ দুৰ্বল হৈ পৰি উঠিব নোৱৰা হৈছিল। অস্ত্ৰোপচাৰৰ কেইদিনমানৰ পাছতেই তেওঁ এটা বৃদ্ধাশ্ৰমত আশ্ৰয় লয় আৰু আমৃত্যু ততে থাকে।৩ ১৯৫০ চনৰ ৪ মাৰ্চত মৃত্যু হওঁতে তেওঁৰ উচ্চতা আছিল 234 চে.মি.।৭

তথ্যসূত্ৰ

  1. ↑ Guinness World Records, 2004
  2. ↑ (20 January 2015). World's Littlest Giant: The Curious Case of Adam Rainer. thechirurgeonsapprentice.com
  3. ↑ Bellows, Alan. "The Man Who Was a Dwarf and a Giant", DamnInteresting.com, 1 December 2005
  4. ↑ Hirsch, Oskar. (1961). Two Different Types of Gigantism Due to Similar Tumors. Discussion of Growth.. Stereotactic and Functional Neurosurgery. পৃ. 345–356
  5. ↑ Hirsch, Obar. Confinia Neurologica, Vol.21, No.4 (1961)
  6. ↑ Fitzharris, Lindsey. The Insane Story Of A Man Who Was Born A Dwarf And Died A Giant. Business Insider
  7. ↑ at The Tallest Man

সম্পৰ্কিত শ্ৰেণী

অষ্ট্ৰিয়াৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আডাম ৰেইনাৰ” প্ৰবন্ধৰ সংশোধন ৪৮৬২৯৩ (৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।