ইতিহাসৰ আজিৰ দিনত
৮ আগষ্ট
ঘটনাৱলী
- ১৫০৯বিজয় নগৰৰ সম্ৰাট হিচাপে মহাৰাজ কৃষ্ণদেৱ ৰয়ৰ ৰাজ অভিশেষ।
- ১৮১৫ৱাৰ্টালু যুদ্ধত পৰাজিত আৰু বন্দী নেপোলিয়ন বোনাৰ্পাটক ছেণ্ট হেলেনা দ্বীপলৈ নিৰ্বাসন দিয়া হৈছিল।
- ১৯৪২ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বাৰা ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰা হৈছিল।
- ১৯৫৫পাৰমাণৱিক শক্তিৰ শান্তিপূৰ্ণ ব্যৱহাৰ সম্পৰ্কে আলোচনাৰ বাবে জেনভাত এখন আন্তৰ্জাতিক সন্মিলন আৰম্ভ হয়। এই সন্মিলনত প্ৰায় ৭২খন দেশৰ ১,২০০ বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে।
- ১৯৭৭ভাৰত চৰকাৰৰ অসামৰিক সন্মান ভাৰত ৰত্ন আৰু পদ্ম সন্মান প্ৰদান অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছিল।
- ১৯৮৫ট্ৰম্বেত ভাৰতৰ সৰ্ববৃহৎ গৱেষণাকেন্দ্ৰ নিউক্লিয় ৰিয়েক্টৰ ‘ধ্ৰুৱ’ কাৰ্যক্ষম কৰা হৈছিল।
জন্ম
- ১৮৬৫অবলা বসু, ভাৰতীয় সামাজিক কৰ্মী।
- ১৯০২পল এদ্ৰিয়েন মৰিছ ডিৰাক, 'কোৱাণ্টাম ইলেক্ট্ৰ'ডাইনেমিকছ'ৰ বাবে জনাজাত নোবেল বিজয়ী ইংৰাজ তাত্ত্বিক পদাৰ্থবিজ্ঞানী।
- ১৯০৪ত্ৰিভুবন নাৰায়ণ সিং, উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
- ১৯০৮সিদ্ধেশ্বৰী দেৱী, শাস্ত্ৰীয় সংগীতৰ গায়িকা।
- ১৯১৪সৰলা ঠকৰাল, প্ৰথম ভাৰতীয় মহিলা বৈমানিক।
- ১৯৩১ছাৰ ৰ'জাৰ পেনৰ'জ, ইংৰাজ গাণিতিক পদাৰ্থবিদ।
- ১৯৩৪সুদক্ষিণা শৰ্মা, অসমৰ এগৰাকী খ্যাতনামা গায়িকা।
- ১৯৪০দিলীপ ছাৰদেশাই, ভাৰতীয় ক্ৰিকেটাৰ।
- ১৯৪২শ্বেৰ চৌধুৰী, অসমৰ সংগীত পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, আলোকচিত্ৰ শিল্পী আৰু চিত্ৰকৰ।
- ১৯৪৮কপিল ছিব্বাল, ভাৰতৰ এগৰাকী ৰাজনীতিবিদ।
- ১৯৫৫ইলিয়াছ আলি, অসমৰ এগৰাকী শল্য চিকিৎসক।
- ১৯৬২দেৱশ্ৰী ৰায়, ভাৰতীয় বঙালী অভিনেত্ৰী, নৃত্যশিল্পী।
- ১৯৮১ৰ'জাৰ ফেডেৰাৰ, টেনিছৰ ২০টা গ্ৰেণ্ড শ্লেম জিকা প্ৰথম টেনিছ খেলুৱৈ।
- ১৯৯৪সাইখোম মীৰাবাই চানু, ভাৰতীয় ভাৰোত্তোলক।
মৃত্যু
- ১৮২৭জৰ্জ কানিং, ইংলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী।
- ১৯৪৮ইয়েল্লাপ্ৰগডা চুব্বাৰাও, কোষত এ টি পি অনু শক্তিৰ উৎস হিচাপে আৱিষ্কাৰ আৰু কেন্সাৰ নিৰাময়ৰ মেথ'ট্ৰেক্সজিৰ আৱিষ্কাৰ কৰা ভাৰতীয় জৈৱ-ৰসায়ন বিজ্ঞানী।
- ২০০০এছ নিজলিংগপ্পা, ভাৰতৰ এগৰাকী ৰাজনীতিবিদ।
- ২০০৬চন্দ্ৰপ্ৰসাদ শইকীয়া, অসমীয়া সাহিত্য জগতৰ ‘‘মহাৰথী’’ সাহিত্য অকাডেমি বিজয়ী সাহিত্যিক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ