অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

৯ আগষ্ট

ঘটনাৱলী

  • ১৮১৯দক্ষিণ আমেৰিকাৰ উত্তৰ-পূৱত দেশ কলম্বিয়াই পূৰ্ণ স্বাধীনতা লাভ কৰে।
  • ১৮৩০লুই ফিলিপছৃ-প্ৰথম ফ্ৰান্সৰ ৰজা ৰূপে অধিষ্ঠিত হয়।
  • ১৮৯৭পুণেৰ প্লেগ আয়ুক্ত ৰেণ্ডক হত্যাৰ অভিযোগত বিপ্লৱী দামোদৰ ৰানাডেক গ্ৰেপ্তাৰ কৰা হয়। প্লেগ ৰোগ প্ৰতিৰোধৰ নামত ৰেণ্ডে স্থানীয় মহিলাসকলক নগ্ন কৰি পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছিল।
  • ১৮৯৮জাৰ্মানীৰ ৰুডলফ ডিজেলে ডিজেল ইঞ্জিনত পেটেণ্ট লাভ কৰে।
  • ১৯০০টেনিছৰ আটাইতকৈ পুৰণি প্ৰতিযোগিতা ডেভিছ কাপৰ প্ৰথম খেল বষ্টনত অনুষ্ঠিত হয়।
  • ১৯৪২মুম্বাইত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনত ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ গৃহীত হয় আৰু ৯ আগষ্টৰ পৰা দেশজুৰি ভাৰত ত্যাগ আন্দোলনৰ সূচনা হয় আৰু মহাত্মা গান্ধীসহ বহু কংগ্ৰেছ নেতা গ্ৰেপ্তাৰ হয়।
  • ১৯৪৫জাপানৰ নাগাছাকিত আমেৰিকাৰ পাৰমাণৱিক বোমাৰ বিষ্ফোৰণ হয়। আজি নাগাছাকি দিৱস।
  • ১৯৫০বিষ্ণুৰাম মেধিয়ে অসমৰ মুখ্য মন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে।
  • ১৯৬৫সাৰ্বভৌম, গণতান্ত্ৰিক স্বাধীন ৰাষ্ট্ৰ হিচাপে ছিংগাপুৰে স্বীকৃতি লাভ কৰে।
  • ১৯৭১শান্তি, বন্ধুত্ব আৰু সহযোগিতাৰ অৰ্থে ভাৰত আৰু ছোভিয়েট ৰাছিয়াৰ মাজত চুক্তি স্বাক্ষৰিত হয়।

জন্ম

  • ১৬৩১জন ড্ৰাইডেন, ইংৰাজী সাহিত্যৰ কবি, নাট্যকাৰ আৰু সমালোচক।
  • ১৭৭৬আমেদিও এভ'গেড্ৰ', ইটালীৰ ৰসায়ন বিজ্ঞানী, এভ'গেড্ৰ' সংখ্যা বা ধ্ৰুৱকৰ আৱিষ্কাৰক। (মৃঃ ৯জুলাই, ১৮৬৫)
  • ১৮১৯ৱিলিয়াম থমাছ গ্ৰীণ মৰ্টন, অস্ত্ৰোপ্ৰচাৰত এনেছথেচিয়া হিচাপে 'ইথাৰ' ব্যৱহাৰ কৰা প্ৰথম চিকৎসা বিজ্ঞানী। ( মৃঃ ১৫ জুলাই, ১৮৬৮)
  • ১৮৯২ডঃ শিয়ালি ৰামামৃত ৰংগনাথন, ভাৰতীয় গ্ৰন্থাগাৰ বিজ্ঞানৰ পুৰোধা।
  • ১৮৯৬জ্যা পিয়াজে, শিশু-মনোবিজ্ঞানী আৰু দাৰ্শনিক। তেখেত নিৰ্মাণবাদ, জীনগত জ্ঞানতত্ত্ব, বৌদ্ধিক বিকাশৰ তত্ত্ব, বস্তু স্থায়িত্ব আৰু আত্মকেন্দ্ৰিকতা তত্ত্বৰ বাবে বিখ্য়াত। (মৃঃ ১৬ চেপ্তেম্বৰ, ১৯৮০)
  • ১৯৩৩মনোহৰ শ্যাম যোশী, আধুনিক হিন্দী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ গদ্য লেখক, ঔপন্যাসিক, সাংবাদিক।
  • ১৯৩৩তেৎছুকো কুৰ'য়ানাগি, জাপানী অভিনেত্ৰী, ভয়ছ অভিনেত্ৰী, লেখিকা।
  • ১৯৬১ছাৰ জন ফিলিপ কী বা জন কী, নিউজিলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী (২০০৮-২০১৬)।
  • ১৯৭০অঞ্জলি জয়, হলিউডত অভিনয় কৰা ভাৰতীয় অভিনেত্ৰী, উল্লেখযোগ্য় কথাছবি - নাইট এট দা মিউজিয়াম: চিক্ৰেটছ অৱ টম্ব।
  • ১৯৭৩হুইটনী এলিজাবেথ হাষ্টন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিভাসম্পন্ন কণ্ঠশিল্পী, মঞ্চশিল্পী, প্ৰযোজক আৰু মডেল।
  • ১৯৭৫মহেশ বাবু, টলিউডৰ জনপ্ৰিয় অভিনেতা।
  • ১৯৯১এলেক্সা ব্লিছ বা লেক্সী ক'ফমেন, ডব্লিউ ডব্লিউ ইৰ (ইংঃ WWE) মহিলা মল্লযুঁজাৰু।
  • ১৯৯১হংসিকা মোটৱানী, টলিউডৰ জনপ্ৰিয় অভিনেত্ৰী।
  • ১৯৯৩দীপা কৰ্মকাৰ, ভাৰতীয় আৰ্টিষ্টিক বা শৈল্পিক জিমনাষ্ট।

মৃত্যু

  • ১৮৯৯ছাৰ এডৱাৰ্ড ফ্ৰেঙ্কলেণ্ড, জৈৱ-ৰসায়নবিদ, ৰসায়ন বিজ্ঞানৰ যোজ্য়তাৰ সূত্ৰ আৰু পানী বিশ্লেষণৰ বাবে জনাজাত। (জঃ ১৮ জানুৱাৰী, ১৮২৫)
  • ১৯০৪ফ্ৰেইড্ৰিক ৰাটজেল, জাৰ্মান ভূগোল বিজ্ঞানী, জীৱন্ত স্থানৰ ধাৰণা আৰু জিঅ'পলিটিক্সৰ বাবে জনাজাত। (জঃ ৩০ আগষ্ট, ১৮৪৪)
  • ১৯৪৯এডৱাৰ্ড লী থৰ্নডাইক, শিক্ষা-মনোবিজ্ঞানী, সংযোগবাদ তত্বৰ (ইংঃ Connectionism) বাবে বিখ্য়াত। (মৃঃ ৩১ আগষ্ট, ১৮৭৪)
  • ১৯৬২হেৰমান কাৰ্ম হেস্, জাৰ্মান কবি, ঔপন্যাসিক আৰু চিত্ৰকৰ। ১৯৪৬ খ্ৰীষ্টাব্দত তেওঁ সাহিত্যত ন'বেল বঁটা লাভ কৰে।
  • ১৯৬৯চি এফ প'ৱেল, নোবেল বিজয়ী পদাৰ্থ বিজ্ঞানী।
  • ১৯৭০ত্ৰৈলোক্য নাথ চক্ৰৱৰ্তী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
  • ১৯৮০সৰস্বতী দেৱী, ভাৰতীয় সঙ্গীত পৰিচালক আৰু সুৰকাৰ।
  • ১৯৯১কমলা শইকীয়া, অসমৰ প্ৰবীণ সাংবাদিক।
  • ২০১৬কালিখো পুল, অৰুণাচল প্ৰাক্তন মুখ্যমন্ত্ৰী।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ