অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২৭ আগষ্ট

ঘটনাৱলী

  • ১৬০৪শিখ গুৰু অৰ্জুনদেৱৰ উদ্যোগত ‘গ্ৰন্থ চাহেব’ সংকলন আৰু সংগৃহীত হয়। সেই বছৰৰে সেই দিনটোত অমৃতসৰৰ স্বৰ্ণ মন্দিৰত ইয়াক সংৰক্ষণ কৰা হয়।
  • ১৭৮১হায়দৰ আলীয়ে ব্ৰিটিছৰ লগত পল্লিলোৰ যুদ্ধত লিপ্ত হৈছিল।
  • ১৮৫৯আমেৰিকাৰ পেনছিলভেনিয়াত খাৰুৱা তেলৰ সন্ধান পোৱা হয়।
  • ১৮৮৩ইন্দোনেছিয়াৰ ক্ৰাকেটোৱাত সৰ্ববৃহৎ আগ্নেয়গিৰিটো উদ্গীৰণ হৈছিল। ৩৬,৬০০জন লোকৰ হানি হৈছিল।
  • ১৯৩৯জাৰ্মানীৰ ডন অহাইনে নিৰ্মাণ কৰা জেট ইঞ্জিনেৰে সজ্জিত উৰাজাহাজ পৰীক্ষামূলক উৰণ সম্পন্ন হয়।
  • ১৯৪৭ভাৰতৰ বৃহত্তম সংবাদ সংস্থা প্ৰেছ ট্ৰাষ্ট অব ইণ্ডিয়া, সংক্ষেপে পি. টি. আই. গঠন হয়।
  • ১৯৭৬ভাৰতীয় সেনাবাহিনীৰ প্ৰথম মহিলা মেজৰ জেনেৰেল গাৰ্টুদে আলী ৰামক মিলিটেৰি নাৰ্চিং চাৰ্ভিচেছ ডিৰেক্টৰ হিচাপে নিয়োগ কৰা হয়।
  • ১৯৯৯সোণালী বেনাৰ্জী প্ৰথম ভাৰতীয় মহিলা সামুদ্ৰিক অভিযন্তা হয়।
  • ২০০৩প্ৰায় ৬০ হাজাৰ বছৰৰ অন্তত মংগল গ্ৰহ পৃথিৱীৰ নিকটতম স্থানত অৱস্থিত হয়।

জন্ম

  • ১৭৭০জৰ্জ ৱিলহেল্ম ফ্ৰেইড্ৰিক হেগেল, জাৰ্মান দাৰ্শনিক।
  • ১৮৫৮জুজেপে পেয়ান', ইটালিয়ান গণিতজ্ঞ।
  • ১৮৫৯ডোৰাবজী টাটা, উদ্যোগপতি, ভাৰতীয় অলিম্পিক সন্থাৰ প্ৰথম সভাপতি।
  • ১৮৬৯কাৰ্ল হাউছ'ফাৰ (Karl Haushofer), জাৰ্মান ভূগোল বিজ্ঞানী আৰু ভূ-ৰাজনীতিবিদ। (মৃঃ ১০ মাৰ্চ, ১৯৪৬)
  • ১৯০৮ছাৰ ডন ব্ৰেডমেন, অষ্ট্ৰেলিয়াৰ কিংবদন্তী ক্ৰিকেট খেলুৱৈ।
  • ১৯০৮লিণ্ডন বি জনছন, আমেৰিকাৰ ৩৬তম ৰাষ্ট্ৰপতি।
  • ১৯১৯এ ললিতা, ভাৰতৰ প্ৰথমগৰাকী মহিলা বৈদ্যুতিক অভিযন্তা।
  • ১৯৫৭নুথালাপতি ভেংকট ৰমনা, ভাৰতৰ ৪৮তম মুখ্য ন্যায়াধীশ।
  • ১৯৭০সুচিত্ৰা পিল্লাই, ভাৰতীয় গায়িকা, অভিনেত্ৰী, মডেল, অভিযন্তা আৰু ধাৰাভাষ্যকাৰ।
  • ১৯৭২দলীপ সিং ৰানা (Dalip Singh Rana) বা দা গ্ৰেট খালি, ভাৰতীয় ডব্লিউ ডব্লিউ ইৰ মল্লযুঁজাৰু।
  • ১৯৭৯এৰ'ন প'ল, হলীউডৰ অভিনেতা।
  • ১৯৮০শিবানী দাণ্ডেকাৰ, ভাৰতীয়-অষ্টেলিয়ান গায়িকা, অভিনেত্ৰী, ঘোষিকা, আৰু মডেল।
  • ১৯৮৩দীপামণি হালৈ মহন্ত, এগৰাকী অসমীয়া লেখক, অধ্যাপক।
  • ১৯৯৩চি. এ. ভৱানী দেৱী, অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম ভাৰতীয় ফে'ঞ্চাৰ (তৰোৱাল খেলুৱৈ)।

মৃত্যু

  • ১৮৯৮জন হ'পকিনছন, ইংৰাজ পদাৰ্থ বিজ্ঞানী, হ'পকিনছন সূত্ৰৰ বাবে জনাজাত।
  • ১৯১৯লুইছ ব'থা, দক্ষিণ আফ্ৰিকাৰ প্ৰথম প্ৰধানমন্ত্ৰী।
  • ১৯৬৩ৱিলিয়াম এডৱাৰ্ড বাৰ্গাহাৰ্ট ডু ব'ই (William Edward Burghardt Du Bois), আমেৰিকাৰ সমাজবিজ্ঞানী।
  • ১৯৬৫লী ক'ৰবাজিয়ে, ফ্ৰান্সৰ এগৰাকী খ্যাতনামা স্থপতিবিদ, শিল্পী আৰু লেখক।
  • ১৯৭৬মুকেশ, ভাৰতীয় গায়ক।
  • ১৯৭৯লৰ্ড মাউণ্টবেটেনৰ মৃত্যু হয়। ভাৰতৰ অন্তিম ভাইচৰয়।
  • ১৯৮২নিৰ্মলা সুন্দৰী, সাধ্বী আৰু যোগ গুৰু।
  • ২০০৬ঋষিকেশ মুখাৰ্জী, ভাৰতীয় বোলছবিৰ এগৰাকী প্ৰসিদ্ধ পৰিচালক।
  • ২০১০ৰবীন্দ্ৰ কেলকৰ, কোংকণী ভাষাৰ এগৰাকী প্ৰসিদ্ধ ভাৰতীয় লেখক।
  • ২০১৮গুণ মহন্ত, অসমীয়া অভিনেতা।
  • ২০২০অৰ্চনা মহন্ত, অসমৰ এগৰাকী কণ্ঠশিল্পী। তেখেতে অসমীয়া আধুনিক গীতত, ভক্তিমূলক গীতত, বিহুগীতত আৰ অসমীয়া কথাছবিত কণ্ঠদান কৰিছিল। আকাশবাণীৰ পৰা 'বি হাই গ্ৰেড' স্বীকৃতি লাভ কৰা তেওঁ প্ৰথমগৰাকী শিল্পী। (জন্ম: ১৮ মাৰ্চ, ১৯৪৯)

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ