ইতিহাসৰ আজিৰ দিনত
৯ জুলাই
ঘটনাৱলী
- ১৮১০নেপোলিয়ন বোনাপাৰ্টৰ অধীনত হলেণ্ড (নেদাৰলেণ্ড) ফ্ৰান্সৰ অন্তৰ্ভুক্ত হয়॥
- ১৮১৬আৰ্জেণ্টিনাই স্পেইনৰ পৰা স্বাধীনতা লাভ কৰে।
- ১৮৭৭টেনিছৰ উইম্বলডন প্ৰতিযোগিতাৰ উদ্বোধন হয়।
- ১৯৫১ভাৰতত পোনপ্ৰথম বাৰৰ বাবে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা ঘোষণা কৰা হয়।
- ১৯৯৯অসম চুক্তিৰ আধাৰত নিৰ্মিত অসমৰ চতুৰ্থটো তেল শোধনাগাৰ নুমলীগড় তেল শোধনাগাৰ ৰাষ্ট্ৰৰ সেৱাৰ বাবে মুকলি কৰা হয়।
- ২০০৬সম্পূৰ্ণ ৪৪বছৰৰ পাছত ঐতিহাসিক নাথুলা গিৰিপথ মুকলি কৰা হয়। ১৪,৫০০ ফুট উচ্চতাত অৱস্থিত এই এইগিৰিপথ মুকলি হোৱাৰ লগে লগে চীন-ভাৰতৰ বাণিজ্যিক সম্পৰ্ক স্থাপন হয়।
- ২০০৬জাৰ্মানীত অনুষ্ঠিত বিশ্বকাপ ফুটবলৰ চেম্পিয়ন খিতাপ লাভ কৰে ইটালীয়ে।
জন্ম
- ১৮১৯চিলাই মেছিনৰ মাৰ্কিন উদ্ভাৱক এলায়েছ হাউ (ইংঃ Elias Howe)।
- ১৯২৫গুৰু দত্ত, প্ৰকৃত নাম বসন্ত কুমাৰ শিৱশংকৰ পাডুকোন, ভাৰতীয় বোলছবি পৰিচালক, প্ৰযোজক আৰু অভিনেতা। (মৃঃ ১০/১০/১৯৬৪)
- ১৯৩১অচ্যুত লহকৰ, অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক।
- ১৯৩৮সঞ্জীৱ কুমাৰ, ভাৰতীয় বোলছবি অভিনেতা। (মৃঃ ০৬/১১/১৯৮৫)
মৃত্যু
- ১৮৫৬আমেদিও এভ'গেড্ৰ', ইটালীৰ ৰসায়ন বিজ্ঞানী, এভ'গেড্ৰ' সংখ্যা বা ধ্ৰুৱকৰ আৱিষ্কাৰক।
- ১৯৬৭ফাতিমা জিন্নাহ, পাকিস্তানী দন্ত চিকিৎসক আৰু জীৱনীকাৰ।
- ১৯৯৪ৰাম গগৈ, প্ৰগতিশীল কবি, পথাৰৰ কবি ৰূপে খ্যাত।
- ২০০২মহামহোপাধ্যায় বিশ্বনাৰায়ণ শাস্ত্ৰী, আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সংস্কৃত পণ্ডিত, প্ৰাক্তন সাংসদ।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ