ইতিহাসৰ আজিৰ দিনত
১০ জুলাই
ঘটনাৱলী
- ১৯৬০ভাৰত-কানাডাৰ যৌথ নিউক্লিয় ৰিয়েক্টৰ ‘ছাইৰাছ’ কাৰ্যক্ষম কৰা হয়।
- ১৯৬২আমেৰিকাৰ দ্বাৰা মহাকাশলৈ পৃথিৱীৰ প্ৰথম দূৰসংযোগী বাণিজ্যিক কৃত্ৰিম উপগ্ৰহ ‘টেলিষ্টাৰ—১’ উৎক্ষেপণ কৰা হয়।
- ১৯৬৫গোৱালিয়ৰত ভাৰতৰ প্ৰথমখন মহিলা এন চি চি কলেজ মুকলি কৰা হয়।
- ১৯৭৩কেৰিবিয়ান সাগৰৰ দ্বীপৰাষ্ট্ৰ বাহামে স্বাধীনতা লাভ কৰে॥
- ১৯৯২প্ৰথম ভাৰতত নিৰ্মিত (প্ৰথম) দ্বিতীয় প্ৰজন্মৰ উপগ্ৰহ INSAT-2A আমেৰিকাৰ পৰা উৎক্ষেপণ কৰা হয়।
- ২০০৭গুৱাহাটী উচ্চ ন্যায়ালয়ত ‘ই-কোৰ্ট’ আচনি প্ৰৱৰ্তন কৰা হয়। সম্প্ৰতি ই-কোৰ্ট আচনিখন ৰাষ্ট্ৰীয় ই-গৰ্ভনেন্স আচনিৰ অধীনত সামৰি লোৱা হৈছে।
- ২০০৮ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ সাহিত্যিক ছলমান ৰুশ্বদিয়ে বিশ্বৰ সন্মানীয় ‘বেষ্ট অব বুকাৰ এৱাৰ্ড’ লাভ কৰে।
- ২০১১ৰঙিয়াত পুৰী এক্সপ্ৰেছত ভয়াবহ বোমা বিস্ফোৰণ সংঘটিত হয়।
- ২০১২উত্তৰ-পূবৰ বিকাশৰ বাবে এছিয়ান ডেভলেপমেণ্ট বেংকে ২০০ নিযুত ডলাৰ ঋণ প্ৰদান কৰে।
জন্ম
- ১৮৫৬নিক'লা টেছলা, আমেৰিকান উদ্ভাৱক, বৈদ্যুতিক অভিযন্তা।
- ১৮৭১মাৰ্চেল প্ৰুষ্ট, ফৰাচী ঔপন্যাসিক, সমালোচক আৰু ৰচনাবিদ।
- ১৯৩৭ৰামশৰণ দৰ্নাল, নেপালী নৃতাত্তিক সংগীতবিজ্ঞানী
- ১৯৩৮জয়ন্ত বিষ্ণু নাৰ্লিকাৰ, পদাৰ্থ বিজ্ঞানী।
- ১৯৪০মেঘনাদ দেশাই, ভাৰতীয় অৰ্থনীতিবিদ আৰু ৰাজনীতিবিদ।
- ১৯৪৯সুনীল গাভাস্কাৰ (সুনীল মনোহৰ গাভাস্কাৰ), ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ।
- ১৯৫০পাৰৱীন চুলতানা, ভাৰতবৰ্ষৰ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীতশিল্পী, ‘সংগীত সম্ৰাজ্ঞী’।
- ১৯৫১ৰাজনাথ সিং, নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰী, ৰাজনেতা, ভাৰতীয় জনতা পাৰ্টি।
- ১৯৫৬আলোকনাথ, বলিউডৰ অভিনেতা।
মৃত্যু
- ১৩৮হেইড্ৰিয়ান, ৰোমান সাম্ৰাট।
- ১০৯৯ইল চিড, স্পেইনৰ ৰাষ্ট্ৰীয় বীৰ।
- ১৫৫৯হেনৰী দ্বিতীয়, ফ্ৰান্সৰ ৰজা।
- ১৮৫১লুই জেকচ্ মণ্ডে ডেগুয়াৰ, ফ্ৰান্সৰ উদ্ভাৱক আৰু আলোকচিত্ৰ শিল্পী।
- ১৯৮৪প'ল মৰ্ফি, আমেৰিকাৰ দবা খেলুৱৈ।
- ২০১৪জোহৰা ছেহগল, ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী আৰু নৃত্য পৰিচালক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ