ইতিহাসৰ আজিৰ দিনত
১৭ জুলাই
ঘটনাৱলী
- ১৪৮৯নিজাম শ্বাহ দিল্লীৰ চুলতান হৈছিল।
- ১৯৭৫আমেৰিকাৰ মহাকাশযান এপল’ আৰু ৰাছিয়াৰ মহাকাশযান ছয়ুজ’ৰ সংযোগ স্থাপন হৈছিল।
- ১৯৯৬‘‘শ্বু-মেকাৰ লেভী’ নামৰ ধুমকেতুটোৰ সৈতে বৃহস্পতি গ্ৰহৰ সংঘৰ্ষ ঘটিছিল।
- ১৯৯৭মাদ্ৰাজৰ নাম চেন্নাই কৰা হৈছিল।
- ২০০৬ইণ্ডোনেছিয়াৰ জাভা দ্বীপৰ সমীপত সংঘটিত ৭.৭ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত হোৱা ছুনামিত পাঁচ শতাধিক লোকৰ মৃত্যু আৰু কেইবা শতাধিক লোক সন্ধানহীন হয়।
- ২০১০বিশ্ব বেডমিণ্টন প্ৰতিযোগিতাৰ ৰেংকিংত ভাৰতৰ ছাইনা নেহৱালৰ স্থান দ্বিতীয়লৈ উন্নীত হয়। মহিলাৰ ছিংগলছ শাখাত দ্বিতীয় স্থান লাভ কৰা ছাইনা নেহৱাল ভাৰতৰ প্ৰথম বেডমিণ্টন খেলুৱৈ।
- ২০১৫কবীৰ খানৰ দ্বাৰা পৰিচালিত আৰু ছলমান খান আৰু ৰকলাইন ভেংকতেশৰ দ্বাৰা নিৰ্মিত ভাৰতীয় ড্ৰামা চলচ্চিত্ৰ বজৰংগী ভাইজান মুক্তি দিয়া হয়।
জন্ম
- ১৮৮৯আৰ্ল ষ্টেনলী গাৰ্ডেনাৰ, আমেৰিকাৰ ৰহস্য ঔপন্যাসিক।
- ১৯২০গৰ্ডন গ'ল্ড, পদাৰ্থ বিজ্ঞানী, লেজাৰৰ উদ্ভাৱক।
- ১৯২৭আন্না ৰাজম মলহোত্ৰা, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া।
- ১৯৩০শচীন ভৌমিক, হিন্দী বোলছবি জগতৰ এজন বিখ্যাত গল্প লেখক আৰু চিত্ৰনাট্যকাৰ। (মৃত্যু: ১২ এপ্ৰিল,২০১১)
- ১৯৪৭কেমিলা পাৰ্কাৰ ব'লছ, ইংলেণ্ডৰ ৰাজকুমাৰ চাৰ্লছৰ দ্বিতীয় পত্নী।
- ১৯৬৪ভবেশ দাস, অসমীয়া সাংবাদিক আৰু সাহিত্যিক
- ১৯৬৯ৰবি কিষান, ভোজপুৰী অভিনেতা, হেল্ল' ইন্সপেক্টৰ ধাৰাবাহিকৰ বাবে বিখ্যাত।
- ১৯৮৬গুঞ্জন ভৰদ্বাজ, ভাৰতীয় অভিনেতা।
মৃত্যু
- ১৭৯০এডাম স্মিথ (ইংৰাজী: Adam Smith) এগৰাকী স্কটিছ অৰ্থনীতিবিদ, দাৰ্শনিক আৰু লেখক আছিল। তেওঁ ৰাজনৈতিক অৰ্থনীতিৰ গুৰিধৰোঁতা আৰু স্কটিছ নৱজাগৰণৰ এগৰাকী মুখ্য ব্যক্তি। তেওঁক "অৰ্থনীতিৰ জনক" বা "পুঁজিবাদৰ জনক" বুলিও জনা যায়।
- ১৮৪৫চাৰ্লছ গ্ৰে', দ্বিতীয় আৰ্ল গ্ৰে', যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী।
- ১৯১৮নিকোলাছ দ্বিতীয়, ৰাছিয়াৰ অন্তিম জাৰ।
- ২০০৫এডৱাৰ্ড হিথ্, বৃটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী।
- ২০১৪প্ৰমোদ বৰুৱা, অসমীয়া চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক আৰু অভিনেতা।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ