ইতিহাসৰ আজিৰ দিনত
২২ ডিচেম্বৰ
ঘটনাৱলী
- ১৮৫১গঙ্গা খাল নিৰ্মাণ কাৰ্যৰ সামগ্ৰী পৰিবহন কৰিবৰ বাবে ৰুৰকীত ভাৰতৰ প্ৰথমখন মালবাহী ৰে'লৰ শুভাৰম্ভ কৰা হয়।
- ১৯৩৯ভাৰতীয় মুছলমানসকলে ব্ৰিটিছ যুক্তৰাজ্যৰ সৈতে দ্বিতীয় বিশ্বযুদ্ধত প্ৰৱেশ কৰাৰ সিদ্ধান্তৰ ওপৰত পৰামৰ্শ নোলোৱাৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্যসকলৰ পদত্যাগ উদযাপন কৰিবলৈ "উদ্ধাৰ দিৱস" পালন কৰে।
- ১৯৮৯সুদীৰ্ঘ ৩০ বছৰৰ মূৰত বাৰ্লিনৰ প্ৰসিদ্ধ ব্ৰেদেনবাৰ্গ গেট মুকলি কৰা হয়।
- ২০০০পপ তাৰকা মেড'না চিত্ৰ নিৰ্দেশক গাই ৰিত্চিৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
- ২০২০ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাৰ্কিন লিজিয়ন অব মেৰিট সন্মান আগবঢ়োৱাৰ কথা তদানীন্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প-এ ঘোষণা কৰে।
- ২০২১লোককৃষ্টিৰ সাধক তথা বিশিষ্ট শিল্পী খগেন গগৈক ২০২১ বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা দিয়াৰ কথা সদৌ অসম ছাত্ৰ সন্থায়ে ঘোষণা কৰে।
- ২০২২প্ৰতিবছৰে সদৌ অসম ছাত্ৰ সন্থায়ে প্ৰদান কৰি অহা প্ৰতিমা বৰুৱা পাণ্ডে বঁটা ২০২২ বৰ্ষৰ বাবে ধেমাজিৰ সন্তান, লোক-সংস্কৃতিৰ সাধক একলব্য গামলৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে।
জন্ম
- ১৬৬৬গুৰু গোবিন্দ সিং, দশম শিখ গুৰু। এজন আধ্যাত্মিক শিক্ষক, যোদ্ধা, কবি আৰু দাৰ্শনিক। যেতিয়া তেওঁৰ পিতৃ গুৰু টেগ বাহাদুৰক মোগল সম্ৰাট ঔৰঙ্গজেৱ-এ মৃত্যুদণ্ড দিছিল তেতিয়া গুৰু গোবিন্দ সিঙক ন বছৰ বয়সতে শিখসকলৰ নেতা হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছিল আৰু তেখেত দশম আৰু অন্তিম মানৱ শিখ গুৰু হিচাপে পৰিগণিত হৈছিল। তেওঁৰ চাৰিজন পুত্ৰ তেওঁৰ জীৱনকালত মৃত্যু বৰণ কৰিছিল – দুজন যুদ্ধত আৰু দুজনক মোগল সেনাপতি ৱাজিৰ খানে মৃত্যুদণ্ড দিছিল। মৃত্যু ৭ অক্টোবৰ, ১৭০৮।
- ১৮৫৩সাৰদা দেৱী, ঊনবিংশ শতিকাৰ হিন্দু সন্যাসী ৰামকৃষ্ণ পৰমহংসৰ পত্নী, সাধনসঙ্গিনী আৰু ৰামকৃষ্ণ মঠ আৰু মিছনৰ সংঘজননী। শ্ৰীৰামকৃষ্ণ সন্ন্যাসী আদেশৰ অনুগামীসকলে সৰদা দেৱীক পবিত্ৰ মাতৃ (শ্ৰীশ্ৰী মা) বুলিও শ্ৰদ্ধাৰে সম্বোধন কৰে। দক্ষিণেশ্বৰত অৱস্থিত শ্ৰী সৰদা মঠ আৰু ৰামকৃষ্ণ সৰদা মিছন সৰদা দেৱীৰ আদৰ্শ আৰু জীৱনৰ ওপৰত আধাৰিত। তেওঁ ৰামকৃষ্ণ আন্দোলনৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মৃত্যু ২০ জুলাই, ১৯২০।
- ১৯৪৭দিলীপ দোশী, প্ৰকৃত নাম দিলীপ ৰছিকলাল দোশী। গুজৰাটী মূলৰ এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ ১৯৭৯ চনৰ পৰা ১৯৮৩ চনলৈ ৩৩ খন টেষ্ট মেচ আৰু ১৫ খন এদিনীয়া আন্তৰ্জাতিক খেলত খেলিছিল। দোশী হৈছে মাত্ৰ চাৰিজন টেষ্ট বলাৰৰ ভিতৰত এজন যি ত্ৰিশ বছৰ বয়সৰ পিছত তেওঁলোকৰ প্ৰথমখন টেষ্ট মেচ খেলিছিল। তথাপিও তেওঁ ১০০তকৈ অধিক উইকেট দখল কৰিছিল। বাকী তিনিজন হৈছে ক্লেৰি গ্ৰিমেট, ছাইদ আজমল আৰু ৰিয়ান হেৰিছ।
- ১৯৯১অমৃতা গগৈ, অসমীয়া অভিনেত্ৰী।
মৃত্যু
- ১৮৮০জৰ্জ এলিয়ট, ইংৰাজ ঔপন্যাসিক, কবি, সাংবাদিক, অনুবাদক আৰু ভিক্ট'ৰিয়ান যুগৰ এগৰাকী আগশাৰীৰ লেখিকা।
- ২০১০নলিনী জয়ৱন্ত, ভাৰতীয় অভিনেত্ৰী।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ