ইতিহাসৰ আজিৰ দিনত
২৩ ডিচেম্বৰ
ঘটনাৱলী
- ১৯৫৪বিশ্বত প্ৰথমবাৰৰ বাবে বৃক্ক সংৰোপণ কৰা হয়। এই বৃক্ক সংৰোপণ বষ্টনত থকা ব্ৰিঘাম চিকিৎসালয়ত কৰা হৈছিল। চিকিৎসক যোচেফ মুৰে, জে হাৰ্টৱেল হেৰিচন, জন পি মেৰিল আৰু অন্যান্যসকলে এই কাৰ্য সম্পন্ন কৰিছিল।
- ২০০৭নেপাল ৰাষ্ট্ৰত ৰাজতন্ত্ৰৰ বিলুপ্তি ঘটাই গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবৰ বাবে চুক্তি স্বাক্ষৰিত হয়।
- ২০১৮বিধ্বংসী ছুনামিৰ ফলত ইণ্ডোনেছিয়াত দুই শতাধিকতকৈ অধিক লোকৰ মৃত্যু, আহত অসংখ্য, পাঁচ শতাধিক গৃহ ধ্বংস।
- ২০১৯আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল যোগাযোগ আয়োগৰ মুখ্য প্ৰযুক্তি বিষয়াৰ পদত অসমৰ বোৱাৰী ড° মনীষা ঘোষ। ড° ঘোষ অসমৰ বিশিষ্ট সাহিত্যিক ড° অমলেন্দু গুহ আৰু ড° অনিমা গুহৰ বোৱাৰী। উল্লেখযোগ্য যে তেৱেঁই এই পদত নিযুক্তি লাভ কৰা প্ৰথমগৰাকী মহিলা। এই ফেডাৰেল যোগাযোগ আয়োগে দেশখনৰ ৰেডিঅ', টেলিভিছন, ৱায়াৰ, ছেটেলাইট আৰু কেবল সম্প্ৰচাৰ নিয়ন্ত্ৰণ কৰে।
মৃত্যু
- ২০০০নুৰ জাহান, পাকিস্তানী নেপথ্য কণ্ঠশিল্পী তথা অভিনেত্ৰী।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ