ৱিস্কঞ্চিন (Wisconsin; ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-মধ্য অঞ্চলত অৱস্থিত এখন অংগৰাজ্য। ১৮৪৮ চনৰ ১৯ মে তাৰিখে উইচকনচিন ৩০ সংখ্যক অংগৰাজ্য হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰত যোগদান কৰে। ৰাজ্যখনৰ সীমান্তৰ পশ্চিমে মিনিচোটা, দক্ষিণ-পশ্চিমে আইৱা, দক্ষিণে ইলিনয়চ, পূবে লেক মিছিগান, উত্তৰ-পূবে মিছিগান, আৰু উত্তৰে লেক চুপিৰিয়ৰ অৱস্থিত। ৱিস্কঞ্চিন আমেৰিকাৰ ৫০খন ৰাজ্যৰ ভিতৰত মাটিকালিৰ ফালৰ পৰা ২৩ তম বৃহত্তম ৰাজ্য আৰু ২০তম আটাইটকৈ বেছি জনবসতীপূৰ্ণ ৰাজ্য। ৱিস্কঞ্চিনৰ ৰাজধানী মেডিচন আৰু বৃহত্তম নগৰ মিলৱাকি। ৰাজ্যখনক প্ৰশাসনিক সুবিধাৰ বাবে ৭২খন কাউণ্টিত ভাগ কৰা হৈছে।
নামৰ উৎপত্তি
উইচকনচিন শব্দৰ উৎপত্তি উইচকনচিন নদীক দিয়া নামৰ পৰা পৰা হৈছে। এই নাম দিছিল এলগংকিয়ান ভাষীক কিছুসংখ্যক খিলঞ্জীয়া আমেৰিকাৰ বাসিন্দাই।১ সেই সময়ত আমেৰিকা ইউৰোপৰ পৰাধিন হৈ আছিল। ফৰাচী অভিযানকাৰী জেকুৱাছ মাৰকুৱেট আছিল প্ৰথমজন ইউৰোপীয়, যি উইচকনচিন নদীলৈ আহে আৰু ইয়াৰ নাম নথিভূক্ত কৰে। ১৬৭৩ চনৰ তেওঁৰ টোকাত ইয়াক মেছকৌচিং (Meskousing) নামেৰে উল্লেখ কৰিছে।২ শব্দটোৰ বানান পাছৰ ফৰাচী অভিযানকাৰীসকলৰ হাতত Ouisconsin-ৰ ৰূপ লয়, আৰু উইচকনচিন নদীৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ ফৰাচী নাম হিচাবে জনাজাত হৈ পৰে। ১৯ শতিকাৰ আৰম্ভণিৰ পৰা ইংৰাজী ভাষীক লোকসকলে নামটোৰ ইংৰাজীকৰণৰ ফলত ই বৰ্তমানৰ ৰূপ লয়। বৰ্তমানৰ বানানটো ১৮৪৫ চনত তেতিয়াৰ উইচকনচিন টেৰিটৰিৰ বিধায়িকাই আধিকাৰিক ৰূপে গ্ৰহণ কৰে।৩
উইচকনচিনৰ এলগংকিয়ান ভাষাৰ মূল শব্দটো আৰু ইয়াৰ অৰ্থ উভয়ে সময়ৰ সোঁতত অস্পষ্ট হৈ পৰে। বিভিন্ন সূত্ৰৰ পৰা ইয়াকে কব পৰা যায় যে মূল শব্দটো নদীখন আৰু ইয়াৰ পাৰৰ ৰঙা বালি শিলক উদ্দেশ্য কৰি দিয়া হৈছিল।৪
ৰাজ্যিক প্ৰতিকসমূহ
| *নীতিবাক্য: Forward (আগলৈ) *সঙ্গীত: On Wisconsin! (অন উইচকনচিন!) *ফুল: Wood Violet *চৰাই: ৰবিন *গছ: চুগাৰ মেপল (Acer saccharum) *মাছ: Muskellunge (Esox masquinongy) *জন্তু: Badger *বন্যপ্ৰাণী: বগা নেজীয়া হৰিণ *পোহনীয়া জন্তু: গাখীৰ দিয়া গাই *খনিজ পদাৰ্থ: গেলেনা *শিলা: ৰঙা গ্ৰেনাইট *শান্তিৰ প্ৰতিক: Mourning Dove (Zenaida macroura) *পতংগ: মৌ-মাখি *মাটি: Antigo Silt Loam *জীৱাস্ম: Trilobite *কুকুৰ: American Water Spaniel *পানীয়: গাখীৰ *গুটি-শস্য: গোম-ধান *নৃত্য: পোল্কা *ডেজাৰ্ট: ক্ৰীম পাফ (প্ৰস্তাবিত)৫ |
ভূগোল
উইচকনচিনৰ মুঠ মাটিকালি ৬৫,৪৯৭.৮২ বৰ্গ মাইল (১৬৯,৬৩৯ বৰ্গ কিমি)। ৰাজ্যখনৰ সীমাৰ উত্তৰে মণ্টৰিয়েল নদী, লেক চুপিৰিয়ৰ আৰু মিছিগান; পূবে লেক মিছিগান; দক্ষিণে ইলিনয়চ; দক্ষিণ-পশ্চিমে আইৱা; আৰু উত্তৰ-পশ্চিমে মিনিচোটা অৱস্থিত। ইয়াৰ মিছিগানৰ লগত এক সীমা বিবাদ ১৯৩৫ আৰু ১৯৩৫ চনত দুটি মুকৰ্দমাৰ জৰিয়তে সমাধা কৰা হৈছিল।
উইচকনচিনৰ ৪৬% অঞ্চল হৈছে অৰণ্য। ইয়াত কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান আছে, তাৰ মাজৰে চাৰিখন আমেৰিকাৰ ৰাষ্ট্ৰীয় উদ্যান সেৱাই পৰিচালনা কৰে।৬ ৰাজ্যখনৰ লেঙ্গলেদ কাউণ্টিত আন কতো নোপোৱা এক বিশেষ ধৰণৰ মাটি পোৱা যায়, যাৰ নাম এণ্টিগো। এই মাটিক ৰাজ্যখনে ৰাজ্যিক মাটিৰ মৰ্যাদা প্ৰদান কৰিছে।
উল্লেখযোগ্য যে উইচকনচিনত এনে সাতখন ঠাই আছে য’ত ঠিয় হৈ এজন ব্যক্তিয়ে একেসময়তে চাৰিখন বেলেগ বেলেগ কাউণ্টিত থাকিব পাৰে (চাৰিখন কাউণ্টিৰ চাৰিটা কোন)।
জলবায়ু
উইচকনচিনৰ গ্ৰীষ্ম আৰু শীত কালৰ তাপমাত্ৰাৰ মাজত বৃহৎ পাৰ্থক্য দেখা যায়। বতৰ বিজ্ঞানীসকলে ইয়াৰ জলবায়ুক humid continental শ্ৰেণীত বিভাজিত কৰিছে। ৰাজ্যখনৰ নথিভুক্ত সৰ্বোচ্চত্তম তাপমাত্ৰা হৈছে ১১৪ °ফা (৪৬ °ছে) উইচকনচিন ডেলচত ১৯৩৬ চনৰ ১৩ জুলাইত; আৰু সৰ্বনিম্নত্তম তাপমাত্ৰা হৈছে কাউদ্ৰে গাঁৱত ২ আৰু ৪ ফেব্ৰুৱাৰী ১৯৯৬ তাৰিখে হোৱা −৫৫ °ফা (−৪৮ °ছে)।৭
| উইচকনচিনৰ প্ৰধান নগৰকেইখনৰ মাহেকীয়া গড় সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰাৰ তথ্য [°ফা (°ছে)] | ||||||||||||
| নগৰ | মাৰ্চ | মে | জুন | |||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|
| গ্ৰীণ বে | ২৪/৭ (−৪/-১৪) | ২৯/১২ (−২/-১১) | ৪০/২৩ (৪/-৫) | ৫৫/৩৪ (১৩/১) | ৬৮/৪৫ (২০/৭) | ৭৭/৫৪ (২৫/১২) | ৮১/৫৯ (২৭/১৫) | ৭৮/৫৬ (২৬/১৩) | ৭০/৪৮ (২১/৯) | ৫৮/৩৭ (১৪/৩) | ৪২/২৬ (৬/-৩) | ২৯/১৩ (−২/-১১) |
| লা ক্ৰচ | ২৬/৬ (−৩/-১৪) | ৩২/১৩ (০/-১১) | ৪৫/২৪ (৭/-৪) | ৬০/৩৭ (১৬/৩) | ৭২/৪৯ (২২/৯) | ৮১/৫৮ (২৭/১৪) | ৮৫/৬৩ (২৯/১৭) | ৮২/৬১ (২৮/১৬) | ৭৪/৫২ (২৩/১১) | ৬১/৪০ (১৬/৪) | ৪৪/২৭ (৭/-৩) | ৩০/১৪ (−১/-১০) |
| মেডিচন | ২৫/৯ (−৪/-১৩) | ৩১/১৪ (−১/-১০) | ৪৩/২৫ (৬/-৪) | ৫৭/৩৫ (১৪/২) | ৬৯/৪৬ (২১/৮) | ৭৮/৫৬ (২৬/১৩) | ৮২/৬১ (২৮/১৬) | ৭৯/৫৯ (২৬/১৫) | ৭১/৫০ (২২/১০) | ৬০/৩৯ (১৬/৪) | ৪৩/২৮ (৬/-২) | ৩০/১৬ (−১/-৯) |
| মিলৱাকি | ২৮/১৩ (−১/-১১) | ৩২/১৮ (০/-৮) | ৪৩/২৭ (৬/-৩) | ৫৪/৩৬ (১২/২) | ৬৬/৪৬ (১৯/৮) | ৭৬/৫৬ (২৪/১৩) | ৮১/৬৩ (২৭/১৭) | ৭৯/৬২ (২৬/১৭) | ৭২/৫৪ (২২/১২) | ৬০/৪৩ (১৬/৬) | ৪৬/৩১ (৮/-১) | ৩৩/১৯ (১/-৭) |
| উৎস: ustravelweather.com |
তথ্যসূত্ৰ
- ↑ Wisconsin's Name: Where it Came from and What it Means. Wisconsin Historical Society
- ↑ Marquette, Jacques. (1673). Early Narratives of the Northwest, 1634–1699. Charles Scribner's Sons. পৃ. 235
- ↑ Smith, Alice E. (1942). Stephen H. Long and the Naming of Wisconsin. Wisconsin Magazine of History. Wisconsin Historical Society. পৃ. 67–71
- ↑ McCafferty, Michael. 2003. On Wisconsin: The Derivation and Referent of an Old Puzzle in American Placenames. Onoma 38: 39–56
- ↑ "2011 Senate Bill 100", Wisconsin State Legislature, Retrieved on 9 March 2012
- ↑ Wisconsin. National Park Service
- ↑ Benedetti, Michael. Climate of Wisconsin. The University of Wisconsin–Extension
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱিস্কঞ্চিন” প্ৰবন্ধৰ সংশোধন ৬২৮৯৩৩ (১৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।