শৈক্ষিক প্ৰতিষ্ঠান
৪ প্ৰবন্ধ
-
ৱিকিমিডিয়া ফাউণ্ডেশ্যন
ৱিকিমিডিয়া ফাউণ্ডেশ্যন, ইন্ক'ৰ্প'ৰেছন হৈছে এটা আমেৰিকান অব্যৱসায়িক দাতব্য সংস্থা। ফ্ল'ৰিডাৰ আইনৰ অধীনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় চান ফ্ৰান্সিচ্ক', কেলিফ'ৰ্নিয়াত অৱস্থিত।
-
ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়
ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় (National School of drama, NSD) ভাৰতৰ নতুন দিল্লীত অৱস্থিত এখন নাট্য প্ৰশিক্ষণ প্ৰতিষ্ঠান। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ ই এটা স্বায়ত্তশাসিত সংগঠন।
-
প্ৰাগজ্যোতিষ মহাবিদ্যালয়
প্ৰাগজ্যোতিষ মহাবিদ্যালয় (Pragjyotish College) হৈছে অসমৰ কামৰূপ (মহানগৰ) জিলাৰ ভৰলুমুখত অৱস্থিত এখন শিক্ষানুষ্ঠান। ১৯৫৪ চনত মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়। মহাবিদ্যালয়ৰ পাঠ্যক্ৰম গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত।
-
অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, নতুন দিল্লী
অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান - নতুন দিল্লী (এইমছ্ নতুন দিল্লী) ভাৰতৰ নতুন দিল্লীত অৱস্থিত এখন ৰাজহুৱা চিকিৎসালয় আৰু চিকিৎসা গৱেষণা প্ৰতিষ্ঠান। ই ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনৰ এখন স্বায়ত্বশাসিত প্ৰতিষ্ঠান। প্ৰতিষ্ঠানখন এইমছ্ আইন, ১৯৫৬ অনুসৰি পৰিচালিত হয়।