অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

দ্য ট্ৰুথ একৰ্ডিং টু ৱিকিপিডিয়া

দ্য ট্ৰুথ একৰ্ডিং টু ৱিকিপিডিয়া (The Truth According to Wikipedia, Wiki's Waarheid) এখন ৱিকিপিডিয়া বিষযক, ইজব্ৰেণ্ড ভেন ভীলেন পৰিচালিত ওলণ্ডাজ তথ্যচিত্ৰ।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ২০৬ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

দ্য ট্ৰুথ একৰ্ডিং টু ৱিকিপিডিয়া (The Truth According to Wikipedia, Wiki's Waarheid) এখন ৱিকিপিডিয়া বিষযক, ইজব্ৰেণ্ড ভেন ভীলেন পৰিচালিত ওলণ্ডাজ তথ্যচিত্ৰ। এইখন ৪ এপ্ৰিল ২০০৮ত আমষ্টাৰডামত অনুষ্ঠিত পৰৱৰ্তী ৱেব সন্মিলনত প্ৰদৰ্শিত তথা নেডাৰলেণ্ড-২ চেনেলত ৭ এপ্ৰিল ২০০৮ত টেলিভিচন তথ্যচিত্ৰ কাৰ্যসূচী- বেকলাইটৰ দ্বাৰা সম্প্ৰচাৰিত হৈছিল। পৰৱৰ্তী সময়ত ই আমেৰিকান পাব্লিক টেলিভিচনতো উপলব্ধ হৈছিল।

তথ্যচিত্ৰখনে ৱিকিপিডিয়াৰ নিৰ্ভৰযোগ্যতা আৰু বিশেষজ্ঞ আৰু অপেচাদাৰী সম্পাদকৰ অৱদানৰ বৈপৰীত্য সম্পৰ্কে পৰ্যালোচনা কৰিছে। তথ্যচিত্ৰখনে ৱিকিপিডিয়াৰ সহ-প্ৰতিষ্ঠাপক জিম্মী ৱেল্‌ছ আৰু লেৰী ছেংগাৰ, দ্য কাল্ট অফ এমেচাৰৰ লেখক এণ্ড্ৰিউ কীন, ও’ৰেয়িলী মেডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া টিম ও’ৰেয়েলী আৰু এনচাক্লোপিডিয়া ব্ৰিটেনিকাৰ প্ৰাক্তন মুখ্য সম্পাদক ৰবাৰ্ট মেকহেনৰীৰ ভাষ্য গ্ৰহণ কৰিছে। কীনে কৈছে যে এই ৱেব-২ পৰিঘটনাৰ সময়চোৱাত বিশেষজ্ঞসকলে তথ্যৰ অভিভাৱক হিচাপে ভূমিকা লোৱা উচিত। কীনৰ এই দৃষ্টিভঙ্গীক ছেংগাৰৰ বিশ্লেষণেও সমৰ্থন কৰিছে।

দ্য ট্ৰুথ একৰ্ডিং টু ৱিকিপিডিয়াই সাধাৰণভাবে এক ধনাত্মক সঁহাৰি লাভ কৰিছিল। চলচ্চিত্ৰ বিষয়ক আলোচনী ফিল্ম কোৱাৰ্টাৰ্লীয়ে ইয়াক “wikipistemology-ৰ তীক্ষ্ণ আৰু ব্যপক অৱলোকন” ৰূপে বৰ্ণনা কৰিছে।১ চেণ্টাৰ ফৰ ষ্টেটেজিক এণ্ড ইণ্টাৰনেচনেল ষ্টাডীজে তথ্যচিত্ৰখনক “ভাল” বুলি ৰেটিং কৰিছে আৰু সঠিক তথ্যউৎসৰ বিষয়ে শিক্ষাৰ্থীসকলক শিকোৱাৰ এক উপযোগী সমল বুলি বৰ্ণনা কৰিছে।২ মিডিয়া বিশেষজ্ঞ মিৰ্কো টবিয়াচ শ্বেফাৰৰ মতে ই ৱেবচাইটত উপস্থাপন কৰা সত্য সম্পৰ্কে এক উপযুক্ত বিতৰ্ক। নতুন মেডিয়া বিষয়ক লেখক ষ্টিফেন ডাউনচে কৈছে, তথ্যচিত্ৰখনে ৱেব ৩.০ পৰিঘটনাৰ ব্যাপক সন্দৰ্ভত ৱিকিপিডিয়াৰ স্থান নিৰূপনত ই যি সক্ষমতা দেখুৱাইছে, তাৰবাবেই ই আকৰ্ষণীয় আছিল।

তথ্যসূত্ৰ

  1. ↑ Walters, Ben. (Fall 2008). Grey Areas. Film Quarterly. পৃ. 78–79
  2. ↑ Dennis Falk, Susan Moss, Martin Shapiro. (2009). Teaching Seven Revolutions: A Tool Kit for Educating Globally Competent Citizens. Center for Strategic and International Studies

সম্পৰ্কিত শ্ৰেণী

তথ্যচিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য ট্ৰুথ একৰ্ডিং টু ৱিকিপিডিয়া” প্ৰবন্ধৰ সংশোধন ৬২৪০৫৬ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।