পাকিস্তানৰ অভিনেত্ৰী
১৩ প্ৰবন্ধ
-
শ্বীমা কেৰমানী
শ্বীমা কেৰমানী (Sheema Kermani; জন্ম: ১৬ জানুৱাৰী ১৯৫১) এগৰাকী পাকিস্তানী শাস্ত্ৰীয় নৃত্যশিল্পী আৰু সমাজ কৰ্মী। তেখেত তেহৰিক-ই-নিছৱান কালচাৰেল একচন গ্ৰুপ (মহিলা আন্দোলন)ৰ প্ৰতিষ্ঠাপক। তেখেত ভাৰতনাট্যম নৃত্যৰ প্ৰতিনিধিও।
-
উজৰা বাট
উজৰা বাট (Tripti Mitra; জন্ম: মুমতাজ; ২২ মে’ ১৯১৭- ৩১ মে’ ২০১০) ভাৰতীয় উপমহাদেশৰ এগৰাকী নাট্য ব্যক্তিত্ব। ১৯৬৪ চনত তেওঁ পাকিস্তানলৈ গুছি যায়। ভাৰততে বাস কৰা তেওঁৰ ভনীয়েক জোহৰা ছেহগলে উজৰা পাকিস্তানলৈ গুছি যোৱা কথাটো অলপো ভাল পোৱা নাছিল।
-
জুবেইদা খানুম
জুবেইদা খানুম (১৯৩৫ – ১৯ অক্টোবৰ ২০১৩) এগৰাকী পাকিস্তানী নেপথ্য কণ্ঠশিল্পী তথা লোক গায়িকা৷ ১৯৫০ চনৰ পৰা ১৯৬০ চনলৈ পাকিস্তানী চলচ্চিত্ৰ সংগীতৰ সোণালী যুগত তেওঁ ২৫০ খনতকৈও অধিক চলচ্চিত্ৰৰ গীতত কণ্ঠদান কৰিছিল।
-
মদীহা গৌহৰ
মদীহা গৌহৰ (Madeha Gauhar; ২১ ছেপ্টেম্বৰ ১৯৫৬ – ২৫ এপ্ৰিল ২০১৮) এগৰাকী পাকিস্তানী টিভি আৰু মঞ্চ অভিনেত্ৰী, নাট্যকাৰ আৰু সামাজিক থিয়েটাৰৰ পৰিচালক, আৰু নাৰী অধিকাৰ কৰ্মী। ১৯৮৪ চনত তেওঁ আজোকা থিয়েটাৰ প্ৰতিষ্ঠা কৰে য’ত ভ্ৰাম্যমাণ থিয়েটাৰ, ৰাজপথ আৰু ৰাজহুৱা স্থানত সামাজিক বিষয়বস্তু মঞ্চস্থ কৰা হয়।
-
স্বৰণ লতা (অভিনেত্ৰী)
স্বৰণ লতা (উৰ্দু: سوَرن لتا, হিন্দী: स्वर्न लता, ইংৰাজী: Swaran Lata) ২০ ডিচেম্বৰ ১৯২৪ – ৮ ফেব্ৰুৱাৰী ২০০৮) এগৰাকী পাকিস্তানী চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ প্ৰথমে ব্ৰিটিছ ভাৰতৰ চলচ্চিত্ৰ জগতত নিজৰ কৰ্মজীৱন আৰম্ভ কৰে আৰু পিছলৈ পাকিস্তানলৈ গুচি যায়।
-
হিনা শ্বাহীন
হিনা শ্বাহীন (জন্ম ১৩ ফেব্ৰুৱাৰী ১৯৭১) হৈছে এক পাকিস্তানি টেলিভিছন, চলচ্চিত্ৰ অভিনেত্ৰী আৰু মঞ্চ অভিনেত্ৰী।
-
ছমী আলী
ছমী আলী (উৰ্দু: سومی علی; জন্ম ২৫ মাৰ্চ ১৯৭৬) এগৰাকী পাকিস্তানী-আমেৰিকান অভিনেত্ৰী, লেখিকা, চলচ্চিত্ৰ নিৰ্মাতা, মডেল আৰু সমাজকৰ্মী, যিয়ে বলিউড চলচ্চিত্ৰত কাম কৰিছে। তেওঁ ২০০৭ চনৰপৰা “ন' ম'ৰ টিয়েৰ্চ” নামৰ এটা অলাভজনক সংস্থা পৰিচালনা কৰি আহিছে।
-
জাৰা এছ খান
জাৰা এছ খান (ইংৰাজী: Zahrah S. Khan) এগৰাকী ভাৰতত কৰ্মৰত ব্ৰিটিছ অভিনেত্ৰী আৰু নেপথ্য গায়িকা। তেওঁ অভিনেত্ৰী আৰু গায়িকা হিচাপে বলিউডলৈ অৱদান আগবঢ়াইছে।
-
জীনত বেগম
জীনত বেগম (ইংৰাজী: Zeenat Begum; জন্ম: ১১ নৱেম্বৰ ১৯৩১ – ১১ ডিচেম্বৰ ২০০৭) এগৰাকী পাকিস্তানী গায়িকা আছিল।
-
ফৰয়াল গোহৰ
ফৰয়াল গোহৰ (Faryal Gohar, জন্ম: ১৮ ডিচেম্বৰ ১৯৫৯) এগৰাকী পাকিস্তানী অভিনেত্ৰী, টেলিভিছন লেখিকা আৰু মানৱ অধিকাৰ কৰ্মী। উৰাণ, চান্দনী ৰাঁতে, চান্দ গ্ৰেহান, উইছাল আৰু মোহিনী মেনচন কি চিণ্ডেৰেলায়ন আদি চলচ্চিত্ৰত অভিনয় কৰি তেওঁ পৰিচিত।
-
মুছাৰাট শ্বাহীন
মুছাৰাট শ্বাহীন হৈছে খাইবাৰ পখতুনখোৱাৰ এগৰাকী পাকিস্তানী অভিনেত্ৰী-ৰাজনীতিবিদ। তেওঁ পাকিস্তান তেহৰিক-ই-মাছাৱতৰ অধ্যক্ষা। ৰাজনীতিৰ বাহিৰেও তেওঁ পশতু চিনেমাৰ এগৰাকী উল্লেখযোগ্য অভিনেত্ৰী আছিল। তেওঁ পাকিস্তানৰ পশতু ভাষাৰ চিনেমাৰ প্ৰথম নায়িকা হিচাপে পৰিচিত।
-
ৰাণী বেগম
ৰাণী বেগম (رانی بیگم; ৮ ডিচেম্বৰ ১৯৪৬ – ২৭ মে' ১৯৯৩) আছিল এগৰাকী পাকিস্তানী চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। ১৯৬০ দশকৰ শেষৰফালে তেওঁ ৱাহিদ মুৰাদেৰ সৈতে সফল জুটি হিচাপে খ্যাতি লাভ কৰে।
-
ৰেহানা
ৰেহানা অঞ্জুমান চৌধুৰী ( Rehana Anjuman Choudhary; ১০ মাৰ্চ ১৯৩১ – ২৩ এপ্ৰিল ২০১৩), বা চমুকৈ ৰেহানা এগৰাকী চলচ্চিত্ৰ অভিনেত্ৰী আছিল। তেওঁ মূলতঃ ভাৰতীয় আৰু পাকিস্তানী চলচ্চিত্ৰত কাম কৰিছিল। তেওঁক "দ্য কুইন অফ চাৰ্ম" আৰু "দ্য ডান্সিং ডেমচেল অফ বম্বে" নামেৰেও জনা যায়।