অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

আই চি চি পুৰুষ টুৱেণ্টি২০ বিশ্বকাপ ২০২৪

আই চি চি পুৰুষ টুৱেণ্টি২০ বিশ্বকাপ ২০২৪ (2024 ICC Men's T20 World Cup) হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় টি-২০ দ্বিবাৰ্ষিক বিশ্বকাপৰ নৱম সংস্কৰণ। ২০২৪ চনৰ ১ৰ পৰা ২৯ জুনলৈকে ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত খেলসমূহ অনুষ্ঠিত হ'ব।

হালনাগাদ: ৩০ মাৰ্চ ২০২৬ ৪৭৬ শব্দ · ৩ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

আই চি চি পুৰুষ টুৱেণ্টি২০ বিশ্বকাপ ২০২৪ (2024 ICC Men's T20 World Cup) হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় টি-২০ দ্বিবাৰ্ষিক বিশ্বকাপৰ নৱম সংস্কৰণ। ২০২৪ চনৰ ১ৰ পৰা ২৯ জুনলৈকে ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত খেলসমূহ অনুষ্ঠিত হ'ব।১ উল্লেখযোগ্য যে, আমেৰিকাত অনুষ্ঠিত হোৱা এইখনেই হৈছে প্ৰথম আইচিচিৰ প্ৰতিযোগিতা৷ ২ ৱেষ্ট ইণ্ডিছে টি-২০ বিশ্বকাপ দ্বিতীয়বাৰৰ কাৰণে আয়োজন কৰিছে। ইয়াৰ আগতে তেওঁলোকে ২০১০ চনত টি-২০ বিশ্বকাপৰ আয়োজন কৰিছিল৷৩টি-২০ বিশ্বকাপৰ পূৰ্বৰ সংস্কৰণটোত ইংলেণ্ডে ফাইনেলত পাকিস্তানক পৰাস্ত কৰি ডিফেণ্ডিং চেম্পিয়ন হিচাপে এইবাৰ অৱতীৰ্ণ হৈছে।

২০২২ চনৰ প্ৰতিযোগিতাত অংশ লোৱা ১৬টা দলৰ সংবৰ্ধন হৈ এইবাৰ অভিলেখসংখ্যক ২০টা দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ ইয়াৰ ভিতৰত আয়োজক দেশ আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজ৷ ২০২২ চনৰ সংস্কৰণৰ শীৰ্ষ আঠটা দল, আইচিচি পুৰুষৰ টি-২০আই দলৰ ৰেংকিঙৰ পৰৱৰ্তী দুটা দল আৰু আঞ্চলিক কোৱালিফায়াৰৰ দ্বাৰা নিৰ্ধাৰিত আঠটা দল অন্তৰ্ভুক্ত। কানাডা আৰু উগাণ্ডাই প্ৰথমবাৰৰ বাবে পুৰুষৰ টি-২০ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে আমেৰিকাই সহ-আয়োজক হোৱাৰ ফলত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছে।

পূৰ্বৰ সংস্কৰণটোৰ চেম্পিয়ন ইংলেণ্ডক৪ ভাৰতে ছেমি-ফাইনেলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে৷ ফাইনেলত ভাৰতে দক্ষিণ আফ্ৰিকাক ৭ ৰাণৰ ব্যৱধানত হৰুৱাই টি২০ বিশ্বকাপত ১৭ বছৰৰ পাছত দ্বিতীয়টো খিতাপ দখল কৰে৷ ৫

বিন্যাস

বিশ্বকাপলৈ যোগ্যতা অৰ্জনকাৰী ২০টা দলক পাঁচটা দলৰ চাৰিটা গোটত ভাগ কৰা হৈছে৷ প্ৰতিটো গোটৰ শীৰ্ষ দুটা দল ছুপাৰ ৮ ৰাউণ্ডলৈ আগবাঢ়িব।১৬ এই পৰ্যায়ত যোগ্যতা অৰ্জনকাৰী দলসমূহক চাৰিজনীয়া দুটা গোটত বিভক্ত কৰা হ’ব৷ তাৰপিছত প্ৰতিটো গোটৰ পৰা শীৰ্ষ দুটা দলে নকআউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিব, য'ত দুখন ছেমি ফাইনেল আৰু এখন ফাইনেল থাকিব।৭

আয়োজক নিৰ্বাচন

২০২১ চনৰ নৱেম্বৰ মাহত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ঘোষণা কৰে যে ২০২৪ চনৰ পুৰুষৰ টি-২০ বিশ্বকাপ আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ'ব।৮ দুবছৰৰ প্ৰস্তুতিৰ পিছত ক্ৰিকেট ৱেষ্ট ইণ্ডিজ আৰু ইউ এছ এ ক্ৰিকেটে যৌথ নিবিদা দাখিল কৰে, যাক দুয়োটা সংস্থাৰ মাজত কৌশলগত অংশীদাৰিত্বৰ অংশ হিচাপে গঠন কৰা হয়।৯

নীতি আৰু যোগ্যতা

২০২২ চনৰ প্ৰতিযোগিতাৰ শীৰ্ষৰ আঠটা দল আৰু আয়োজক দেশ দুখনে স্বয়ংক্ৰিয়ভাৱে এইবাৰৰ প্ৰতিযোগিতাখনৰ বাবে যোগ্যতা অৰ্জন কৰিছে। বাকী দুটা দল আইচিচি পুৰুষৰ টি২০ দলৰ শ্ৰেষ্ঠ ৰেংকিঙৰ পৰা নিৰ্বাচিত কৰা হৈছে; যিকেইটা দলে ২০২২ চনৰ ১৪ নৱেম্বৰলৈকে ফাইনেলত স্থান নিশ্চিত কৰিব পৰা নাছিল৷১০১১

বাকী আঠটা স্থান আইচিচিৰ আঞ্চলিক কোৱালিফায়াৰৰ জৰিয়তে পূৰণ কৰা হৈছে; য'ত আফ্ৰিকা, এছিয়া আৰু ইউৰোপৰ দুটা দল আৰু আমেৰিকা আৰু পূব এছিয়া-প্ৰশান্ত মহাসাগৰীয় গোটৰ পৰা এটাকৈ দল আছে।১২২০২২ চনৰ মে' মাহত আইচিচিয়ে ইউৰোপ, পূব এছিয়া-প্ৰশান্ত মহাসাগৰীয় আৰু আফ্ৰিকাৰ বাবে উপ-আঞ্চলিক অৰ্হতাৰ পথ নিশ্চিত কৰে।১৩

২০২৩ চনৰ জুলাই মাহত ইউৰোপ কোৱালিফায়াৰৰ পৰা আয়াৰলেণ্ড আৰু স্কটলেণ্ডে যোগ্যতা অৰ্জন কৰা প্ৰথম দুটা দল হিচাপে পৰিগণিত হয়৷ ইয়াৰ পিছতে পূব এছিয়া-প্ৰশান্ত মহাসাগৰীয় কোৱালিফায়াৰৰ পৰা পাপুৱা নিউ গিনি অন্তৰ্ভুক্ত হয়।১৪১৫২০২৩ চনৰ অক্টোবৰ মাহত আমেৰিকীয় কোৱালিফায়াৰত বাৰ্মুডাক পৰাস্ত কৰি কানাডাই নিজৰ অৰ্হতা নিশ্চিত কৰে।১৬ পিছৰ মাহত নেপাল আৰু ওমানে নেপালত অনুষ্ঠিত এছিয়া কোৱালিফায়াৰৰ ফাইনেলত প্ৰৱেশ কৰাৰ পিছত বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰে৷১৭ তাৰ পিছত নামিবিয়া আৰু উগাণ্ডাই আফ্ৰিকা কোৱালিফায়াৰত শীৰ্ষ দুটাত স্থান নিশ্চিত কৰাৰ পিছত যোগ্যতা অৰ্জন কৰা অন্তিম দুটা দল হিচাপে পৰিগণিত হয়। জিম্বাবুৱে একমাত্ৰ টেষ্ট খেলা দেশ হিচাপে পৰিগণিত হয়, যি যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে।১৮১৯

যোগ্যতাৰ প্ৰক্ৰিয়াযোগ্যতা অৰ্জনৰ তাৰিখস্থানদলৰ সংখ্যাদল
আয়োজক১৬ নৱেম্বৰ ২০২১rowspan=2২
২০২২ চনৰ টি২০ পুৰুষ বিশ্বকাপ১৩ নৱেম্বৰ ২০২২৮
আইচিচি পুৰুষ টি২০ ৰেংকিং১৪ নৱেম্বৰ ২০২২rowspan=2২
ইউৰোপ কোৱালিফায়াৰ২০-২৮ জুলাই ২০২৩২
পূব এছিয়-পেচিফিক কোৱালিফায়াৰ২২-২৯ জুলাই ২০২৩১
আমেৰিকাছ কোৱালিফায়াৰ৩০ ছেপ্টেম্বৰ-৭ অক্টোবৰ ২০২৩১
এছিয়া কোৱালিফায়াৰ৩০ অক্টোবৰ-৫ নৱেম্বৰ ২০২৩২
আফ্ৰিকা কোৱালিফায়াৰ২২-৩০ নৱেম্বৰ ২০২৩২
সৰ্বমুঠ২০

খেলৰ বিষয়ববীয়াসকল

২০২৪ চনৰ ৩ মে'ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে প্ৰতিযোগিতাখনৰ প্ৰথম ৰাউণ্ডৰ বাবে মেচ ৰেফাৰী আৰু আম্পায়াৰৰ তালিকা প্ৰকাশ কৰে।২০২১

গোট পৰ্যায়

ছুপাৰ এইট

ছেমি ফাইনেল

ছেমি ফাইনেল ১


ছেমি ফাইনেল ২


ফাইনেল


তথ্যসূত্ৰ

  1. ↑ Next Men's T20 World Cup set to be played from June 4 to 30, 2024. ESPNcricinfo
  2. ↑ 2024 T20 World Cup: USA granted automatic qualification. BBC Sport
  3. ↑ (30 May 2024). T20 World Cup 2024: Dates, Groups, Venues - NDTV Sports. NDTV Sports
  4. ↑ (13 November 2022). Sam Curran and Ben Stokes the heroes of the final as England break Pakistan hearts. ESPNcricinfo
  5. ↑ India seal T20 World Cup glory after epic duel against South Africa. International Cricket Council
  6. ↑ (21 November 2022). New format, new location: How the 2024 T20 World Cup will look. International Cricket Council
  7. ↑ (16 November 2021). USA to stage T20 World Cup: 2024–2031 ICC Men's tournament hosts confirmed. International Cricket Council
  8. ↑ (16 November 2021). USA to stage T20 World Cup: 2024–2031 ICC Men's tournament hosts confirmed. International Cricket Council
  9. ↑ (16 November 2021). Cricket West Indies and USA Cricket hail successful joint bid to host ICC Men's T20 World Cup in 2024. USA Cricket
  10. ↑ Twelve teams to get automatic entry into 2024 men's T20 World Cup. ESPN Cricinfo
  11. ↑ Denmark, Italy one step from T20 World Cup 2024 as Europe qualification continues. International Cricket Council
  12. ↑ Qualification pathway for marquee ICC events confirmed. International Cricket Council
  13. ↑ Qualification pathway for ICC Men's T20 World Cup 2024 announced. International Cricket Council
  14. ↑ Ireland and Scotland seal their place in 2024 Men's T20 World Cup. ESPNcricinfo
  15. ↑ Papua New Guinea qualify for 2024 Men's T20 World Cup. ESPNcricinfo
  16. ↑ Dhaliwal, Sana star as Canada qualify for T20 World Cup for the first time in their history. ESPNcricinfo
  17. ↑ Nepal and Oman qualify for 2024 men's T20 World Cup. ESPNcricinfo
  18. ↑ Namibia seal their spot in 2024 T20 World Cup. ESPNcricinfo
  19. ↑ (30 November 2023). Zimbabwe fail to qualify for 2024 T20 World Cup; Uganda make it. ESPNcricinfo
  20. ↑ (3 May 2024). ICC announces 26 match officials for T20 World Cup. Times of India
  21. ↑ (3 May 2024). Match officials revealed for the ICC Men's T20 World Cup 2024. International Cricket Council

সম্পৰ্কিত শ্ৰেণী

খেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আই চি চি পুৰুষ টুৱেণ্টি২০ বিশ্বকাপ ২০২৪” প্ৰবন্ধৰ সংশোধন ৫৯৭৫৩০ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।