ৰামাপ্পা মন্দিৰ (Ramappa Temple) ৰুদ্ৰেশ্বৰা মন্দিৰ হিচাপেও পৰিচিত৷ ৰামাপ্পা মন্দিৰ হৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ৷ এই মন্দিৰটো দক্ষিণ ভাৰতৰ তেলংগানা জিলাত অৱস্থিত৷১ হাইদৰাবাদৰ পৰা এই মন্দিৰটো ২০৯ কিলোমিটাৰ (১৩০ মাইল) নিলগত৷ মুলুগু জিলাৰ ভেংকটপুৰ মণ্ডলৰ পালেমপেট নামৰ এখন ক্ষুদ্ৰাকৃতিৰ গাঁৱত এই মন্দিৰটো অৱস্থিত৷ ২মন্দিৰটোত থকা এখন শিলালিপিৰ মতে, এই মন্দিৰটো ১২১৩ খ্ৰীষ্টাব্দৰে বুলি জানিব পৰা গৈছে৷ উল্লেখ কৰা হৈছে যে, কাকতীয় সেনাধ্যক্ষ (জেনেৰেল) ৰেচালা ৰুদ্ৰৰ দ্বাৰা ইয়াৰ নিৰ্মাণ সম্পন্ন হৈছিল৷ ৩সেইসময়ত কাকতীয় শাসনকৰ্তা আছিল গণপতি দেৱ৷
এই মন্দিৰটো শিৱালায়াম, য'ত ভগৱান ৰামালিংগেশ্বৰক উপাসনা কৰা হয়৷ পৰিব্ৰাজক মাৰ্ক' প'ল' কাকতীয় সাম্ৰাজ্যলৈ আহোঁতে এই মন্দিৰটোক "মন্দিৰৰ তাৰকাৰাজ্যত উজ্জ্বলতম তৰা" হিচাপে আখ্যা দিছিল বুলি অনুমান কৰা হয়৷ ৪ ৰামাপ্পা মন্দিৰটো ৬ ফুট ওখ তৰাসদৃশ মঞ্চত উপৱিষ্ট হৈ আছে৷ ৫
ৰামাপ্পা মন্দিৰৰ মূল গাঁথনিটো ৰঙচুৱা বালিশিলেৰে নিৰ্মিত৷ বাহিৰৰ স্তম্ভকেইটা ক'লা বাচাল্ট শিলৰ আৰু বৃহৎ বন্ধনীকেইটাত লো, মেগনেছিয়াম আৰু ছিলিকাৰ পৰিমাণ অধিক৷ এইবোৰত পৌৰাণিক জন্তু আৰু নৰ্তকী অথবা সংগীতশিল্পীৰ ছবি খোদিত কৰা হৈছে৷ এই ভাস্কৰ্যক কাকতীয় কলাৰ শ্ৰেষ্ঠতম নিদৰ্শন বুলি ক'ব পাৰি৷ সূক্ষ্ম কাৰুকাৰ্য, কমনীয় ভংগীমা আৰু দীৰ্ঘদেহী শৰীৰ তথা মূৰৰ বাবে এই ভাস্কৰ্য বিশেষভাৱে লক্ষণীয়৷৬
২০১৫ চনৰ ১০ ছেপ্টেম্বৰত এই মন্দিৰটোক ইউনেস্ক'ৰ বিশ্ব ঐতিহ্যবাহী স্থানৰ তালিকাভুক্ত কৰিবলৈ প্ৰস্তাৱনা জমা দিয়ে৷ ৫ ২০১৯ চনত ইউনেস্ক'ৰ বিশ্ব ঐতিহ্যবাহী স্থানৰ সম্ভাব্য তালিকাত এই মন্দিৰটো গৌৰৱময় কাকতীয় মন্দিৰ আৰু প্ৰৱেশপথ হিচাপে স্থানভুক্ত হয়৷ ৫ সৰ্বশেষত ২০২১ চনৰ ২৫ জুলাই তাৰিখে ৰামাপ্পা মন্দিৰক ইউনেস্ক'ৱে কাকতীয় ৰুদ্ৰেশ্বৰা (ৰামাপ্পা) মন্দিৰ, তেলংগানা হিচাপে বিশ্ব ঐতিহ্যবাহী স্থানৰ তালিকাত অন্তৰ্ভুক্ত কৰে৷ ১৭
তথ্যসূত্ৰ
- ↑ Nanisetti, Serish. (2021-07-25). Telangana’s Ramappa Temple inscribed as a World Heritage Site. The Hindu
- ↑ The Shiva temples at Palampet
- ↑ P. V. P. Sastry 1978, পৃ. 143
- ↑ Dobbie, Aline. (2006). India: The Elephant's Blessing. Melrose Press. পৃ. 36. ISBN 978-1-905226-85-6
- ↑ UNESCO "The Glorious Kakatiya Temples and Gateways", Tentative List
- ↑ Michell, 385
- ↑ UNESCO. (2021-07-25). Cultural sites in China, India, Iran and Spain inscribed on UNESCO’s World Heritage List. UNESCO
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰামাপ্পা মন্দিৰ” প্ৰবন্ধৰ সংশোধন ৪২৬৮৫৭ (২৬ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।