ৰম্য সুব্ৰমণিয়াম (ইংৰাজী ভাষা: Ramya Subramanian; জন্ম: ৩০ জুলাই), যাক ভিজে ৰম্য নামেৰেও জনা যায়, এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু টেলিভিছন ঘোষিকা। তেওঁ মূলতঃ তামিল ভাষা চলচ্চিত্ৰ উদ্যোগত কৰ্মৰত।
প্ৰাৰম্ভিক জীৱন
ৰম্যৰ জন্ম হৈছিল তাঞ্জাভুৰত। তেওঁ পদ্মা শেষাদ্ৰী বালা ভৱনত দশম শ্ৰেণীৰ লৈকে শিক্ষা গ্ৰহণ কৰিছিল আৰু আদৰ্শ বিদ্যালয়ৰপৰা একাদশ আৰু দ্বাদশ শ্ৰেণী সম্পূৰ্ণ কৰিছিল। তেওঁ চেন্নাইৰ এম.অ'.পি. বৈষ্ণৱ কলেজ ফৰ উইমেনৰপৰা ভিজুৱেল কমিউনিকেচনত বি.এছচি ডিগ্ৰী লাভ কৰিছিল।১
কেৰিয়াৰ
ৰম্যই ২০০৪ চনত মিছ চেন্নাই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ষ্টাৰ বিজয় চেনেলৰ কালাক্কাপোভাডু য়াৰু?, উংগালিল য়াৰ আদুথা প্ৰভাদেৱা?, নাম্মা ভেটু কল্যাণম আৰু কেডি বয়জ কিলাডি গাৰ্লছ আদিকে ধৰি বিভিন্ন টেলিভিছন অনুষ্ঠানৰ আঁত ধৰিছিল।২ বিবাহৰ পিছত তেওঁ প্ৰকাশ কৰিছিল যে তেওঁ টেলিভিছনৰ কাম কমাই দিব আৰু কামৰ ক্ষেত্ৰত অধিক নিৰ্বাচনী হ’ব।৩
২০০৭ চনত ৰম্যই মোঝি চলচ্চিত্ৰত এক অনুল্লেখিত চৰিত্ৰৰ জৰিয়তে অভিনয়ৰ পাতনি মেলে।৪ ২০১৫ চনত তেওঁ মণিৰত্নমৰ অ’ কাদাল কানমণিত দুলকুৱাৰ ছলমানৰ বান্ধৱী অনন্যাৰ চৰিত্ৰত অভিনয় কৰে।৫ একে বছৰতে তেওঁ ৯২.৭ বিগ এফ.এমত এগৰাকী আৰ.জে হিচাপে কাম কৰিবলৈ লয়।৬ ২০১৯ চনৰ আগষ্ট মাহত তেওঁ 'ডব্লিউ.ই মেগাজিন'ৰ ফিটনেছ স্পেচিয়েল সংখ্যাৰ বেটুপাতত স্থান পাইছিল।৭ ইয়াৰ উপৰি তেওঁ বহুতো অনুষ্ঠান আৰু বঁটা বিতৰণী সমাৰোহৰ আঁত ধৰিছে।৮
ৰম্য এগৰাকী স্বাস্থ্য প্ৰশিক্ষকো।৯
ব্যক্তিগত জীৱন
ৰম্যই ২০১৪ চনত অপৰাজিত জয়ৰমনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু ২০১৫ চনত তেওঁলোকৰ বিচ্ছেদ ঘটে।১০
তথ্যসূত্ৰ
- ↑ Das, Papri. (5 December 2013). VJ Ramya is anchoring for the fun of it. Deccan Chronicle
- ↑ (3 May 2019). VJ Ramya Subramanian is a fitness pro; her workout videos will inspire you. The Times of India
- ↑ CR, Sharanya. (22 March 2014). I am choosy about my work now: Ramya. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (26 May 2020). VJ Ramya takes a 'kutty break' from social media to 'unplug'. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (30 November 2014). Ramya Subramanian moves to big screen. Sify
- ↑ (1 September 2015). Ramya is an RJ now. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (7 August 2019). Ramya Subramanian Exclusive Photoshoot. WE Magazine
- ↑ (15 September 2019). பிகில் இசை வெளியீட்டு விழாவை தொகுத்து வழங்கும் நடிகை!. tamil.news18.com
- ↑ இரண்டு வருஷம் தூக்கமில்லாமல் உழைத்து விஜே ரம்யா சாதித்த விஷயம். Samayam Tamil
- ↑ (12 September 2015). VJ Ramya confirms ending marriage. দ্য টাইম্ছ অৱ ইণ্ডিয়া
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰম্য সুব্ৰমণিয়াম” প্ৰবন্ধৰ সংশোধন ৬৩৭৯৩৫ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।