ঘটনাৱলী
- ১৯৬৩ - প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে শৰাইঘাট দলংখন আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰিছিল। এইখন হ'ল অসমৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰেলপথযুক্ত দলং।
- ১৯৭২ - অসম বিধানসভাৰ অধিৱেশনত শ্বিলঙৰপৰা অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয়।
- ১৯৭৯ - ভাৰতৰ বনাঞ্চল, জলভাগ আৰু হিম অঞ্চল অধ্যয়ন কৰাৰ বাবে ৰাছিয়াৰ চিয়েৰ্ছ লেকৰ পৰা ভাৰতৰ নিজা প্ৰযুক্তিৰ দ্বিতীয় উপগ্ৰহ ভাস্কৰ -১ প্ৰেক্ষপণ কৰে। ইয়াৰ ওজন আছিল ৪৪৪ কিঃগ্ৰাঃ।
জন্ম
- ১৪৯০ - মথুৰা দাস বুঢ়া আতা, ধৰ্ম প্ৰচাৰক। তেখেতৰ আদি নাম আছিল গোপাল তাঁতী।
- ১৯৩২ - এম. এছ. নৰসিংহন, ভাৰতীয় গণিতজ্ঞ।
- ১৯৩৫ - শ্যামা, ভাৰতীয় অভিনেত্ৰী।
- ১৯৫২ - অৰহান পামুক, তুৰ্কী ঔপন্যাসিক, চিত্ৰনাট্যকাৰ, শিক্ষাবিদ।
- ১৯৭৪ - এডৱাৰ্ড মাইকেল বিয়েৰ গ্ৰিলচ্, এজন দুঃসাহসী ব্ৰিটিছ অভিযাত্ৰী, লিখক আৰু দূৰদৰ্শনৰ উপস্থাপক।
- ১৯৭৪ - মহেশ ভূপতি, ভাৰতীয় টেনিছ খেলুৱৈ।
- ১৯৭৫ - একতা কাপুৰ, ভাৰতীয় টেলিভিছন প্ৰযোজক, চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক।
মৃত্যু
- ১৯৫৪ - এলান ট্যুৰিং, ইংৰাজ গণিতজ্ঞ, তৰ্কবিজ্ঞানী, সংকেতবিশ্লেষক আৰু কম্পিউটাৰ বিজ্ঞানী।
- ১৯৬৪ - পাৰ্ৱতি প্ৰসাদ বৰুৱা, অসমীয়া সাহিত্যিক, কবি, গীতকাৰ তথা নাট্যকাৰ।
- ১৯৮৬ - অতুল চন্দ্ৰ হাজৰিকা, অসমীয়া কবি, নাট্যকাৰ, গদ্য লেখক আৰু শিশু সাহিত্যিক।
- ১৯৮২ - কৃষ্ণকান্ত সন্দিকৈ, অসমীয়া লেখক, সংস্কৃত পণ্ডিত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য।
- ২০০০ - ৰবীন বৰুৱা, সাংবাদিক।
- ২০২১ - ধীৰজ বাৰ্মা, আন্তঃৰাষ্টীয় পয্যায়ৰ ভাৰতীয় কমিক্ছ শিল্পী। অসমৰ মানাহ অভয়াৰন্যৰ পটভূমিত সৃষ্টি কৰা জনপ্ৰিয় চৰিত্ৰ কৌবি আৰু ভেড়ীয়া (ৰাজ কমিক্ছ) আৰু আন্তঃৰাষ্টীয় পয্যায়ত লেডী ডেথ্, ট্ৰান্সফৰ্মাছ আৰু কেনন চৰিত্ৰৰ ৰেখাচিত্ৰ শিল্পী আছিল। (জঃ২২ অক্টোৱৰ, ১৯৬৭) ১ ২ ৩
দিৱস
- আজি পেৰুৰ পতাকা দিৱস।
তথ্যসূত্ৰ
- ↑ Kothari, Prerna. (8 June 2021). World-renowned comic book artist Dheeraj Verma passes away. AnimationXpress
- ↑ Yadav, Isha. (10 June 2021). Dheeraj Verma - A world renowned comic book artist passes away
- ↑ Salvatore, Brian. (11 June 2021). Dheeraj Verma, "Transformers" Artist and Bheriya Creator, Dead at 53
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৭ জুন” প্ৰবন্ধৰ সংশোধন ৫৮৩৬৪৭ (১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।