২২ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫৩তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১২টা দিন (অধিবৰ্ষত ৩১৩ দিন) বাকী থাকে।
জন্ম
- ১৮৫৭ - লৰ্ড বেডেন পাৱেল, স্কাউট’ শিক্ষা পদ্ধতিৰ প্ৰবৰ্তক।
- ১৯১৪ - দেৱকান্ত বৰুৱা, অসমীয়া ৰোমান্তিক কবি।
- ১৯৩৭ - সাবিত্ৰী চট্টোপাধ্যায়, ভাৰতীয় অভিনেত্ৰী।
- ১৯৬৫ - ইছমাইল হোছেইন, অসমীয়া কবি, সমালোচক আৰু গৱেষক।
- ১৯৮৫ - বোম্বাইলা দেৱী লাইশ্ৰাম, ভাৰতীয় মহিলা আৰ্চাৰী খেলুৱৈ।
মৃত্যু
- ১৯৪৪ - কস্তুৰবা গান্ধী, ভাৰতীয় ৰাজনৈতিক কৰ্মী।
- ১৯৫৮ - আবুল কালাম আজাদ, ভাৰতীয় পণ্ডিত, ৰাজনীতিজ্ঞ আৰু ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
- ১৯৯৪ - বিনন্দ চন্দ্ৰ বৰুৱা, অসমীয়া কবি।
- ২০১৫ - আদ্য শৰ্মা, অসমীয়া চিত্ৰশিল্পী।
দিৱস
- স্বাধীনতা দিৱস (ছেণ্ট লুচিয়া)।
- ৰাষ্ট্ৰীয় মেকুৰী দিৱস (জাপান)।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২২ ফেব্ৰুৱাৰী” প্ৰবন্ধৰ সংশোধন ৩৪৬৪৯৪ (২২ ফেব্ৰুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।