বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
ঘটনাৱলী
- ১৯৪৫ - চীনৰ কমিনিউষ্ট মাও জেদং-এ চেণ্ট্ৰেল কমিটিৰ প্ৰথম সভাপতি নিৰ্বাচিত হৈছিল।
- ১৯৫৩ - আমেৰিকান দম্পতী এথেল ৰোজেনবাৰ্গ আৰু জুলিয়াছ ৰোজেনবাৰ্গক মৃত্যুদণ্ড দিয়া হয়। ৰাছিয়াৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত তেওঁলোকক এই শাস্তি বিহা হৈছিল। উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰত চোৰাংচোৱাগিৰি কৰা এওঁলোকেই প্ৰথম আমেৰিকান নাগৰিক।
- ১৯৮১ - বৰ্ষত ভাৰতৰ প্ৰথম ভূ-সমলয় পৰীক্ষামূলক যোগাযোগ উপগ্ৰহ এপল’ ফ্ৰান্সৰ গুৱেনাৰ কুৰুৰ পৰা সফলতাৰে উপেক্ষণ কৰা হৈছিল আজিৰ দিনটোতে।
- ২০০৪ - পূব-কামৰূপ বনবিভাগৰ অন্তৰ্গত আমচোং বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰা হয়।
জন্ম
- ১৬২৩- ব্লেইজ পাস্কেল, প্ৰসিদ্ধ ফৰাচী গণিতজ্ঞ।
- ১৯৩৪ - হাৰ্বাট ক্লেবাৰ, আমেৰিকান মনোৰোগ বিশেষজ্ঞ আৰু মাদক দ্ৰৱ্য আসক্তিৰ গৱেষক।
- ১৯৪৫ - আং চান চ্যু কি, ম্যানমাৰৰ ৰাজনীতিজ্ঞ, কূটনীতিজ্ঞ, লেখক।
- ১৯৪৭ - চলমান ৰুশ্বদি, ভাৰতীয় বংশোদ্ভৱ ইংৰাজ লেখক। জন্ম স্থান: মুম্বাই।
- ১৯৬১ - বিদ্যা দেৱী ভাণ্ডাৰী, নেপালৰ ৰাষ্ট্ৰপতি।
- ১৯৮১ - জোৱলা বৰা, অসমীয়া সাহিত্যিক।
মৃত্যু
- ১৯৮১ - সুভাষ মুখোপাধ্যায় (মুখাৰ্জী), ভাৰতৰ প্ৰথম আৰু বিশ্বৰ দ্বিতীয় (মাত্ৰ ৬৭ দিনৰ পিছত) টেষ্ট-টিউব শিশু দুৰ্গাৰ কানুপ্ৰিয়া আগৰৱালা সৃষ্টিকৰ্তা হিচাপে স্বীকৃত ভাৰতীয় চিকিৎসক বিজ্ঞানী। (জন্ম: ১৯৩১)
- ২০১৫ - লক্ষী বৰঠাকুৰ, অসমীয়া অভিনয় শিল্পী, নাট্যকাৰ তথা লেখক।
- ২০২১ - ধীৰাজ বৰা, ভাৰতীয় পদাৰ্থ বিজ্ঞানী, শিক্ষাবিদ তথা অধ্যাপক।
দিৱস
- বিশ্ব কাঁচিকোষ দিৱস (World Sickle Cell Day)।
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৯ জুন” প্ৰবন্ধৰ সংশোধন ৪২৩৫৭১ (১৯ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।