১৬ ফেব্ৰুৱাৰী (ইংৰাজী: 16 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৭ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১৮টা দিন (অধিবৰ্ষত ৩১৯টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
জন্ম
- ১৯২৫ - প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্য, অসমীয়া গৱেষক, ভাষাবিদ, কবি, অভিধানপ্ৰণেতা।
- ১৯৩২ - অৰ্চনা শৰ্মা, ভাৰতীয় উদ্ভিদ বিজ্ঞানী।
- ১৯৪২ - প্ৰবীণ চন্দ্ৰ দাস, অসমীয়া লোক-সংস্কৃতিবিদ, গৱেষক, অধ্যাপক, লেখক, সম্পাদক।
- ১৯৪৮ - বন্দিতা ফুকন, অসমীয়া ঔপন্যাসিক, গল্পকাৰ, অনুবাদক, শিশু-সাহিত্যিক।
- ১৯৬১ - মৃদুস্মিতা ফুকন, অসমীয়া প্ৰবন্ধকাৰ, গল্পকাৰ, অনুবাদক, শিশু সাহিত্যিক।
- ১৯৭৯ - ভেলেণ্টিন’ ৰ’ছি, ইটালীৰ পেছাদাৰী মটৰচাইকেল দৌৰৰ (ৰেচিং) প্ৰতিযোগী।
- ১৯৮৯ - এলিজাবেথ অলছেন, আমেৰিকান অভিনেত্ৰী।
মৃত্যু
- ১৯৪৪ - দাদাচাহেব ফাল্কে, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক আছিল। তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ জনক হিচাপে গণ্য কৰা হয়।
- ১৯৮৩ - কল্যাণী দাস, ভাৰতীয় বিপ্লৱী।
- ২০২২ - বাপ্পী লাহিড়ী, ভাৰতীয় গায়ক, সুৰকাৰ, ৰাজনীতিবিদ আৰু ৰেকৰ্ড প্ৰযোজক।
দিৱস
- উজ্জ্বল তৰাৰ দিৱস (উত্তৰ কোৰিয়া)।
- উদ্ভাৱন দিৱস (আমেৰিকা যুক্তৰাষ্ট্ৰ)।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৬ ফেব্ৰুৱাৰী” প্ৰবন্ধৰ সংশোধন ৩৪৫৮৩৮ (১৬ ফেব্ৰুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।