অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কল্যাণী দাস

কল্যাণী দাস ( Kalyani Das) (১৯০৭–১৯৮৩)হৈছে এগৰাকী ভাৰতীয় বিপ্লৱী আৰু পশ্চিম বংগৰ জাতীয়তাবাদী।

হালনাগাদ: ২ অক্টোবৰ ২০২১ ৯৮ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

কল্যাণী দাস ( Kalyani Das) (১৯০৭–১৯৮৩)হৈছে এগৰাকী ভাৰতীয় বিপ্লৱী আৰু পশ্চিম বংগৰ জাতীয়তাবাদী।১২

পৰিয়াল

কল্যাণী দাস হৈছে ব্ৰাহ্ম সমাজৰ পৰিচিত শিক্ষক বেণী মাধব দাস আৰু সমাজ-কৰ্মী সৰলা দেৱীৰ ছোৱালী। তেওঁৰ ভনীয়েক বীণা দাসো এগৰাকী স্বাধীনতা যুঁজাৰু আছিল।

শিক্ষা

কল্যাণী দাসে কুট্টাকৰ ৰভেনশ্ব' কলেজিয়েট স্কুলত শিক্ষাগ্ৰহণ কৰিছিল। ১৯২৮ চনত কলা শাখাত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে।

ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ

কল্যাণী দাস ছাত্ৰী সংঘৰ এগৰাকী সদস্য আছিল। এইটো হৈছে কলকাতাৰ নাৰীৰ বাবে এটা অৰ্ধ-বিপ্লৱী সংগঠন। বেংগল চৰকাৰৰ বিৰুদ্ধে কল্যাণী দাসে ১৯৩০ চনত ছাত্ৰীসকলৰ প্ৰতিবাদত গুৰি ধৰিছিল। ১৯৩২ চনত চৰকাৰ-বিৰোধী কম-কাজৰ বাবে তেওঁক কৰায়ত্ত কৰা হৈছিল। একে সময়তে তেওঁৰ সহপাঠী, স্বাধীনতা সংগ্ৰামী কমলা দাস গুপ্তাকো কৰায়ত্ত কৰিছিল।২

মৃত্যু

১৯৮৩ চনৰ ১৬ ফেব্ৰুৱাৰীত কল্যাণী দাসৰ মৃত্যু হয়।

সাহিত্যৰাজি

কল্যাণী দাসে সম্পাদনা কৰা বেংগল স্পিকছ নামৰ গ্ৰন্থখন ১৯৪৪ চনত প্ৰকাশ হৈছিল আৰু কল্যাণীয়ে গ্ৰন্থখন ভনীয়েক বীণালৈ উচৰ্গিত কৰিছিল।৩

তথ্যসূত্ৰ

  1. ↑ Tri Loknath Chatterjee. (2004). জেলে ত্ৰিশ বছৰ, পাক ভাৰতেৰ স্বাধীনতা সংগ্ৰাম. ধ্ৰুপদ সাহিত্যাঙ্গণ. পৃ. 220. ISBN 984-8457-00-3
  2. ↑ Kamala Das Gupta. (January 2015). স্বাধীনতা সংগ্ৰামে বাংলাৰ নাৰী, অগ্নিযুগ গ্ৰন্থমালা ৯. ৰ‍্যাডিক্যাল ইম্প্ৰেশন. পৃ. 125–130. ISBN 978-81-85459-82-0
  3. ↑ Sengupta, Subodh; Basu, Anjali. (2016). Sansad Bangali Charitavidhan (Bengali). Sahitya Sansad. ISBN 978-81-7955-135-6

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কল্যাণী দাস” প্ৰবন্ধৰ সংশোধন ৩০২৫৯৫ (২ অক্টোবৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।