হোকাটো হোটোঝে ছেমা (Hokato Hotozhe Sema; জন্ম: ২৪ ডিচেম্বৰ ১৯৮৩) ১ নাগালেণ্ডৰ ডিমাপুৰৰ এজন ভাৰতীয় পেৰা-এথলীট। তেওঁ পুৰুষৰ শ্বট পুট এফ ৫৭ ইভেণ্টত অংশগ্ৰহণ কৰে। ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি এই ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে।২৩৪৫৬
পৃষ্ঠভূমি
ছেমাৰ জন্ম হৈছিল নাগালেণ্ডৰ ডিমাপুৰত। তেওঁ ৯ অসম ৰেজিমেণ্টত ভাৰতীয় সেনাত হাবিলদাৰ হিচাপে নিয়োজিত হৈ আছে।৭ ২০০২ চনত নিয়ন্ত্ৰণ ৰেখাত এক অভিযানৰ সময়ত ভূমিস্খলনৰ ফলত তেওঁ ভৰিখন হেৰুৱাইছিল। তাৰ পিছত, ৩২ বছৰ বয়সত তেওঁ শ্বটপুট খেলিবলৈ আৰম্ভ কৰে আৰু প্ৰশিক্ষক ৰাকেশ ৰাৱাটৰ অধীনত প্ৰশিক্ষণ লয়।৮ তেওঁক বৰ্তমান অলিম্পিক গোল্ড কোৱেষ্ট নামৰ এক ক্ৰীড়া বেচৰকাৰী সংস্থাৰ দ্বাৰা সমৰ্থন কৰা হৈছে।
কেৰিয়াৰ
চীনৰ হাংঝৌত অনুষ্ঠিত ২০২২ চনৰ এছিয়ান পেৰা গেমছত শ্বটপুট এফ-৫৬/৫৭ শাখাৰ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে ছেমাই। ৯ ইয়াৰোপৰি ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত ১৪.৬৫ মিটাৰ ব্যক্তিগত শ্ৰেষ্ঠ থ্ৰ’ৰে শ্বটপুট এফ-৫৭ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে। ১০
তথ্যসূত্ৰ
- ↑ Paris 2024. www.paralympic.org
- ↑ Nagaland's Hokato scripts history at Asian Para Games. MorungExpress
- ↑ Today, North East. (2024-08-12). Nagaland's Hokato Hotozhe Sema Qualifies For Paris Paralympic Games 2024. Northeast Today
- ↑ Sportstar, Team. (2024-08-14). India at Paris Paralympics 2024: Complete list of 84 athletes at Paralympic Games. Sportstar
- ↑ Paris 2024. www.paralympic.org
- ↑ Paralympics: Who is Hokato Hotozhe Sema, India’s bronze medal winner in shot put F47 event. Indian Express
- ↑ (2024-09-07). Who is Hokato Hotozhe Sema, a landmine blast survivor armyman who won bronze in shot put at Paris Paralympics?. Indiatimes
- ↑ Paris 2024. www.paralympic.org
- ↑ You are being redirected... nagalandpost.com
- ↑ Paris 2024. www.paralympic.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হোকাটো হোটোঝে ছেমা” প্ৰবন্ধৰ সংশোধন ৫১৮৭১৪ (১৭ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।