নাগালেণ্ডৰ ব্যক্তি
৯ প্ৰবন্ধ
-
টেমচুলা আও
টেমচুলা আও (Temsüla Ao) এগৰাকী কবি, গল্পকাৰ, লোকসংস্কৃতিৰ গৱেষক আৰু সাহিত্যিক। ২০১৩ চনত তেওঁ চুটিগল্প সংকলন Laburnum for My Head ৰ বাবে ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেওঁৰ লেখাসমূহ ইতিমধ্যে জাৰ্মান, ফৰাচী, অসমীয়া, বঙালী আৰু হিন্দী ভাষালৈ অনূদিত হৈছে।
-
আংগামী জাপো ফিজ’
আংগামী জাপো ফিজ’ (১৯০৩-১৯৯০) এগৰাকী নগা সংগ্ৰামী নেতা ৷ তেওঁৰ নেতৃত্বত নাগা নেশ্যনেল কাউন্সিল (Naga National Council)-এ সশস্ত্ৰ সংগ্ৰামৰ যোগেদি ভাৰতৰ পৰা পৃথক এক দেশৰ দাবী জনাইছিল৷ তেওঁক অনুগামীসকলে ’নগাসকলৰ পিতৃ’ ("Father of the Nagas”)ৰূপে গণ্য কৰে৷
-
টালিমেৰণ আও
টালিমেৰণ আও (Talimeren Ao; ২৮ জানুৱাৰী ১৯১৮ – ১৩ ছেপ্তেম্বৰ ১৯৯৮) হৈছে এজন ভাৰতীয় ফুটবল খেলুৱৈ আৰু চিকিৎসক। অসমৰ নগা পাহাৰ জিলাৰ চাংকি নামৰ এখন গাঁৱত ১৯১৮ চনৰ ২৮ জানুৱাৰীত তেওঁৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম ছুবংৱতী নিংডাংৰি আও আৰু মাতৃ মাংচাংলা চাংকিলাৰি। তেওঁ ১১জন সন্তানৰ ভিতৰত চতুৰ্থ আছিল।
-
হোকাটো হোটোঝে ছেমা
হোকাটো হোটোঝে ছেমা (Hokato Hotozhe Sema; জন্ম: ২৪ ডিচেম্বৰ ১৯৮৩) নাগালেণ্ডৰ ডিমাপুৰৰ এজন ভাৰতীয় পেৰা-এথলীট। তেওঁ পুৰুষৰ শ্বট পুট এফ ৫৭ ইভেণ্টত অংশগ্ৰহণ কৰে। ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি এই ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে।
-
আনুংলা জুই লংকুমুৰ
আনুংলা জুই লংকুমুৰ (ইংৰাজী: Anungla Zoe Longkumer) এগৰাকী ভাৰতীয় লেখিকা, চলচ্চিত্ৰ নিৰ্মাতা আৰু সংগীতজ্ঞ। তেওঁ নাগালেণ্ডৰ বাসিন্দা। তেওঁ নিজৰ কৰ্মৰ জৰিয়তে নগা লোক-পৰম্পৰা, বিশেষকৈ মৌখিক পৰম্পৰা, মহিলাৰ আখ্যান আৰু নগা পৰিচয় সংৰক্ষণ তথা প্ৰচাৰৰ বাবে পৰিচিত।
-
চেক্ৰোভোলু স্বুৰো
চেক্ৰোভোলু স্বুৰো (ইংৰাজী: Chekrovolü Swüro; জন্ম: ২১ নৱেম্বৰ ১৯৮২) নাগালেণ্ডৰ এগৰাকী ভাৰতীয় ধনুৰ্ধৰ। তেওঁ ক্ৰমে দক্ষিণ কোৰিয়াৰ বুছান আৰু কাটাৰৰ দোহাত অনুষ্ঠিত ২০০২ চনৰ এছিয়ান গেমছ আৰু ২০০৬ চনৰ এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
টেটচিও চিষ্টাৰ্চ
টেটচিও চিষ্টাৰ্চ বা টেটচিও ভগ্নীগণ (Tetseo Sisters) উত্তৰ-পূব ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ চাৰি গৰাকী ভগ্নীৰ দল বা বেণ্ড। তেওঁলোক নাগালেণ্ডৰ লোকসংগীত, কলা আৰু পৰম্পৰাৰ প্ৰতি উৎসৰ্গিত আৰু শিশুকালৰ পৰা মঞ্চত প্ৰদৰ্শন কৰি আহিছে।
-
টেমজেন ইমনা এলং লংকুমেৰ
টেমজেন ইমনা এলং লংকুমেৰ (Temjen Imna Along Longkumer) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০২০ চনৰ ১৫ জানুৱাৰীৰ পৰা নাগালেণ্ডৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।
-
ফাংনন কন্যাক
এছ ফাংনন কন্যাক এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টি, নাগালেণ্ড গোটৰ মহিলা মৰ্চাৰ সভাপতি। ২০২২ চনৰ মাৰ্চ মাহত, তেওঁ নাগালেণ্ডৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা প্ৰথম গৰাকী মহিলা হিচাপে পৰিগণিত হয়।