অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শচীন চাৰ্জেৰাও খিলাৰী

শচীন চাৰ্জেৰাও খিলাৰী (Sachin Sarjerao Khilari, জন্ম: ২৩ অক্টোবৰ ১৯৮৯) এগৰাকী ভাৰতীয় পেৰা-এথলীট। তেওঁ শ্বট পুট খেলৰ এফ৪৬ শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰে। ২০২৪ চনত ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকৰ শ্বট পুত প্ৰতিযোগিতাৰ এফ৪৬ শাখাত তেওঁ ৰূপৰ পদক অৰ্জন কৰে।

হালনাগাদ: ২০ জানুৱাৰী ২০২৫ ২১৭ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

শচীন চাৰ্জেৰাও খিলাৰী (Sachin Sarjerao Khilari, জন্ম: ২৩ অক্টোবৰ ১৯৮৯) এগৰাকী ভাৰতীয় পেৰা-এথলীট।১২ তেওঁ শ্বট পুট খেলৰ এফ৪৬ শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰে। ২০২৪ চনত ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকৰ শ্বট পুত প্ৰতিযোগিতাৰ এফ৪৬ শাখাত তেওঁ ৰূপৰ পদক অৰ্জন কৰে।৩

প্ৰাৰম্ভিক জীৱন

১৯৮৯ চনৰ ২৩ অক্টোবৰ তাৰিখে মহাৰাষ্ট্ৰৰ চাংলি জিলাৰ আটপড়ী তালুকাৰ কাৰ্গনিৰ খেতিয়ক পৰিয়ালত শচীন চাৰ্জেৰাও খিলাৰীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ চাৰ্জেৰাও ৰংগনাথ খিলাৰী এগৰাকী কৃষিবিদ আৰু মহাৰাষ্ট্ৰ কৃষি ভূষণ বঁটা প্ৰাপক। সৰুতে তেওঁৰ চাইকেল দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয়। ইয়াৰ ফলত তেওঁৰ বাওঁহাতৰ গতিবিধি বাধাগ্ৰস্ত হৈছিল। তেওঁ পুনেৰ ইন্দিৰা কলেজ অৱ ইঞ্জিনিয়াৰিংত মেকানিকেল ইঞ্জিনিয়াৰিং অধ্যয়ন কৰি থাকোঁতে খিলাৰীয়ে জেভলিন থ্ৰো খেলৰ প্ৰতি আকৰ্ষণ আৱিষ্কাৰ কৰিছিল। কিন্তু প্ৰতিযোগিতাৰ সময়ত কান্ধৰ আঘাতৰ বাবে তেওঁ শ্বট পুট খেলত মনোনিবেশ কৰে। মেকানিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ বিভিন্ন অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ অতিথি অধ্যাপকৰ লগতে শিক্ষাৰ্থী সকলক মহাৰাষ্ট্ৰ লোকসেৱা আয়োগ আৰু সংঘ লোক সেৱা আয়োগৰ পৰীক্ষাৰ প্ৰস্তুতিত সহায় কৰে।৪

খেলুৱৈ জীৱন

২০২২ চনৰ চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছৰ পুৰুষৰ শ্বট পুট এফ৪৬ ইভেণ্টত সোণৰ পদক লাভ কৰে। ২০২৩ চনত পেৰিছত অনুষ্ঠিত বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি খিলাৰীয়ে পুৰুষৰ শ্বট পুট এফ৪৬ ইভেণ্টত সোণৰ পদক লাভ কৰে।৫ তেওঁ ১৬.২১ মিটাৰ সৰ্বোত্তম থ্ৰ'ৰে শ্বট পুটত অভিলেখ গঢ়িছিল।৬৭৮ ২০২৪ চনত জাপানৰ কোবেত অনুষ্ঠিত বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপতো অংশগ্ৰহণ কৰি একেটা ইভেণ্টতে স্বৰ্ণ পদক লাভ কৰে।৯ ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত তেওঁ ৰূপৰ পদক লাভ কৰে।১০

তথ্যসূত্ৰ

  1. ↑ (May 22, 2024). World Para Athletic C'ships 2024: Sachin Khilari defends gold, Dharambir bags bronze; India surpasses best-ever tally. Sportstar
  2. ↑ (May 2022). Khilari No. 1: Sachin smashes Asian record on way to shot put gold. The Tribune
  3. ↑ Srinivas, Aditi. (May 22, 2024). World Para Athletics Championships 2024: Sachin Khilari defends his shot put gold medal. Sportskeeda
  4. ↑ Sachin Khilari - From Guiding UPSC Aspirants to Claiming Paralympics Silver. NEWS18
  5. ↑ World Para Athletics Live Results. World Para Athletics Championships
  6. ↑ (July 14, 2023). Sachin Khilari sets new Asian record en route to gold at Para Athletics World C'ships. The Hindu
  7. ↑ Srivastava, Shantanu. (October 26, 2023). Asian Para Games: Record-breaking Sachin, Sidhartha shine as India record best-ever haul. Hindustan Times
  8. ↑ Sharma, Nitin. (May 23, 2024). From a fracture at 9 that restricted his left-arm movement, Sachin Khilari's journey to shot put gold at World Para Athletics. The Indian Express
  9. ↑ Kobe 2024 - Schedule and Results. World Para Athletics Championships
  10. ↑ Paris Paralympics 2024 Day 7 Live Updates: Harvinder Singh’s archery R32 soon, Sachin Khilari wins silver in Men’s Shot Put F46 for India’s 21st medal. Indian express

সম্পৰ্কিত শ্ৰেণী

মহাৰাষ্ট্ৰৰ ব্যক্তিভাৰতীয় পেৰা-এথলীটভাৰতীয় পেৰালিম্পিক প্ৰতিযোগীপেৰালিম্পিকত পদক বিজয়ী ভাৰতীয়অৰ্জুন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শচীন চাৰ্জেৰাও খিলাৰী” প্ৰবন্ধৰ সংশোধন ৪৬৫১৮৭ (২০ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।