ভাৰতীয় সেনাৰ জোৱান
৬ প্ৰবন্ধ
-
ভাৰতীয় বায়ু সেনা
ভাৰতীয় বায়ুসেনা (Indian Air Force) হৈছে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বায়ুসেনা। ভাৰতীয় আকাশমাৰ্গ সুৰক্ষিত কৰা আৰু সশস্ত্ৰ সংঘাতৰ সময়ত আকাশী যুদ্ধ চলোৱাটো ইয়াৰ প্ৰধান অভিযানৰ অংশ।
-
ভাৰতীয় নৌসেনা
ভাৰতীয় নৌসেনা (Indian Navy) ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সামুদ্ৰিক শাখা। ভাৰতৰ ৰাষ্ট্ৰপতি ভাৰতীয় নৌসেনাৰ উচ্চতম সেনাধ্যক্ষ। চাৰি তাৰকাযুক্ত এডমিৰেল ছিফ অৱ নেভেল ষ্টাফে নৌসেনাৰ কমাণ্ড কৰে।
-
হোকাটো হোটোঝে ছেমা
হোকাটো হোটোঝে ছেমা (Hokato Hotozhe Sema; জন্ম: ২৪ ডিচেম্বৰ ১৯৮৩) নাগালেণ্ডৰ ডিমাপুৰৰ এজন ভাৰতীয় পেৰা-এথলীট। তেওঁ পুৰুষৰ শ্বট পুট এফ ৫৭ ইভেণ্টত অংশগ্ৰহণ কৰে। ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি এই ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে।
-
দ্বীপান্বিতা কলিতা
দ্বীপান্বিতা কলিতা (Dwipannita Kalita, জন্ম: প্ৰায় ১৯৮৯) হৈছে ভাৰতীয় সেনাৰ এগৰাকী চিকিৎসা বিষয়া তথা অসম ৰাজ্যৰ প্ৰথমগৰাকী মহিলা পেৰাট্ৰুপাৰ। তেওঁ আগ্ৰাত থকা ভাৰতীয় সেনাৰ ক্ষেত্ৰস্থলীত উৰণ প্ৰশিক্ষণ সম্পূৰ্ণ কৰি ২০২৩ চনত ৩৪ বছৰ বয়সত পেৰাট্ৰুপাৰ বেজ আৰু মেৰুণ বেৰেট লাভ কৰে।
-
শান্তি টিগ্গা
শান্তি টিগ্গা ভাৰতীয় সেনাবাহিনীৰ প্ৰথম মহিলা জোৱান আছিল।তেওঁৰ সক্ষমতা আৰু দক্ষতাই পৰৱৰ্তী সময়ত পুৰুষ সহকৰ্মীসকলকো অতিক্ৰম কৰিছিল, যাৰ বাবে তেওঁক নিযুক্তি প্ৰশিক্ষণ শিবিৰত শ্ৰেষ্ঠ প্ৰশিক্ষাৰ্থীৰ খিতাপ প্ৰদান কৰা হয়।২০১৩ চনৰ ১৩ মে’ত তেওঁক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল।
-
সন্দীপ উন্নিকৃষ্ণন
মেজৰ সন্দীপ উন্নিকৃষ্ণন, এ চি (: Major Sandeep Unnikrishnan, AC, ১৫ মাৰ্চ ১৯৭৭ – ২৮ নবেম্বৰ ২০০৮) এজন ভাৰতীয় সেনা অধিকাৰী আছিল। তেওঁ ৰাষ্ট্ৰীয় সুৰক্ষা গাৰ্ডৰ ৫১সংখ্যক বিশেষ কাৰ্য্য গোটত কৰ্মৰত অৱস্থাত থাকি ২০০৮ চনৰ মুম্বাই আক্ৰমণত অভিযান চলাই থাকোঁতে শহীদ হয়।তেওঁৰ বীৰত্বৰ বাবে ২০০৯ চনৰ ২৬…