ভাৰতীয় পেৰা-এথলীট
১০ প্ৰবন্ধ
-
যোগেশ কাথুনিয়া
যোগেশ কাথুনিয়া (Yogesh Kathuniya; জন্ম ৩ মাৰ্চ ১৯৯৭) এজন ভাৰতীয় পেৰালিম্পিক ডিচকাছ থ্ৰ' খেলুৱৈ। তেওঁ ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকৰ পুৰুষৰ ডিচকাছ থ্ৰ'ৰ এফ৫৬ শাখাত ৰূপৰ পদক অৰ্জন কৰে।
-
প্ৰীতি পাল
প্ৰীতি পাল (Preethi Pal, জন্ম ২২ ছেপ্টেম্বৰ ২০০০) এগৰাকী ভাৰতীয় পেৰা এথলীট। তেওঁ মহিলাৰ ১০০ মিটাৰ ইভেণ্টত টি৩৫ শাখাত অংশগ্ৰহণ কৰে। ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰে।
-
অজিত সিং যাদৱ
অজিত সিং যাদৱ (Ajeet Singh Yadav; জন্ম: ৫ ছেপ্টেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় পেৰা-এথলীট। তেওঁ পুৰুষৰ জেভেলিন থ্ৰো প্ৰতিযোগিতাৰ এফ-৪৬ শাখাত অংশগ্ৰহণ কৰে। ২০২৪ত ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকৰ জেভেলিন থ্ৰো প্ৰতিযোগিতাৰ এফ৪৬ শাখাত ৰূপৰ পদক লাভ কৰে।
-
চিমৰন শৰ্মা
চিমৰন শৰ্মা (Simran Sharma; জন্ম: ৯ নৱেম্বৰ ১৯৯৯) এগৰাকী ভাৰতীয় দৃষ্টিশক্তিহীন পেৰা-এথলীট। তেওঁ ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন কৰে। এই প্ৰতিযোগিতাত তেওঁ মহিলাৰ ২০০ মিটাৰ টি ১২ শাখাৰ ফাইনেলত ব্ৰঞ্জৰ পদক লাভ কৰে।
-
দীপ্তি জীৱনজী
দীপ্তি জীৱনজী (Deepthi Jeevanji; জন্ম ২৭ ছেপ্টেম্বৰ ২০০৩) এগৰাকী ভাৰতীয় পেৰা-এথলীট। ২০২৪ চনত ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকৰ ৪০০ মিটাৰ টি-২০ শাখাৰ দৌৰ প্ৰতিযোগিতাত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে।
-
ধৰ্মবীৰ নৈন
ধৰ্মবীৰ নৈন (Dharambir Nain; জন্ম: ১৮ জানুৱাৰী ১৯৮৯) এগৰাকী ভাৰতীয় পেৰা-এথলীট। তেওঁ ক্লাৱ থ্ৰো বা গদা দলিওৱা খেলৰ লগত জড়িত। ২০২৪ চনৰ পেৰিছ পেৰালিম্পিকত পুৰুষৰ ক্লাব থ্ৰো এফ ৫১ শাখাৰ প্ৰতিযোগিতাত তেওঁ স্বৰ্ণ পদক লাভ কৰে। এই প্ৰতিযোগিতাত তেওঁ ৩৪.৯২ মিটাৰ নিক্ষেপ কৰি এছিয়ান অভিলেখ গঢ়ে।
-
নৱদীপ সিং (খেলুৱৈ)
নৱদীপ সিং ( Navdeep Singh, জন্ম ১১ নৱেম্বৰ ২০০০) এজন ভাৰতীয় পেৰা-এথলীট আৰু জেভেলিন থ্ৰ'ৱাৰ। ২০২৪ চনৰ পেৰিছ পেৰালিম্পিকত তেওঁ স্বৰ্ণ পদক লাভ কৰে আৰু ইয়াৰ পূৰ্বে তেওঁ বিশ্ব চেম্পিয়নশ্বিপতো ব্ৰঞ্জৰ পদক বিজয়ী হৈ আহিছে।
-
প্ৰণৱ চুৰমা
প্ৰণৱ চুৰমা (Pranav Soorma; জন্ম: ৪ অক্টোবৰ, ১৯৯৪) এগৰাকী ভাৰতীয় পেৰা এথলীট। তেওঁ গদা দলিওৱা বা ক্লাৱ থ্ৰো খেলৰ এফ৫১ শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰে। ২০২৪ চনত ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত পুৰুষৰ ক্লাৱ থ্ৰো প্ৰতিযোগিতাৰ এফ৫১ শাখাত ৰূপৰ পদক লাভ কৰে।
-
শচীন চাৰ্জেৰাও খিলাৰী
শচীন চাৰ্জেৰাও খিলাৰী (Sachin Sarjerao Khilari, জন্ম: ২৩ অক্টোবৰ ১৯৮৯) এগৰাকী ভাৰতীয় পেৰা-এথলীট। তেওঁ শ্বট পুট খেলৰ এফ৪৬ শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰে। ২০২৪ চনত ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকৰ শ্বট পুত প্ৰতিযোগিতাৰ এফ৪৬ শাখাত তেওঁ ৰূপৰ পদক অৰ্জন কৰে।
-
হোকাটো হোটোঝে ছেমা
হোকাটো হোটোঝে ছেমা (Hokato Hotozhe Sema; জন্ম: ২৪ ডিচেম্বৰ ১৯৮৩) নাগালেণ্ডৰ ডিমাপুৰৰ এজন ভাৰতীয় পেৰা-এথলীট। তেওঁ পুৰুষৰ শ্বট পুট এফ ৫৭ ইভেণ্টত অংশগ্ৰহণ কৰে। ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি এই ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে।