হেলেনা ব’নহাম কাৰ্টাৰ (Helena Bonham Carter) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী। তেওঁ ১৯৬৬ চনৰ ২৬ মে' তাৰিখে লণ্ডন মহানগৰীৰ গ'ল্ডাৰছ গ্ৰীণত জন্মগ্ৰহণ কৰে। ১৯৮৩ চনৰ পৰা পেছাগত অভিনয় জীৱন আৰম্ভ কৰা কাৰ্টাৰ বৰ্তমানলৈকে সক্ৰিয় ৰূপত অভিনয়ৰ সৈতে জড়িত হৈ আছে।
প্ৰাৰম্ভিক জীৱন
ব'নহাম কাৰ্টাৰে লণ্ডনৰ গ'ল্ডাৰছ গ্ৰীণত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ মাতৃ আছিল এগৰাকী ছাইক'থেৰাপিষ্ট।১ এক খ্যাতনামা ৰাজনৈতিক পৰিয়ালৰ পৰা অহা তেওঁৰ দেউতাক ৰেইমণ্ড ব'নহাম কাৰ্টাৰ আছিল এজন বণিক অধিকোষপতি (merchant banker) আৰু তেওঁ ৬০ৰ দশকত ৱাশ্বিংটন ডি. চি. স্থিত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিত বিকল্প ইংৰাজ পৰিচালক হিচাপে বেঙ্ক অফ ইংলেণ্ডক প্ৰতিনিধিত্ব কৰিছিল।১২
এডৱাৰ্ড আৰু থমাছ নামে ব'নহাম কাৰ্টাৰৰ দুজন ভ্ৰাতৃ আছে। কাৰ্টাৰে ছাউথ হেম্পষ্টেড হাইস্কুলত শিক্ষাজীৱনৰ পাতনি মেলে। পিছলৈ তেওঁ ৱেষ্টমিনষ্টাৰ স্কুলত নামভৰ্ত্তি কৰে। কেমব্ৰিজৰ কিংছ কলেজত কাৰ্টাৰক নামভৰ্ত্তি কৰিবলৈ দিয়া হোৱা নাছিল। পিছে ইয়াৰ মূলতে তেওঁৰ গ্ৰেড নাইবা বাছনি পৰীক্ষাৰ নম্বৰ নাছিল। বিদ্যালয় কৰ্তৃপক্ষই আশংকা কৰিছিল যে কাৰ্টাৰে তেওঁৰ অভিনয় কেৰিয়াৰত মনোনিবেশ কৰিবলৈ শিক্ষাগ্ৰহণ আধাতে ত্যাগ কৰিব পাৰে।৩
কাৰ্টাৰৰ পাঁচ বছৰ বয়সতে তেওঁৰ মাতৃ সাংঘাতিকভাৱে স্নায়ুৰোগত আক্ৰান্ত হয় আৰু তিনি বছৰৰ মূৰতহে আৰোগ্য লাভ কৰে। আৰোগ্য লাভৰ পিছত, থেৰাপীৰ বিষয়ে তেওঁৰ অভিজ্ঞতাই তেওঁক এক মনোৰোগ চিকিৎসক হোৱাত সহায় কৰে। বৰ্তমান ব'নহাম কাৰ্টাৰে তেওঁক চিত্ৰনাট্যসমূহ পঢ়ি চৰিত্ৰসমূহৰ মানসিক সঞ্চালন সম্পৰ্কে মন্তব্য আগবঢ়াবলৈ দিয়ে। ৪ মাক সুস্থ হোৱাৰ পাঁচ বছৰৰ পিছত কাৰ্টাৰৰ দেউতাকৰ একষ্টিক নিউৰ'মাৰ পৰীক্ষা সম্পন্ন হয়। তেওঁ এক টিউমাৰ অপসাৰণৰ সময়ত কিছু শাৰীৰিক অসুবিধাত ভোগে যাৰ ফলস্বৰূপে এক ষ্ট্ৰ'ক হোৱাত তেওঁ অৰ্ধ-জড়তাত ভুগি হুইল চেয়াৰ ব্যৱহাৰ কৰিবলগা হয়।৫ দুয়োজন জ্যেষ্ঠ ভ্ৰাতৃ কলেজত পঢ়ি থকাৰ বাবে কাৰ্টাৰে ঘৰত থাকি মাতৃক সহায়ৰ হাত আগবঢ়ায়। ২০০৪ চনৰ জানুৱাৰীত পিতৃৰ মৃত্যুৰ আগেয়ে তেওঁ দ্য থিয়'ৰি অফ ফ্লাইটৰ৬ বাবে পিতৃৰ চালচলন আৰু ধৰণ-কৰণ অধ্যয়ন কৰে।
কৰ্মজীৱন
১৯৭৯-২০০৬

ব'নহাম কাৰ্টাৰে অভিনয়ৰ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাছিল।৭ ১৯৭৯ চনত তেওঁ ৰাষ্ট্ৰীয় লেখনি প্ৰতিযোগিতাত জয়ী হয় আৰু ইয়াৰপৰা পোৱা ধন অভিনয় শিল্পীৰ তালিকাত নিজৰ অন্তৰ্ভুক্তিৰ বাবে ব্যৱহাৰ কৰে। তেওঁ ১৬ বছৰ বয়সত এক টেলিভিছন বিজ্ঞাপনৰ যোগেদি পেছাদাৰী অভিনয় জীৱন আৰম্ভ কৰে। এক সৰু টেলিভিছন চলচ্চিত্ৰ এ পেটাৰ্ন অফ ৰ'জেছতো তেও অভিনয় কৰে।
মুখ্য অভিনেত্ৰী হিচাপে কাৰ্টাৰৰ প্ৰথমখন ছবি লেডী জেন গ্ৰে (১৯৮৬) য'ত তেওঁ লেডী জেনৰ চৰিত্ৰ ৰূপায়ণ কৰে আৰু সমালোচকৰ মিশ্ৰিত প্ৰতিক্ৰিয়া লাভ কৰে। এ ৰূম ৱিথ এ ভিউত লুচি হানিচাৰ্চৰ চৰিত্ৰ ৰূপায়ণৰ যোগেদি কাৰ্টাৰৰ প্ৰতিভা পোহৰলৈ আহে। ১৯৮৬-৮৭ চনত মিয়ামি ভাইচৰ কেইটামান খণ্ডত তেওঁ ডন জনচনৰ প্ৰেমাস্পদৰূপে ভূমুকি মৰাৰ লগতে ১৯৮৭ চনত দ্য ভিচনত ডাৰ্ক বগাৰ্ডৰ বিপৰীতে আৰু এ হেজাৰ্ড অফ হাৰ্টচত ষ্টিৱাৰ্ট গ্ৰেইঞ্জাৰৰ ভূমিকা ৰূপায়ণ কৰে। ব্ৰেকিং দ্য ৱেভছ ছবিত বেছ মেকনেইলৰ চৰিত্ৰটোত কাৰ্টাৰে অভিনয় কৰাৰ কথা আছিল যদিও ৰ'জাৰ এবাৰ্টৰ মতে নিৰ্মাণৰ সময়ত "চৰিত্ৰটোৰ যন্ত্ৰণাময় মানসিক আৰু শাৰীৰিক প্ৰদৰ্শনৰ" বাবে তেওঁ ইয়াৰ পৰা আঁতৰি আহে।৮ পিছত এমিলি ৱাটছনে চৰিত্ৰটো ৰূপায়ণ কৰে আৰু ইয়াৰ বাবে এক অস্কাৰৰ মনোনয়ন লাভ কৰে।৯ ১৯৯৪ চনত কাৰ্টাৰে ব্ৰিটিছ কৌতুক শৃংখলা এবচলিউটলি ফেবুলাছত এদিন মনচুনৰ কন্যা চেফ্ৰন হিচাপে ভূমুকি মাৰে।
বিশেষকৈ মাৰ্চেণ্ট আইভৰি চলচ্চিত্ৰসমূহত ব'নহাম কাৰ্টাৰে ৰূপায়ণ কৰা বিংশ শতিকাৰ আগৰ তথা আৰম্ভণিৰ চৰিত্ৰসমূহৰ বাবে তেওঁ "ইংৰাজ গোলাপ" আখ্যা পায়। ১৯৯৬ চনত তেওঁ টুৱেল্ফথ্ নাইটৰ ট্ৰেভৰ নানে দিয়া চলচ্চিত্ৰ ৰূপত অলিভিয়াৰ ভূমিকা লয়। কেৰিয়াৰৰ আৰম্ভণিতে তেওঁৰ উল্লেখযোগ্য কামৰ ভিতৰত এক হৈছে ১৯৯৭ চনত ৱিংছ অফ ডভৰ চলচ্চিত্ৰ ৰূপত কেট ক্ৰইৰ ভূমিকা যি আন্তঃৰাষ্ট্ৰীয় স্তৰত সমাদৃত হয় আৰু তেওঁলৈ প্ৰথমটো গ'ল্ডেন গ্ল'ব আৰু অস্কাৰৰ মনোনয়ন কঢ়িয়াই আনে। ইয়াৰ পিছতেই তেওঁ ফাইট ক্লাব, ৱালেছ এণ্ড গ্ৰমিট: দ্য কাৰ্চ অফ দ্য ৱেৰ-ৰেবিট, আৰু টিম বাৰ্টনৰ চাৰ্লি এণ্ড দ্য চকলেট, কৰ্পচ্ ব্ৰীজ, বিগ ফিছ, ছুইনি ট'ড: দ্য ডেমন বাৰ্বাৰ অফ ফ্লিট ষ্ট্ৰীট, আৰু এলিচ ইন ৱাণ্ডাৰলেণ্ডত অভিনয় কৰে।৭

১৯৯৬ চনত ফৰাচী ছবি পৰ্ট্ৰেইটছ চিনইছত কাৰ্টাৰে সলসলীয়াকৈ ফৰাচী ভাষা কয়। ২০০১ চনৰ আগষ্টত প্ৰাপ্তবয়স্ক পুৰুষৰ আলোচনী মেক্সিমত ব'নহাম কাৰ্টাৰক উপস্থাপন কৰা হয়। আই টি ভি ১ৰ সৰু শৃংখলা হেনৰী ৮মত ইংলেণ্ডৰ দ্বিতীয় ৰাণী হিচাপে অভিনয় কৰে। সেই সময়ত তেওঁৰ প্ৰথম সন্তান গৰ্ভস্থ হোৱাত তেওঁৰ ইয়াত তেওঁৰ ভূমিকা সীমিত হৈ পৰে।১০ ব'নহাম কাৰ্টাৰ কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০০৬ ৰ জুৰীসকলৰ অন্যতম আছিল যি দ্য ৱিণ্ড ডেট স্বেকছ দ্য বাৰ্লিক শ্ৰেষ্ঠ ছবি হিচাপে নিৰ্বাচিত কৰিছিল।১১
২০০৭-বৰ্তমানলৈকে
ব'নহাম কাৰ্টাৰে হেৰী পটাৰ চলচ্চিত্ৰ শৃংখলাৰ হেৰী পটাৰ এণ্ড দ্য অৰ্ডাৰ অফ দ্য ফিনিক্স (২০০৭), হেৰী পটাৰ এণ্ড দ্য হাফ-ব্লাড প্ৰিন্স (২০০৯), হেৰী পটাৰ এণ্ড দ্য ডেথ্লী হেল'জ পাৰ্ট ৱান (২০১০) আৰু হেৰী পটাৰ এণ্ড দ্য ডেথ্লী হেল'জ পাৰ্ট টুত (২০১১) বেলাট্ৰিস্ক লেষ্ট্ৰেঞ্জৰ ভূমিকাত অভিনয় কৰে। হেৰী পটাৰ এণ্ড দ্য অৰ্ডাৰ দ্য ফিনিক্সৰ চিত্ৰগ্ৰহণ চলি থকাৰ সময়ত, তেওঁৰ চৰিত্ৰটোৱে নেভাইল লংবটমৰ কাণত যাদুদণ্ডডাল সুমুৱাই দিওঁতে দুৰ্ঘটনাক্ৰমে কাৰ্টাৰে সহশিল্পী মেথিউ লিৱিছৰ কৰ্ণপটহ বিদীৰ্ণ কৰে। লেষ্ট্ৰেঞ্জ হিচাপে কাৰ্টাৰে "উজ্জ্বল কিন্তু অৰ্ধব্যৱহৃত প্ৰতিভা" বুলি ইতিবাচক সঁহাৰি লাভ কৰে। .১২১৩ ইয়াৰ পিছতে তেওঁ ষ্টিফেন ছন্দহেইমৰ ব্ৰডৱে সংগীতালেখ্যৰ চলচ্চিত্ৰ ৰূপ ছুউনি ট'ড: দ্য ডেমন বাৰ্বাৰ অফ ফ্লিট ষ্ট্ৰীটত মিছেচ লভেটৰ ৰূপত অভিনয় কৰে। ছবিখনে ২০০৭ চনৰ ২১ ডিচেম্বৰত আমেৰিকাত আৰু ২০০৮ চনৰ ২৫ জানুৱাৰীত ব্ৰিটেইনত মুক্তি পায়।১৪ টিম বাৰ্টনৰ পৰিচালনাত ব'নহাম কাৰ্টাৰে তেওঁৰ প্ৰদৰ্শনৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ গ'ল্ডেন গ্ল'ব বঁটাৰ মনোনয়ন লাভ কৰে। তেওঁ ছুইনি ট'ড আৰু কনভাৰ্চেছন ৱিথ আদাৰ ৱমেনত কৰা অভিনয়ৰ বাবে ক্ৰমে ২০০৭ চনত ইভনিং ষ্টেণ্ডাৰ্ড ব্ৰিটিছ ফিল্ম এৱাৰ্ডছত আৰু ২০০৯ চনত এম্পায়াৰ এৱাৰ্ডছত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে। টাৰ্মিনেটৰ চলচ্চিত্ৰ শৃংখলাৰ চতুৰ্থ ছবি টাৰ্মিনেটৰ ছেলভেচনতো তেওঁ এক সৰু অথচ গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰে।১৫
২০০৬ চনৰ মে'ত ব'নহাম কাৰ্টাৰে সন্তৰণ পোছাক ডিজাইনাৰ সামন্থ চাগৈৰ সৈতে নিজা ফেশ্বন লাইন 'দ্য পেণ্টালুনিছ'ৰ শুভাৰম্ভ কৰে।১৬
২০১০ চনত ব'নহাম কাৰ্টাৰে সংগী টিম বাৰ্টনৰ ছবি এলিচ ইন ৱাণ্ডাৰলেণ্ডত দ্য ৰেড কুইনৰ ভূমিকাত অৱতীৰ্ণ হয়। .১৭ তেওঁৰ চৰিত্ৰটো দুটা চৰিত্ৰ ক্ৰমে দ্য কুইন অফ হাৰ্টছ আৰু দ্য ৰেড কুইনৰ মিশ্ৰণ আছিল।১৮১৯২০ ২০০৯ চনৰ আৰম্ভণিতে ব'নহাম কাৰ্টাৰে দ্য টাইমছ কাকতত সৰ্বকালৰ শীৰ্ষ দহগৰাকী ইংৰাজ অভিনেত্ৰীৰ তালিকাত স্থান পাইছিল।২১
২০১০ চনত ব'নহাম কাৰ্টাৰে দ্য কিংছ স্পীচ্ছ ছবিত এলিজাবেথ বাওজ-লিয়নৰ চৰিত্ৰ ৰূপায়ণ কৰে। কাৰ্টাৰ তেওঁৰ প্ৰদৰ্শনৰ বাবে যথেষ্ট প্ৰশংসাৰ লগতে শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ বাফটা বঁটা আৰু অস্কাৰ বঁটাৰ মনোনয়ন লাভ কৰে।২২২৩ দ্য ফাইটাৰ ছবিৰ বাবে তেওঁ প্ৰথমটো বাফটা পুৰস্কাৰ লাভ কৰে যদিও মেলিছা লিঅ'ৰ হাতত অস্কাৰ হেৰুৱায়।
বিবিচি ফ'ৰৰ এনিড ব্লাইটনৰ ওপৰত টেলিভিছন জীৱনীচিত্ৰ 'এনিড'ত নাম ভূমিকাত অভিনয়ৰ বাবে ব'নহাম কাৰ্টাৰ চুক্তিৱদ্ধ হয়। পৰ্দাত ব্লাইটনৰ জীৱনৰ বিষয়ে এয়াই আছিল প্ৰথম উপস্থাপন।২৪ ইয়াৰ বাবে তেওঁ প্ৰথমটো দূৰদৰ্শন বাফটা মনোনয়ন লাভ কৰে। ২০১০ চনত ব'নহাম কাৰ্টাৰে ফ্ৰেডি হাইম'ৰৰ (Freddie Highmore) সৈতে নাইজেল স্লেটাৰৰ জীৱনীচিত্ৰ ট'ষ্টত অভিনয় কৰে২৫ আৰু বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত বিশেষ সন্মান লাভ কৰে। .২৬২৭ বৰ্তমান তেওঁ নিশ্চিতি দিছে যে চাৰ্লচ ডিকেন্সৰ উপন্যাস গ্ৰেট এক্সপেক্টেচনছৰ মাইক নিৱেলে দিয়া চলচ্চিত্ৰ ৰূপত তেওঁ মিচ হাভিছেমৰ চৰিত্ৰ ৰূপায়ণ কৰিব।২৮ ২০১১ চনৰ নৱেম্বৰত কাৰ্টাৰে বাফটা লাৰ বৰ্ষটোৰ ইংৰাজ শিল্পীৰ ব্ৰিটানিকা বঁটা লাভ কৰে।২৯
২০১১ চনৰ মাজভাগত বাতৰি ওলাই যে লা মিজাৰেবল (Les Misérables) এক চলচ্চিত্ৰ ৰূপত মাদাম থানাৰডিয়েৰৰ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ কাৰ্টাৰ বুজাবুজিলৈ আহিছে। পিছত ২০১১ চনৰ ৮ ছেপ্তেম্বৰত তেওঁৰ ভূমিকা নিশ্চিত কৰা হয়। .৩০ ২০১২ চনৰ এপ্ৰিল মাহত ব'নহাম কাৰ্টাৰ ৰুফাছ ৱেইনৰাইটৰ "আউট অফ দ্য গেম" শীৰ্ষক গীতৰ ভিডিঅ'তো ভূমুকি মাৰে।৩১
২০১২ চনৰ ১৭ মে'ত ঘোষণা কৰা হয় যে ৰিফ লাৰ্ছেনৰ গ্ৰন্থ দ্য চিলেক্টেড ৱৰ্কছ অফ টি. এছ. স্পাইভেটৰ এক চলচ্চিত্ৰ ৰূপ দ্য য়াং এণ্ড প্ৰডিজিয়াছ স্পাইভেটত ব'নহাম কাৰ্টাৰৱে অভিনয় কৰিব।৩২ তেওঁ এক পোছাক ব্ৰেণ্ড প্ৰদাৰ বাবে ৰ'মান পলানস্কি পৰিচালিত এক চুটি ছবিতো অভিনয় কৰে। এই চুটি ছবিখনৰ শীৰ্ষক আছিল 'এ থেৰাপী' আৰু তেওঁ বেন কিংছলিৰ এক থেৰাপী ৰোগী হিচাপে অভিনয় কৰিছিল।৩৩
ব্যক্তিগত জীৱন

প্লেনেট অফ এপছৰ চিত্ৰগ্ৰহণৰ সময়ত লগ পোৱা টিম বাৰ্টনৰ সৈতে ২০০১ চনৰ পৰা ব'নহাম কাৰ্টাৰৰ বৰ্তমানৰ সম্পৰ্কৰ আৰম্ভণি ঘটে। বাৰ্টনে তেওঁৰ ছবি বিগ ফিছ, কৰ্পছ ব্ৰীজ, চাৰ্লি এণ্ড দ্য চকলেট ফেক্টৰী, ছুইনি ট'ড: দ্য ডেমন বাৰ্বাৰ অফ ফ্লিট ষ্ট্ৰীট, এলিচ ইন ৱাণ্ডাৰলেণ্ড আৰু ডাৰ্ক স্বেড'জ আদি ছবিত কাৰ্টাৰক অভিনয় কৰাবলৈ লয়।৩৪ তেওঁলোক লণ্ডনৰ বেলছাইজ পাৰ্কত বাস কৰে। তাৰ এটা ঘৰ ব'নহাম কাৰ্টাৰৰ আছিল। পিছত বাৰ্টনে আনটো ঘৰ ক্ৰয় কৰে আৰু দুয়ো ঘৰ দুটাৰ মাজত সংযোগ স্থাপন কৰে।৩৫ ব'নহাম কাৰ্টাৰ ইংলেণ্ডৰ ছাটন ক'ৰ্টনেতো থাকে।
২০০৩ চনৰ ৪ অক্টোবৰত তেওঁলোকৰ পুত্ৰ বিলি ৰেইমণ্ড বাৰ্টনৰ জন্ম হয়।৩৬ ৪১ বছৰ বয়সত, ২০০৭ চনৰ ১৫ ডিচেম্বৰত ব'নহাম কাৰ্টাৰে দ্বিতীয় সন্তান, কন্যা নেল বাৰ্টনৰ জন্ম দিয়ে।৩৭ তেওঁ কয় যে তেওঁ পৰিয়ালৰ আটাইবোৰ 'হেলেন' নামধাৰী সদস্যৰ অনুকৰণত কন্যাৰ নাম নেল ৰাখে।৩৭৩৮
ব'নহাম কাৰ্টাৰক তেওঁৰ ব্যতিক্ৰমী ফেশ্বনৰ বাবে জনা যায়।৩৯৪০৪১ তেওঁৰ বিতৰ্কিত ফেশ্বন পছন্দ স্বত্বেও ভেনিটী ফেয়াৰে (Vanity Fair) ইয়াৰ ২০১০ চনৰ শ্ৰেষ্ঠ বস্ত্ৰধাৰীৰ তালিকাত তেওঁক স্থান দিয়ে আৰু মাৰ্ক জেকবে তেওঁক ২০১১ চনৰ নিজৰ শাৰদীয়/শীতকালীন বিজ্ঞাপন প্ৰচাৰৰ বাবে বাছনি কৰে।৪২
পৰিয়াল
পিতৃ-পৰিয়াল
হেলেনা ব'নহাম কাৰ্টাৰৰ পিতৃৰ ফালৰ ককাদেউতাক আৰু আইতাক আছিল ক্ৰমে ইংৰাজ মুক্তিবাদী ৰাজনীতিবিদ ছাৰ মৰিছ ব'নহাম কাৰ্টাৰ আৰু প্ৰখ্যাত ৰাজনীতিবিদ তথা বক্তা ভায়োলেট ব'নহাম কাৰ্টাৰ।
পিতৃৰ জৰিয়তে ব'নহাম কাৰ্টাৰ জেমছ বণ্ড উপন্যাসমূহৰ স্ৰষ্টা ইয়ান ফ্লেমিং আৰু অগ্ৰণী ইংৰাজ শুশ্ৰূষাকাৰিণী ফ্ল'ৰেন্স নাইটিংগেলৰ দূৰ সম্পৰ্কীয় আত্মীয় (বিবাহসূত্ৰে)।৪৩
মাতৃ-পৰিয়াল
হেলেনাৰ মাতৃৰ ফালৰ ককাদেউতাক স্পেনিছ বুদ্ধিজীৱী এডোৱাৰ্ড' দি কেলিজনে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হোৱা হত্যাকাণ্ডৰ পৰা হাজাৰোধিক ইহুদীক ৰক্ষা কৰিছিল আৰু সেয়ে তেওঁ জাতিৰ সাধুলোক (Righteous among the Nations) হিচাপে জনাজাত আছিল (তেওঁৰ নিজ পিতৃ এজন ইহুদী আছিল)। পিছলৈ তেওঁ ৱাছিংটন ডি. চি.ৰ স্পেনিছ দূতাবাসত উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৪৪৪৫
হেলেনাৰ মাতৃৰ ফালৰ আইতাক হেলেন ফ'ল্ড-স্প্ৰিঞ্জাৰ এক সম্ভ্ৰান্ত ইহুদী পৰিয়ালৰ জীয়ৰী আছিল। তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত কেথলিকলৈ ধৰ্মান্তৰিত হয়।১৪৬৪৭৪৮
চলচ্চিত্ৰপঞ্জী
| + চলচ্চিত্ৰ | |||
| বৰ্ষ | নাম | চৰিত্ৰ | টোকা |
|---|---|---|---|
| ১৯৮৩ | এ পেটাৰ্ণ অফ ৰ'জেছ | নেটী বেলিঙ্গাৰ | |
| ১৯৮৫ | এ ৰুম ৱিথ এ ভিউ | লুচি হনিচাৰ্চ | |
| ১৯৮৬ | লেডি জেন | লেডি জেন গ্ৰে | |
| ১৯৮৭ | মিউৰিক | ক্ৰিকেট খেল চাই থকা মহিলা | (অতিথি শিল্পী) |
| ১৯৮৭ | এ হেজাৰ্ড অফ হাৰ্টছ | চেৰেনা ষ্টাভাৰ্লি | |
| ১৯৮৮ | দা মাস্ক | আইৰিচ |
তথ্যসূত্ৰ
- ↑ Costa, Maddy. (3 November 2006). It's all gone widescreen. The Guardian
- ↑ (2007). Helena Bonham Carter Biography (1966–). FilmReference.com
- ↑ The Scotsman, 23 July 2005, Gillian Welsh, "Scruffs up nicely"
- ↑ "'English rose' blossoms into other roles," Liam Lacey, 18 January 1996, The Globe and Mail, D1
- ↑ "How Helena Grew Up In a Violet Shadow," Valerie Grove, The Times, 10 May 1996
- ↑ Helena Bonham Carter Biography. Tiscali
- ↑ (2 August 2001). Zen and the inner ape. The Daily Telegraph
- ↑ "British Film Likely to Win The Top Award at Cannes," Roger Ebert, 20 May 1996, Chicago Sun-Times, p40
- ↑ (7 January 2004). Breaking the Waves. Deep Focus
- ↑ "Day & Night," Kathryn Spencer, Julie Carpenter and Kate Bohdanowicz, 24 September 2003, The Express, p 36
- ↑ (7 October 2008). Cannes Film Festival 2006 Official Juries. Go France
- ↑ Lewis, Leo. (28 June 2007.). Harry Potter and the Order of the Phoenix: the first review. The Times
- ↑ Daly, Steve. (13 July 2007). Helena Bonham Carter Gets Wicked. Entertainment Weekly
- ↑ (18 October 2006). Helena Bonham Carter Set to Play Mrs. Lovett in Sweeney Todd Film. Broadway.com
- ↑ (1 July 2008). Terminator 4 Gets Helena Bonham Carter!. ScreenRant
- ↑ Betts, Hannah. (22 April 2006). English eccentric. The Times
- ↑ (29 September 2008). Burton brings Hollywood to Cornwall. This is Cornwall
- ↑ (7 October 2008). Bonham Carter and Hathaway Join "Alice in Wonderland". JoBlo.com
- ↑ (7 October 2008). Helena Bonham Carter and Anne Hathaway in "Wonderland". The Hollywood News
- ↑ (7 October 2008). Hathaway and Bonham Carter Join Alice in Wonderland. Cinematical
- ↑ Christopher, James. (12 January 2009). The best British film actresses of all time. The Times
- ↑ (18 January 2011). 'The King's Speech' leads the pack in BAFTA nominations. CNN International
- ↑ (25 January 2011). 'The King's Speech' usurps throne as Oscar leader. Associated Press
- ↑ Khan, Urmee. (7 March 2009). Helena Bonham Carter to play Enid Blyton in new BBC biopic. The Daily Telegraph
- ↑ (23 June 2010). Helena Bonham Carter to film new movie Toast in Birmingham and Black Country. Birminghampost.net. Birmingham Post
- ↑ Roxborough, Scott. (21 January 2011). 'The King's Speech,' 'Toast,' 'Sacrifice' Get Galas in Berlin. Hollywood Reporter. Hollywood Reporter
- ↑ Toast at the Berlin Film Festival. Berlin Film Festival. Berlin Film Festival
- ↑ (15 May 2011). Number 9's slate includes new Neil Jordan vampire film. ScreenDaily
- ↑ Bonham-Carter to receive BAFTA LA honour. Cine Europa. Berlin Film Festival
- ↑ Official: Russell Crowe & Helena Bomham Carter in Les Misérables. First Showing.net
- ↑ Rufus Wainwright teams with Helena Bonham Carter in new video. Digital Spy
- ↑ Casting: Helena Bonham Carter and Kathy Bates Star in The Young and Prodigious Spivet. Collider
- ↑ ((Prada)) presents A Therapy. Prada
- ↑ Dowling, Kevin. (23 August 2008). Four "relatives" of Helena Bonham Carter killed in road crash. The Times
- ↑ (23 February 2012). Honoured. The Oxford Times. Newsquest (Oxfordshire) Ltd. পৃ. 34
- ↑ "Helena Bonham Carter- Biography". Yahoo.com. Retrieved 7 May 2012
- ↑ Norman, Pete. (7 August 2008 August 2008). Helena Bonham Carter Reveals Her 7-Month-Old's Name. People
- ↑ (30 July 2008). Helena Bonham Carter Releases Daughter's Name. Jewish Journal
- ↑ Derschowitz, Jessica. (18 February 2011). Will Helena Bonham Carter bring her eccentric style to the Oscars?. CBS News
- ↑ (28 February 29011). Bonham Carter in normal dress shock at Oscars. ABS–CBN News. Agence France-Presse
- ↑ (11 January 2008). Johnny Depp speaks about his daughter's illness as he and Helena Bonham Carter hit the red carpet. Daily Mail
- ↑ Bergin, Olivia. (9 June 2011). Helena Bonham Carter models for Marc Jacobs. Telegraph
- ↑ (June 2001). Local Luminaries: Famous People from the Area. Buriton Heritage Bank
- ↑ আৰ্কাইভ কপি
- ↑ (7 July 1997). Paid Notice: Deaths PROPPER DE CALLEJON, HELENE. The New York Times
- ↑ Frazer, Jenni. (8 February 2008). How Helena's grandfather was finally recognised as a true hero. The Jewish Chronicle
- ↑ Barber, Lynn. (20 April 1997). Helena Bonham Carter: Couldn't she just wear a babygro?. The Guardian
- ↑ Paulson, Michael. (18 August 2008). Helena Bonham Carter as a Jewish mum. The Boston Globe
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেলেনা ব'নহাম কাৰ্টাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৭৮৭৪ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।