হীৰ ৰাঞ্জা (১৯৩২ চনৰ চলচ্চিত্ৰ) এ.আৰ. কৰ্দাৰৰ পৰিচালনাত ১৯৩২ চনত মুক্তি পোৱা এখন পঞ্জাবী চলচ্চিত্ৰ৷ ছবিখনৰ নাম ভূমিকাত আনোৱাৰী বেগম আৰু ৰফিক গাজনাৱীয়ে অভিনয় কৰিছিল।
হীৰ ৰাঞ্জাৰ প্ৰেম কাহিনী আৰু ১৮ শতিকাৰ পাঞ্জাবী চুফী কবি ৱাৰিছ শ্বাহৰ মহাকাব্যৰ আধাৰত ছবিখনৰ কাহিনী বৰ্ণনা কৰা হৈছে। ছবিখনৰ সংগীত ৰচনা কৰিছিল ৰফিক গাজনাৱীয়ে৷
নিৰ্মাণ
হীৰ ৰাঞ্জা আছিল পঞ্জাৱত নিৰ্মিত প্ৰথমখন টকি ছবি; ছবিখন হাকিম ৰাম প্ৰসাদ আৰু প্লেআৰ্ট ফটোফ’ন কোম্পানীৰ (পূৰ্বতে ইউনাইটেড প্লেয়াৰ্ছ কৰ্প'ৰেশ্যন নামেৰে জনাজাত, কাৰ্দাৰে প্ৰতিষ্ঠা কৰা) দ্বাৰা নিৰ্মাণ কৰা হৈছিল।১ ছবিখন পঞ্জাৱ চলচ্চিত্ৰ ব'ৰ্ডে চেঞ্চৰ কৰিছিল।২
তথ্যসূত্ৰ
- ↑ (2018). Yeh Un Dinon Ki Baat Hai. Bloomsbury Publishing. ISBN 9789387471054
- ↑ Renu Saran. (2014). History of Indian Cinema. Diamond Pocket Books. ISBN 9789350836514
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হীৰ ৰাঞ্জা (১৯৩২ চনৰ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৫৯১৫৩ (৩০ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।