অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

হীৰ ৰাঞ্জা

হীৰ ৰাঞ্জা (Heer Ranjha) কেইবাটাও ঐতিহাসিক কাব্যিক আখ্যান থকা এক পৰম্পৰাগত পাঞ্জাবী লোক-ট্ৰেজেডী; ইয়াৰ প্ৰথমখন পূৰ্বে চলি অহা মৌখিক কিংবদন্তিৰ আধাৰত ১৬০০ চনত দামোদৰ গুলাতীয়ে লিখা আৰু দ্বিতীয়খন ১৭৬৬ চনত ৱাৰিছ শ্বাহে মহাকাব্যিক ৰূপত লিখা হীৰৰ আখ্যান, যিখন আটাইতকৈ বিখ্যাত।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ২০৩ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

হীৰ ৰাঞ্জা (Heer Ranjha) কেইবাটাও ঐতিহাসিক কাব্যিক আখ্যান থকা এক পৰম্পৰাগত পাঞ্জাবী লোক-ট্ৰেজেডী;১ ইয়াৰ প্ৰথমখন পূৰ্বে চলি অহা মৌখিক কিংবদন্তিৰ আধাৰত ১৬০০ চনত দামোদৰ গুলাতীয়ে লিখা আৰু দ্বিতীয়খন ১৭৬৬ চনত ৱাৰিছ শ্বাহে মহাকাব্যিক ৰূপত লিখা হীৰৰ আখ্যান, যিখন আটাইতকৈ বিখ্যাত। তখত হাজাৰা আৰু টিলা জোগিয়াঁৰ পটভূমিত পৰিৱেশিত এই আখ্যানত পাঞ্জাবৰ গ্ৰাম্য অঞ্চলৰ এহাল যুৱক-যুৱতীৰ প্ৰেম, বলপূৰ্বক বিচ্ছেদ আৰু অৱশেষত একেলগে মৃত্যুৰ কাহিনী বৰ্ণোৱা হৈছে।২

পঞ্জাৱৰ চাৰিটা জনপ্ৰিয় ট্ৰেজিক ৰোমাঞ্চৰ ভিতৰত ই অন্যতম। বাকী তিনিটা হৈছে মিৰ্জা চাহিবা, সোহনী মহিৱাল আৰু ছচ্ছি পুন্নুন।৩৪৫৬৭

ইতিহাস

হীৰ ৰাঞ্জাৰ আখ্যান কেইবাজনো কবিয়ে ৰচনা কৰিছে। প্ৰথমে এই কাহিনী বৰ্ণনা কৰা দামোদৰ গুলাতিয়ে নিজকে এই ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰিছিল। তেওঁৰ আখ্যানক পাঞ্জাবী সাহিত্যৰ আটাইতকৈ পুৰণি “হীৰ” বুলি গণ্য কৰা হয়। তেওঁ নিজকে ঝঙৰ বাসিন্দা বুলি উল্লেখ কৰিছে, য’ত হীৰৰ ঘৰ আছিল। ষোড়শ শতিকাৰ কবি শ্বাহ হুছেইনেও তেওঁৰ কাফীত এই কাহিনীৰ উল্লেখ কৰিছে। পিছলৈ ৱাৰিছ শ্বাহে ১৭৬৬ চনত তেওঁৰ গ্ৰন্থত কাহিনীটো পুনৰ বৰ্ণনা কৰে, য'ত তেওঁ কয় ঈশ্বৰৰ প্ৰতি মানৱৰ অদম্য সন্ধানৰ প্ৰসংগত কাহিনীটোৰ গভীৰ অৰ্থ আছে।৮

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Akhund, Abdul Hamid. (1993). Bhitai, the Message of the Master: An Anthology of Commentaries on the Poetry of Shah Abdul Latif. Shah Abdul Latif Bhitshah Cultural Centre Committee. পৃ. 91. ISBN 9789698100117
  2. ↑ (Arif Jamshaid) The epic of Heer Ranjha, research paper on epic poem written by Waris Shah in 1766 on Academy of the Punjab in North America website Retrieved 14 November 2020
  3. ↑ Ikram, Sheikh Mohamad. (1955). The cultural heritage of Pakistan. Oxford University Press. পৃ. 151
  4. ↑ Jamal Shahid. (11 January 2015). A beloved folk story comes to life. Dawn
  5. ↑ Karan Bali. (13 September 2016). Before 'Mirzya', Mirza and Sahiban have died over and over again for their love (Numerous versions of the legend exist, including productions in Punjabi on both sides of the border). Scroll.in website
  6. ↑ (20 April 2007). Love Legends in History of Punjab. Punjabi World website
  7. ↑ Sahibaan remains unheard The Hindu (newspaper), Published 11 October 2016, Retrieved 8 November 2020
  8. ↑ Waqar Pirzada. (2014). Chasing Love Up against the Sun. পৃ. 12

সম্পৰ্কিত শ্ৰেণী

পাঞ্জাবী লোককথা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হীৰ ৰাঞ্জা” প্ৰবন্ধৰ সংশোধন ৬৩৮৬৬১ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।