ডিমা হাছাও জিলা
৯ প্ৰবন্ধ
-
ডিমা হাছাও জিলা
ডিমা হাছাও জিলা অসমৰ দক্ষিণ ভাগত অৱস্থিত ষষ্ঠ অনুচ্ছেদৰ অন্তৰ্গত এখন পাহাৰীয়া জিলা, যাৰ সদৰ হ’ল হাফলং। ইতিহাস, জনজাতীয় সমাজ-গঠন, আৰু পৰ্বতমালাৰ প্ৰাকৃতিক বৈচিত্ৰ্যৰ বাবে এই জিলা অসমত বিশেষ গুৰুত্বসম্পন্ন।
-
হাফলং
হাফলং (Haflong)ভাৰতৰ অসমৰাজ্যৰ অন্তৰ্ভুক্ত ডিমা হাছাও জিলাৰ সদৰ ঠাই৷ অসমৰ পৰ্বতীয়া অঞ্চলসমূহৰ ভিতৰত হাফলং অন্যতম৷ "Haflau" বা "Hangkhlong" শব্দৰ পৰা হাফলং চহৰৰ নাম উদ্ভৱ হোৱা বুলি অনুমান কৰা হয়৷ ডিমাছা ভাষাত ইয়াৰ অৰ্থ হৈছে পৰুৱাৰ পৰ্বত (Ant Hill)৷ অন্যহাতে জেমি নগাসকলৰ মত অনুসৰি এই নামটো হাফলঙৰ…
-
মাইবং
মাইবং (IPA: ˌmɑɪˈbɒŋg) (Maibang) অসমৰ ডিমা হাছাও জিলাৰ অন্তৰ্ভুক্ত এখন ঠাই৷ মাইবঙৰ নামটো ডিমাছা ভাষাৰ দুটা শব্দ 'MAI' আৰু 'BANG' মিলি হোৱা বুলি জনা যায়, যাৰ অৰ্থ হ'ল 'যথেষ্ট খাদ্য' (Mai ৰ অৰ্থ খাদ্য আৰু 'Bang' ৰ অৰ্থ যথেষ্ট) ৷
-
বৰাইল পৰ্বত
বৰাইল পৰ্বত (Barail Range) উত্তৰ-পূব ভাৰতৰ এখন অন্যতম বিশাল পৰ্বতমালা। এই পৰ্বতমালা অসম তথা মণিপুৰ আৰু নাগালেণ্ডৰ কিছু অঞ্চল জুৰি বিস্তৃত (দ্ৰাঘিমাংশ ৯৩.১৫০০°, অক্ষাংশ ২৫.১৫০০°)। এই পৰ্বত প্ৰধানতঃ অসমৰ ডিমা-হাছাও জিলাত অৱস্থিত আৰু ই হৈছে অসমৰ আটাইতকৈ ওখ আৰু দীঘল পাহাৰ (বা পৰ্বত)।
-
মাহুৰ
মাহুৰ (IPA: mɑːʊə) (Mahur) অসমৰ ডিমা হাছাও জিলাত অৱস্থিত এখন ঠাই৷
-
জাতিংগা
জাতিংগা (Jatinga) হৈছে অসমৰ ডিমা হাছাও জিলাৰ অন্তৰ্গত এখন গাঁও। গুৱাহাটীৰ পশ্চিমে প্ৰায় ৩৩০ কিঃমিঃ দূৰত জাতিংগা অৱস্থিত। এই ঠাই টুকুৰা পক্ষীৰ আত্মহত্যাৰ কেন্দ্ৰ ৰূপে জনাজাত। প্ৰকৃততে ইয়াত পক্ষীসমূহে আত্মহত্যা নকৰে। পক্ষীসমূহক স্থানীয় লোকসকলেহে হত্যা কৰে।
-
পানীমূৰ
পানীমূৰ (Panimur) অসমৰ ডিমা হাছাও জিলাত অৱস্থিত এটি দৰ্শনীয় স্থান। ঠাইখন পানীমূৰ জলপ্ৰপাতৰ বাবে বিখ্যাত, যাক উত্তৰ-পূবৰ নায়াগ্ৰা (Niagara of Northeast) বুলিও কোৱা হয়। জলপ্ৰপাতটো কপিলী নদীৰ দ্বাৰা গঠিত হয়। নদীখন শিলাময় ভূখণ্ডৰ ওপৰেৰে বৈ যোৱাৰ ফলত এটা বহল জলপ্ৰপাতৰ সৃষ্টি হয়।
-
লুংজুবেল
লুংজুবেল (Lungzubel) ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিয়াটা জনগোষ্ঠী সকলৰ এক প্ৰকাৰৰ বিশেষ সাংস্কৃতিক শিলৰ পাত্ৰ। বিয়াটা ভাষাত লুংজুবেলৰ অৰ্থ হৈছে "চাউলৰ সুৰা ৰখা শিলৰ পাত্ৰ।" অসমৰ ডিমা হাছাও জিলাৰ দক্ষিণ-পশ্চিম অংশ আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলবোৰত লুংজুবেলৰ ধ্বংসাৱশেষ পোৱা যায়।
-
ৰাজকন্যা ডিশ্ৰু
ৰাজকন্যা ডিশ্ৰু বা দিচৰু ( Princess Dishru) ডিমাছা মালিতাসমূহত পোৱা এক ৰাজকন্যা৷ ডিমাছা সমাজত প্ৰচলিত মালিতা বা কাহিনী-গীতসমূহৰ মাজত “ডিশ্ৰুণী ৰাজাবঠাই’’ অৰ্থাৎ ডিশ্ৰুৰ মালিতা বৰ জনপ্ৰিয়৷ এই মালিতাৰ আঁৰত থকা কাহিনীটো এনেধৰণৰ:- জনশ্ৰুতিমতে ডিশ্ৰু কছাৰী ৰজা হৰিৰামৰ কন্যা৷ আনুমানিক ১৫৭০ খ্ৰীষ্টাব্দত…