হাউ আই মে'ট ইয়'ৰ মাদাৰ (How I Met Your Mother; মই তোমালোকৰ মাক কেনেকৈ লগ পালোঁ) হৈছে এখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইংৰাজী ভাষা ভাষাৰ চিটুৱেচন কমেডি ধাৰাবাহিক। ই পোন প্ৰথমৰ বাবে প্ৰচাৰিত হৈছিল ২০০৫ চনৰ ১৯ চেপ্টেম্বৰত চিবিএছ ছেনেলত। নটা শৃংখলাৰ (ছিজন) ধাৰাবাহিকখন ২০১৪ চনৰ ৩১ মাৰ্চত সমাপ্ত হয়।
ভাৰতত ইয়াক ষ্টাৰ ৱৰ্ল্ড ছেনেলযোগে প্ৰদৰ্শন কৰা হয়।
প্লট
ধাৰাবাহিকখনৰ কাহিনী হৈছে নিউ য়ৰ্ক মহানগৰৰ এজন স্থাপতিবিদ টেড ম'জবি (জ'ছ ৰেডনৰ)-ৰ সঁচা প্ৰেমৰ, তেওঁৰ পত্নীক লগ পোৱাৰ বিষয়ে, যি তেওঁ ২০৩০ চনত নিজৰ পুত্ৰ আৰু কন্যাৰ আগত বৰ্ণনা কৰি থাকে। ফ্লেছবেকৰ দ্বাৰা প্ৰদৰ্শন কৰা কাহিনীৰ আৰম্ভ হয় ২০০৫ বৰ্ষৰ পৰা। উল্লিখিত লক্ষ্য আগতলৈ টেড আৰু তেওঁৰ বন্ধু মাৰ্চেল এৰিকছন (জেচন ছেগাল), ৰবিন চাৰ্বাচ্ছ্স্কি (ক'বি স্মল্ডাৰ্ছ), লিলি অলড্ৰিন (এলিছন হেনিগান) আৰু বাৰ্নি ষ্টিন্ছন (নিল পেট্ৰিক হেৰিছ)-ৰ জীৱনত ঘটা আনুসাংগিক ঘটনাই হৈছে ধাৰাবাহিকখনৰ উপজীব্য।
মূল চৰিত্ৰসমূহ
| টেড ম'জবি | মাৰ্চেল এৰিকছন | ৰবিন চাৰ্বাচ্ছ্স্কি | লিলি অলড্ৰিন | বাৰ্নি ষ্টিনছন |
| জ'ছ ৰেডনৰ | জেচন ছেগাল | ক'বি স্মল্ডাৰ্ছ | এলিছন হেনিগান | নিল পেট্ৰিক হেৰিছ |
শৃংখলাসমূহৰ তালিকা
| শৃংখলা নং | সময় (ইষ্টাৰ্ণ টাইম) | শৃংখলাৰ আৰম্ভণি | শৃংখলাৰ সমাপ্তি | টিভি বৰ্ষ | স্থান | দৰ্শক (নিযুতত) |
|---|---|---|---|---|---|---|
| ১ | সোমবাৰ নিশা ৮:৩০ বজা (১৯ চেপ্টেম্বৰ, ২০০৫ – ১৫ মে, ২০০৬) | ১৯ চেপ্টেম্বৰ, ২০০৫ | ১৫ মে, ২০০৬ | ২০০৫-২০০৬ | #৪৩১ | ৯.৪৭১ |
| ২ | সোমবাৰ নিশা ৮:৩০ বজা (১৮ চেপ্টেম্বৰ, ২০০৬ – ২ অক্টোবৰ, ২০০৬) সোমবাৰ নিশা ৮:০০ বজা <small>(৯ অক্টোবৰ, ২০০৬ – ১৪ মে, ২০০৭) | ১৮ চেপ্টেম্বৰ, ২০০৬ | ১৪ মে, ২০০৭ | ২০০৬-২০০৭ | #৬১২ | ৮.৫০২ |
| ৩ | সোমবাৰ নিশা ৮:০০ বজা (২৪ চেপ্টেম্বৰ, ২০০৭ – ১০ মাৰ্চ, ২০০৮) সোমবাৰ নিশা ৮:৩০ বজা (১৭ মাৰ্চ, ২০০৮ – ১৯ মে, ২০০৮) | ২৪ চেপ্টেম্বৰ, ২০০৭ | ১৯ মে, ২০০৮ | ২০০৭-২০০৮ | #৭০৩ | ৮.২১৩ |
| ৪ | সোমবাৰ নিশা ৮:৩০ বজা (২২ চেপ্টেম্বৰ, ২০০৮ – ১৮ মে, ২০০৯) | ২২ চেপ্টেম্বৰ, ২০০৮ | ১৮ মে, ২০০৯ | ২০০৮-২০০৯ | #৪৯৪ | ৯.৪২৪ |
| ৫ | সোমবাৰ নিশা ৮:০০ বজা (২১ চেপ্টেম্বৰ, ২০০৯ – ২৪ মে, ২০১০) | ২১ চেপ্টেম্বৰ, ২০০৯ | ২৪ মে, ২০১০ | ২০০৯-২০১০ | #৪২৫ | ৮.৬০৫ |
| ৬ | সোমবাৰ নিশা ৮:০০ বজা (২০ চেপ্টেম্বৰ, ২০১০ – মে ২০১১) | ২০ চেপ্টেম্বৰ, ২০১০ | ১৬ মে, ২০১১ | ২০১০-২০১১ | #৪৮৬ | ৮.৭৯৬ |
| ৭ | সোমবাৰ নিশা ৮:০০ বজা (১৯ চেপ্টেম্বৰ, ২০১১ – মে', ২০১২) | ১৯ চেপ্টেম্বৰ, ২০১১ | ১৪ মে', ২০১২ | ২০১১-২০১২ | ৪৫৭ | ৯.৬৭৭ |
| ৮ | সোমবাৰ নিশা ৮:০০ বজা (২৪ ছেপ্টেম্বৰ ২০১২ – ১৩ মে' ২০১৩) | ২৪ ছেপ্টেম্বৰ, ২০১২ | ১৩ মে', ২০১৩ | ২০১২-২-১৩ | ৪২ | ৯.০২৮ |
| ৯ | সোমবাৰ নিশা ৮:০০ বজা (২৩ ছেপ্টেম্বৰ, ২০১৩ – ৩১ মাৰ্চ, ২০১৪) | ২৩ ছেপ্টেম্বৰ, ২০১৩ | ৩১ মাৰ্চ, ২০১৪ | ২০১৩-২০১৪ | ২৮৯ | ১০.৫১৯ |
বাহিৰা সংযোগ
- আধিকাৰিক ৱেবছাইট
- ইণ্টাৰনেট মুভি ডাটাবেছত "হাউ আই মেট ইয়ৰ মাদাৰ"ৰ তথ্য
- টিভি ডট কমত "হাউ আই মেট ইয়ৰ মাদাৰ"ৰ তথ্য
- ষ্টাৰপ্লাস ডট কমত জ'স ৰেডনৰৰ সাক্ষ্যাতকাৰ
তথ্যসূত্ৰ
- ↑ এবিচি মিডিয়া নেট - প্ৰথম শৃংখলা
- ↑ হলিউড ৰিপৰ্টাৰ - দ্বিতীয় শৃংখলা
- ↑ এবিচি মিডিয়া নেট - তৃতিয় শৃংখলা
- ↑ এবিচি মিডিয়া নেট - চতুৰ্থ শৃংখলা
- ↑ ডেডলাইন ডট কম - পঞ্চম শৃংখলা
- ↑ টিভি বাই দা নাম্বাৰচ - ষষ্ঠ শৃংখলা
- ↑ Gorman, Bill. (May 24, 2012). Complete List Of 2011–12 Season TV Show Ratings: ‘Sunday Night Football’ Tops, Followed By ‘American Idol,’ ‘NCIS’ & ‘Dancing With The Stars’. Tvbythenumbers.zap2it.com
- ↑ Patten, Dominic. Full 2012–2013 TV Season Series Rankings. Deadline.com
- ↑ (May 22, 2014). Full 2013-2014 TV Season Series Rankings. Deadline.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাউ আই মে'ট ইয়'ৰ মাদাৰ” প্ৰবন্ধৰ সংশোধন ৪০৩১৯০ (২২ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।