অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

হাইপ'থেলামাছ

হাইপ'থেলামাছ প্ৰমস্তিষ্কৰ ডায়েনচেফালনৰ তলৰ অংশ। অসংখ্য স্নায়ুস্ৰাৱী কোষ বা নিউক্লিয়াইৰ জৰিয়তে ই দেহৰ বহু কাম নিয়ন্ত্ৰণ কৰে। পিটুইটেৰী গ্ৰন্থিৰ জৰিয়তে স্নায়ু তন্ত্ৰক অন্তঃস্ৰাৱী তন্ত্ৰৰ লগত সংযোগ কৰাটো ইয়াৰ এক গুৰুত্বপূৰ্ণ কাৰ্য। থেলামাছৰ তলত অৱস্থিত হাইপ'থেলামাছ লিম্বিক প্ৰণালীৰ অংশ।

হালনাগাদ: ১১ ছেপ্তেম্বৰ ২০১৯ ১৭২ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

হাইপ'থেলামাছ প্ৰমস্তিষ্কৰ ডায়েনচেফালনৰ তলৰ অংশ। অসংখ্য স্নায়ুস্ৰাৱী কোষ বা নিউক্লিয়াইৰ জৰিয়তে ই দেহৰ বহু কাম নিয়ন্ত্ৰণ কৰে। পিটুইটেৰী গ্ৰন্থিৰ জৰিয়তে স্নায়ু তন্ত্ৰক অন্তঃস্ৰাৱী তন্ত্ৰৰ লগত সংযোগ কৰাটো ইয়াৰ এক গুৰুত্বপূৰ্ণ কাৰ্য। থেলামাছৰ তলত অৱস্থিত হাইপ'থেলামাছ লিম্বিক প্ৰণালীৰ অংশ।১ সকলো মেৰুদণ্ডী প্ৰাণীৰ মগজুত হাইপ'থেলামাছ থাকে। মানুহৰ ক্ষেত্ৰত ইয়াৰ আকাৰ এটা বাদামৰ সমান। অনৈচ্ছিক স্নায়ু তন্ত্ৰৰ বহু জৈৱিক প্ৰক্ৰিয়াতো ই অংশ লয়। ইয়াৰ নিউক্লিয়াইবোৰে তৈয়াৰ কৰা বিমোচন হৰম'ন (releasing hormone) আৰু নিৰোধক হৰম'নবোৰে (Inhibiting hormone) অগ্ৰ পিটুইটেৰী গ্ৰন্থিৰ হৰম'নত প্ৰভাৱ পেলায়। এইবোৰ এক্সন আৰু আৰু নিবাহিকা পৰিবাহী তন্ত্ৰৰ সহায়ত পিটুইটেৰী গ্ৰন্থিলৈ যায়। আনহাতে হাইপ'থেলামাছত উৎপন্ন হোৱা অক্সিট'চিন আৰু ভেছ'প্ৰেছিন নামৰ দুবিধ হৰম'ন এক্সনেৰে পোনে পোনে পশ্চাৎ পিটুইটেৰীলৈ যায় আৰু প্ৰয়োজনসাপেক্ষে তাৰ পৰা ক্ষৰিত হয়।২

হাইপ'থেলামাছে শৰীৰৰ তাপ, ক্ষুধা, পিয়াহ, টোপনি, ছন্দঃপূৰ্ণ চক্ৰ (circadian rythm) আৰু নানা আচৰণ নিয়ন্ত্ৰণ কৰে।৩

অতিৰিক্ত পাঠ

  • (May 2009). Sex differences in the brain: the relation between structure and function. Hormones and Behavior. পৃ. 589–96

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Dr. Boeree, C. George. The Emotional Nervous System. The Limbic System
  2. ↑ Melmed, S; Polonsky, KS; Larsen, PR. (2011). Williams Textbook of Endocrinology. Saunders. পৃ. 107. ISBN 978-1437703245
  3. ↑ NCI Dictionary of Cancer Terms. National Cancer Institute

সম্পৰ্কিত শ্ৰেণী

অন্তঃস্ৰাৱী বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাইপ'থেলামাছ” প্ৰবন্ধৰ সংশোধন ২০৪০৪৭ (১১ ছেপ্তেম্বৰ ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।