অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

পেৰাথাইৰইড গ্ৰন্থি

পেৰাথাইৰইড গ্ৰন্থি (Parathyroid glands) মানুহ আৰু আন চতুৰ্স্পদী প্ৰাণীৰ ডিঙিত থকা সৰু অন্তঃস্ৰাৱী গ্ৰন্থি। মানুহৰ সাধাৰণতে থাইৰইড গ্ৰন্থিৰ পিছফালে চাৰিটা পেৰাথাইৰইড গ্ৰন্থি থাকে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৫৪৩ শব্দ · ৩ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

পেৰাথাইৰইড গ্ৰন্থি (Parathyroid glands) মানুহ আৰু আন চতুৰ্স্পদী প্ৰাণীৰ ডিঙিত থকা সৰু অন্তঃস্ৰাৱী গ্ৰন্থি। মানুহৰ সাধাৰণতে থাইৰইড গ্ৰন্থিৰ পিছফালে চাৰিটা পেৰাথাইৰইড গ্ৰন্থি থাকে। তেজত কেল্‌চিয়ামৰ পৰিমাণ কম হ'লে এই গ্ৰন্থিয়ে পেৰাথাইৰইড হৰম'ন নিঃসৰণ কৰি তেজ আৰু হাড়ত কেল্‌চিয়ামৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয়।

পেৰাথাইৰইড গ্ৰন্থিৰ তেজৰ যোগান, সিৰাৰ পৰিবাহ আৰু লসিকা পৰিবাহ থাইৰইড গ্ৰন্থিৰ সৈতে একেই। বিকাশৰ সময়ত ভ্ৰূণীয় কলাৰ চলাচলৰ বাবে ঊৰ্দ্ধ আৰু নিম্ন গ্ৰন্থিৰ স্থানৰ পৰিৱৰ্তন হ'ব পাৰে।

হাইপাৰপেৰাথাইৰইডিজম আৰু হাইপ'পেৰাথাইৰইডিজম ৰোগত পেৰাথাইৰইড হৰম'ন বাঢ়ি বা কমি তেজৰ কেল্‌চিয়ামৰ তাৰতম্য ঘটাৰ লগতে হাড়ৰো পৰিৱৰ্তন হয়।

গঠন

পেৰাথাইৰইড গ্ৰন্থিবোৰ সাধাৰণতে থাইৰইড গ্ৰন্থিৰ সোঁ আৰু বাওঁ খণ্ডৰ পিছফালে অৱস্থিত। হালধীয়া-মাটীয়া বৰণৰ গ্ৰন্থিবোৰ মাহৰ নিচিনা- দীঘলে প্ৰায় ৬ মি:মি:, বহলে প্ৰায় ৩-৪ মি:মি: আৰু ১-২ মি:মি: বেধৰ।১ পেৰাথাইৰইড গ্ৰন্থিৰ সংখ্যা সাধাৰণতে চাৰিটা। দুয়োফালে ওপৰত থকা গ্ৰন্থিকেইটাক উৰ্দ্ধ পেৰাথাইৰইড গ্ৰন্থি আৰু তলত থকা দুটাক নিম্ন পেৰাথাইৰইড গ্ৰন্থি বোলে। সুস্থ গ্ৰন্থিবোৰৰ ওজন প্ৰুষৰ দেহত প্ৰায় ৩০ মি:গ্ৰা: আৰু মহিলাৰ ক্ষেত্ৰত প্ৰায় ৩৫ মি:গ্ৰা:।২ ডিঙিৰ পৰীক্ষাত এই গ্ৰন্থিকেইটা দেখিব বা অনুভৱ কৰিব নোৱাৰি।৩

ভেদ

পেৰাথাইৰইড গ্ৰন্থিৰ সংখ্যা ভিন ভিন হ'ব পাৰে: তিনিটা বা অধিক,৪ থাইৰইড গ্ৰন্থিৰ পিছফালে অৱস্থিত হ'ব পাৰে।৪ কেতিয়াবা কোনো লোকৰ ছটা, আঠটা বা বেছিও পেৰাথাইৰইড গ্ৰন্থি থাকিব পাৰে।৩ অতি কম লোকৰ পেৰাথাইৰইড গ্ৰন্থি থাইৰইড গ্ৰন্থিৰ ভিতৰতে, বুকুত বা থাইমাছৰ ভিতৰতো থাকিব পাৰে।৪

কোষকলা

থাইৰইডৰ কূপীয় (follicular) গঠনৰ সলনি থেপাথেপিকৈ থকা কোষৰ বাবে পেৰাথাইৰইড গ্ৰন্থিৰ সহজে চিনাক্ত কৰিব পাৰি।৫ পেৰাথাইৰইডত থকা দুবিধ অদ্বিতীয় কোষ হৈছে:

  • চিফ কোষ (Chief cells), যি পেৰাথাইৰইড হৰম'ন উৎপাদন আৰু মুকলি কৰে।৬
  • অক্সিফিল কোষ (Oxyphil cells), যাৰ কাৰ্য অজ্ঞাত আৰু বয়সৰ লগে লগে সংখ্যা বাঢ়ি যায়।৬৭

বিকাশ

মানৱ ভ্ৰূণৰ প্ৰাৰম্ভিক বিকাশৰ সময়ত পাঁচটা ফেৰিঞ্জিয়েল ভাঁজ (pharyngeal arches) আৰু চাৰিটা ফেৰিঞ্জিয়েল মোনা (pharyngeal pouches) সৃষ্টি হয় যি মুখ, ডিঙি আৰু কাষৰ অংগবোৰ গঠন কৰে। তৃতীয় অৰৌ চতুৰ্থ মোনাৰ এণ্ড'ডাৰ্ম আৰু নিউৰেল ক্ৰেষ্ট মিছেন্‌কাইম (neural crest mesenchyme) মিলি পেৰাথাইৰইড গ্ৰন্থি গঠন কৰে।৪ তৃতীয় মোনাৰ পৰা নিম্ন গ্ৰন্থি দুটা আৰু চতুৰ্থ মোনাৰ পৰা উৰ্দ্ধ গ্ৰন্থি দুটাৰ বিকাশ হয়।৮

পেৰাথাইৰইড গ্ৰন্থিৰ বিকাশত কেইবাটাও জিন জড়িত থাকে।৯

কাৰ্য

লগতে চাওক: পেৰাথাইৰইড হৰম'ন

পেৰাথাইৰইড গ্ৰন্থিৰ মূল কাৰ্য হৈছে দেহত কেল্‌চিয়াম আৰু ফছ্‌ফেটৰ মাত্ৰা অতি কম পৰিসৰত ঠিক কৰি ৰখা যাতে স্নায়ু আৰু পেশী তন্ত্ৰই ভালদাৰে কাম কৰিব পাৰে। পেৰাথাইৰইড গ্ৰন্থিৰ পৰা ওলোৱা পেৰাথাইৰইড হৰম'নে (PTH) এই কাৰ্য সমাধা কৰে।১০

পেৰাথাইৰইড হৰম'ন (বা পেৰাথ্‌হৰম'ন)ৰ প্ৰভাৱ কেল্‌চিট'নিনৰ ওলোটা।১১

  • কেল্‌চিয়াম- PTH-এ অ'ষ্টিঅ'ব্লআষ্ট আৰু অ"ষ্টিয়'ক্লাষ্ট কোষক উত্তেজিত কৰি হাড়ৰ পৰা কেল্‌চিয়াম উলিয়াই তেজত কেল্‌চিয়ামৰ পৰিমাণ বৃদ্ধি কৰে। ই অন্ত্ৰত কেল্‌ছিয়ামৰ শোষণ বঢ়ায় আৰু বৃক্কৰ জৰিয়তে কেল্‌চিয়াম ওলাই যোৱাত বাধা দিয়ে।১১
  • ফছ্‌ফেট- PTH-এ বৃক্কত ফছ্‌ফেটৰ পুনৰ্শোষণত বাধা দিয়ে আৰু অন্ত্ৰত ফছ্‌ফেটৰ শোষণ বঢ়ায়।১১

ৰোগ

মূল প্ৰবন্ধ: পেৰাথাইৰইড ৰোগ

পেৰাথাইৰইড গ্ৰন্থি অধিক সক্ৰিয় হৈ পৰিলে হাইপাৰপেৰাথাইৰইডিজম (hyperparathyroidism) আৰু কম সক্ৰিয় হ'লে হাইপ'পেৰাথাইৰইডিজম (hypoparathyroidism) বোলে। তেজত পেৰাথাইৰইড হৰম'নৰ মাত্ৰাৰ সালসলনি হোৱা বাবে নানা লক্ষণ দেখা যায়।১২

হাইপাৰপেৰাথাইৰইডিজম

মূল প্ৰবন্ধ: হাইপাৰপেৰাথাইৰইডিজম

প্ৰধান

প্ৰয়োজনতকৈ অধিক পেৰাথাইৰইড হৰম'ন থাকিলে হাইপাৰপেৰাথাইৰইডিজম ৰোগ হয়। হাড় ক্ষয় হোৱা বাবে হাড়ৰ বিষ হয়। কেল্‌চিয়ামৰ পৰিমাণ বেছি হোৱা বাবে সাধাৰণতে নিৰ্জলীভৱন (dehydration) হয়। সাধাৰণতে চিফ কোষবোৰৰ অধিক বিভাজন হ'লে আৰু কেতিয়াবা MEN syndrome-ত এই ৰোগ হয়। ইয়াক প্ৰধান বা প্ৰাইমেৰী হাইপাৰপেৰাথাইৰইডিজম বোলে।১২ নিৰ্দিষ্ট পেৰাথাইৰইড গ্ৰন্থি শৈল্য চিকিৎসাৰে আঁতৰ কৰিলে ইয়াৰ নিৰাময় হয়।১৩

গৌণ

বৃক্কৰ ৰোগতো হাইপাৰপেৰাথাইৰইডিজম হ'ব পাৰে। বৃক্কৰ জৰিয়তে অধিক কেল্‌চিয়াম ওলাই গ'লে ভৰনি কৰিবলৈ পেৰাথাইৰইড গ্ৰন্থিয়ে অধিক হৰম'ন নিঃসৰণ কৰে। ইয়াক গৌণ বা ছেকেণ্ডেৰী হাইপাৰপেৰাথাইৰইডিজম বোলে।

তৃতীয়

এনে পৰিবেশ বহুদিন থাকিলে পেৰাথাইৰইড কলাই তেজৰ কেল্‌চিয়াম পৰিমাণলৈ সঁহাৰি নিদি নিজে নিজে হৰম'ন নিঃসৰণ কৰিবলৈ লয়। ইয়াক তৃতীয় বিধৰ বা টাৰ্চিয়েৰী হাইপাৰপেৰাথাইৰইডিজম বোলে।১৪

হাইপ'পেৰাথাইৰইডিজম

মূল প্ৰবন্ধ: হাইপ'পেৰাথাইৰইডিজম

পেৰাথাইৰইডৰ সক্ৰিয়তা জোখতকৈ কমিলে তাক হাইপ'পেৰাথাইৰইডিজম বোলে। সাধাৰণতে থাইৰইডৰ অস্ত্ৰ চিকিৎসাত পেৰাথাইৰইড গ্ৰন্থি বা ইয়াৰ তেজৰ যোগানত আঘাত পৰিলে এনে হয়। DiGeorge syndrome-ৰ দৰে জিনীয় ৰোগতো এনে হয়। শল্য চিকিৎসাৰে পেৰাথাইৰইড গ্ৰন্থি আঁতৰালেও এই ৰোগ হয়।১৫

কেতিয়াবা এজন লোক পেৰাথাইৰইড হৰম'নৰ প্ৰভাৱৰ প্ৰতি প্ৰতিবন্ধ হয়। সেই অৱস্থাক চিউড'হাইপ'পেৰাথাইৰইডিজম (pseudohypoparathyroidism) বোলে। সাধাৰণতে Albright's hereditary osteodystrophy ৰোগত এনে দেখা যায়। চিউড'চিউড'হাইপ'পেৰাথাইৰইডিজম" (Pseudopseudohypoparathyroidism) অৱস্থাত Albright's hereditary osteodystrophy ৰোগীজনৰ পেৰাথাইৰইড হৰম'ন আৰু কেল্‌চিয়ামৰ পৰিমাণ ঠিকে থাকে।১৫

হাইপ'পেৰাথাইৰইডিজমত কেল্‌চিয়ামৰ পৰিমাণ কমা বাবে লক্ষণ দেখা পোৱা যাব পাৰে।১৫

আন প্ৰাণীত

পেৰাথাইৰইড গ্ৰন্থি সকলো বয়স্ক চতুস্পদী প্ৰাণীতে পোৱা যায়। স্তন্যপায়ী প্ৰাণীত ইয়াৰ সংখ্যা সাধাৰণতে চাৰিটা, আন প্ৰাণীত সাধাৰণতে ছটা থাকে। এই গ্ৰন্থি আঁতৰাই দিলে ক্ষিপ্ৰ বিষক্ৰিয়া আৰু অনিয়মীয়া পেশী সংকোচনৰ দৰে অৱস্থা হয়।১৬

মাছত পেৰাথাইৰইড গ্ৰন্থি নাথাকে। কেইবাটাও প্ৰজাতিত পেৰাথাইৰইড হৰম'নৰ অস্তিত্ব পোৱা হৈছে।৯১৭

আৰু চাওক

  • থাইৰইড

অতিৰিক পাঠ

  • Sandström, Ivar. (1938). On a New Gland in Man and Several Mammals: (Glandulæ Parathyreoideæ). Johns Hopkins University Press

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Gray, Henry. (1980). Gray's Anatomy. Churchill Livingstone. পৃ. 1453. ISBN 0-443-01505-8
  2. ↑ Johnson, S J. (1 April 2005). Best Practice No 183: Examination of parathyroid gland specimens. Journal of Clinical Pathology. পৃ. 338–342
  3. ↑ Illustrated Anatomy of the Head and Neck, Fehrenbach and Herring, Elsevier, 2012, p. 159
  4. ↑ Williams, S. Jacob; dissections by David J. Hinchcliffe; photography by Mick A. Turton; illustrated by Amanda. (2007). Human anatomy: a clinically-orientated approach. Churchill Livingstone. ISBN 978-0-443-10373-5
  5. ↑ (September 2012). Location, number and morphology of parathyroid glands: results from a large anatomical series. Anat Sci Int. পৃ. 160–4
  6. ↑ Young, Barbara; Heath, John W.; Stevens, Alan. (2006). Wheater's functional histology: a text and colour atlas. Churchill Livingstone/Elsevier. পৃ. 337. ISBN 978-0-443-06850-8
  7. ↑ Ritter, Cynthia S.; Haughey, Bruce H.; Miller, Brent. (August 2012). Differential Gene Expression by Oxyphil and Chief Cells of Human Parathyroid Glands. The Journal of Clinical Endocrinology & Metabolism. পৃ. E1499–E1505
  8. ↑ Larsen, William J. (2001). Human embryology. Churchill Livingstone. পৃ. 377–8. ISBN 0-443-06583-7
  9. ↑ Zajac, Jeffrey D; Danks, Janine A. (July 2008). The development of the parathyroid gland: from fish to human. Current Opinion in Nephrology and Hypertension. পৃ. 353–356
  10. ↑ Young, Barbara; Heath, John W.; Stevens, Alan. (2006). Wheater's functional histology: a text and colour atlas. Churchill Livingstone/Elsevier. পৃ. 336. ISBN 978-0-443-06850-8
  11. ↑ Hall, Arthur C. Guyton, John E. (2005). Textbook of medical physiology. W.B. Saunders. পৃ. 985–8. ISBN 978-0-7216-0240-0
  12. ↑ (2010). Davidson's principles and practice of medicine. Churchill Livingstone/Elsevier. পৃ. 766–7. ISBN 978-0-7020-3084-0
  13. ↑ (2010). Davidson's principles and practice of medicine. Churchill Livingstone/Elsevier. পৃ. 767. ISBN 978-0-7020-3084-0
  14. ↑ (2000). Endocrine surgery. Landes Bioscience. পৃ. 98–114. ISBN 978-1-57059-574-5
  15. ↑ (2010). Davidson's principles and practice of medicine. Churchill Livingstone/Elsevier. পৃ. 768. ISBN 978-0-7020-3084-0
  16. ↑ Councilman, WT. (1913). Disease and Its Causes. New York Henry Holt and Company London Williams and Norgate The University Press, Cambridge, U.S
  17. ↑ Okabe, Masataka; Graham, Anthony. (2004). The origin of the parathyroid gland. Proceedings of the National Academy of Sciences. পৃ. 17716–9

সম্পৰ্কিত শ্ৰেণী

অন্তঃস্ৰাৱী বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পেৰাথাইৰইড গ্ৰন্থি” প্ৰবন্ধৰ সংশোধন ৬৩১৭৬৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।