অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

ৱুল্ফ্‌ চাকঁফ প্ৰভাৱ

ৱুল্ফ্‌ চাকঁফ প্ৰভাৱ (Wolff–Chaikoff effect), বুলিলে অধিক পৰিমাণৰ আয়'ডিন সেৱনৰ পাছত থাইৰইড হৰম'নৰ মাত্ৰা কমি যোৱাটো বুজায়। কেলিফ'ৰ্নিয়া বিশ্ববিদ্যালয়ৰ ড॰ জাঁ ৱুল্ফ আৰু ইজৰাইল লিয়ন চাকঁফে এই পৰিঘটনা আৱিষ্কাৰ কৰিছিল।

হালনাগাদ: ১১ জুন ২০২০ ২২৫ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ৱুল্ফ্‌ চাকঁফ প্ৰভাৱ (Wolff–Chaikoff effect),১ বুলিলে অধিক পৰিমাণৰ আয়'ডিন সেৱনৰ পাছত থাইৰইড হৰম'নৰ মাত্ৰা কমি যোৱাটো বুজায়। কেলিফ'ৰ্নিয়া বিশ্ববিদ্যালয়ৰ ড॰ জাঁ ৱুল্ফ আৰু ইজৰাইল লিয়ন চাকঁফে এই পৰিঘটনা আৱিষ্কাৰ কৰিছিল। ১৯৪৮ চনত তেওঁলোকে লক্ষ্য কৰে যে এন্দুৰৰ গাত আয়'ডিনৰ বেজী দিলে থাইৰইড গ্ৰন্থিত সাধাৰণাতে হোৱা আয়'ডিনৰ অৰ্গেনিফিকেছন (জাৰণ) সম্পূৰ্ণভাৱে ব্যাহত হয়।২৩ গ্ৰে'ভ্‌ছৰ ৰোগ থকা ব্যক্তিৰ নিৰোগী লোকতকৈ এনে হোৱাৰ সম্ভাৱনা বেছি,৪ আৰু গ্ৰে'ভ্‌ছৰ ৰোগৰ চিকিৎসাত আয়'ডিন ব্যৱহৃত হয়।

ৱুল্ফ্‌ চাকঁফ প্ৰভাৱ এক স্বয়ংনিয়ামক পৰিঘটনা (autoregulatory phenomenon) য'ত থাইৰইড গ্ৰন্থিৰ অৰ্গেনিফিকেছন, থাইৰইডৰ আবৃত থলীত থাইৰইড হৰম'নৰ সৃষ্টি আৰু তেজলৈ এই হৰম'নৰ ক্ষৰণ ব্যাহত হয়।৫ এনে হ'লে তেজত আয়'ডিনৰ মাত্ৰা বেছি পোৱা যায়। অতিমাত্ৰা আয়'ডিন নাকচ কৰি থাইৰইড গ্ৰন্থিত অধিক পৰিমাণৰ থাইৰইড হৰম'ন সৃষ্টি ৰোধ কৰিবলৈ এই পৰিঘটনা এক কাৰ্যকৰী প্ৰক্ৰিয়া। ৬ ৱুল্ফ্‌ চাকঁফ প্ৰভাৱ কেইবাদিনো থাকে (প্ৰায় ১০ দিন)। তাৰ পাছত "অপসৰণ পৰিঘটনা" (escape phenomenon) দেখা যায়৭ য'ত সাধাৰণভাৱে পুনৰ আয়'ডিনৰ অৰ্গেনিফিকেছন আৰু থাইৰইড পেৰ'ক্সিডেজৰ কাম চলি থাকে। থাইৰইড আবৃত থলী কোষত ছ'ডিয়াম-আয়'ডিন ছীম্প'ৰ্টাৰৰ সংখ্যা কমি যোৱা আৰু ফলত অজৈৱ আয়'ডিনৰ মাত্ৰা কমি যোৱাক "অপসৰণ পৰিঘটনা"ৰ কাৰণ বুলি ভবা হয়।

উচ্চ পৰিমাণৰ আয়'ডিনেৰে থাইৰইড গ্ৰন্থিক অৱদমন কৰি ৱুল্ফ্‌ চাকঁফ প্ৰভাৱক থাইৰইড আতিশয্যৰ (বিশেষকৈ থাইৰইড ষ্টৰ্ম) চিকিৎসা নীতি ৰূপে ব্যৱহাৰ কৰিব পাৰি। এণ্টিথাইৰইড ঔষধ উদ্ভাৱনৰ আগতে আয়'ডিনক থাইৰইড আতিশয্যৰ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হৈছিল। হাইপাৰথাইৰইডিজমত ভোগা লোকক আয়'ডিন দিলে থাইৰইড গ্ৰন্থি আঁতৰাই দিয়া লোকৰ নিচিনাকৈ মৌলিক বিপাকীয় ক্ৰিয়া (basal metabolic rate) কমা দেখা যায়।৫ আয়'ডিন থকা ঔষধ যেনে এমিঅ'ডেৰন খালে থাইৰইড নূন্যতা (hypothyroidism) হোৱাটোকো এই পৰিঘটনাই ব্যাখ্যা কৰিব পাৰে। আণৱিক জৰুৰীকালীন অৱস্থাত পটাছিয়াম আয়'ডাইড ব্যৱহাৰ কৰাতো ৱুল্ফ্‌ চাকঁফ প্ৰভাৱৰ ভূমিকা আছে।৮৯১০

আৰু চাওক

তথ্যসূত্ৰ

  1. ↑ Dorland. (2011). Dorland's Illustrated Medical Dictionary. Elsevier Health Sciences. পৃ. 2083. ISBN 9781416062578
  2. ↑ Panneels, V.; Juvenal, G.; Boeynaems, J.M. (2009). Comprehensive Handbook of Iodine: Nutritional, Biochemical, Pathological and Therapeutic Aspects. Academic Press. পৃ. 304. ISBN 9780080920863
  3. ↑ Wolff J, Chaikoff IL. (1948). Plasma inorganic iodide as a homeostatic regulator of thyroid function. J Biol Chem. পৃ. 555–564
  4. ↑ King; Tekoa, Mary Brucker. (2010). Pharmacology for Women's Health. Jones & Bartlett Learning. পৃ. 549. ISBN 9780763753290
  5. ↑ Goodman, Louis Sanford; Gilman, Alfred Goodman. (1996). Goodman and Gilman's the pharmacological basis of therapeutics. McGraw-Hill. পৃ. 1402. ISBN 978-0-07-026266-9
  6. ↑ Markou, K. (May 2001). Iodine induced hypothyroidism. Thyroid. পৃ. 501-10
  7. ↑ Eng P, Cardona G, Fang S, Previti M, Alex S, Carrasco N, Chin W, Braverman L. (1999). Escape from the acute Wolff-Chaikoff effect is associated with a decrease in thyroid sodium/iodide symporter messenger ribonucleic acid and protein. Endocrinology. পৃ. 3404–10
  8. ↑ Sternthal E, Lipworth L, Stanley B, Abreau C, Fang SL, Braverman LE. (1980). Suppression of thyroid radioiodine uptake by various doses of stable iodide. N Engl J Med. পৃ. 1083-8
  9. ↑ Becker DV. (1983). Physiological basis for the use of potassium iodide as a thyroid blocking agent logistic issues in its distribution. Bull N Y Acad Med. পৃ. 1003–8
  10. ↑ Adelstein SJ (1991). "Intervention procedures for radionuclides." Anticarcinogenesis and Radiation Protection 2. Springer US. pp. 227-8. "'Cold' iodide is effective in four ways: (a) by diluting the entering iodide pool; (b) by saturating the iodide transport system; (c) by blocking organification of iodide and thus inhibiting thyroid hormone synthesis (the Wolff-Chaikoff effect); and (d) by promoting excretion and thus lowering the total body dose."

সম্পৰ্কিত শ্ৰেণী

অন্তঃস্ৰাৱী বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱুল্ফ্‌ চাকঁফ প্ৰভাৱ” প্ৰবন্ধৰ সংশোধন ২৩৭৩৮১ (১১ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।