অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

সৰু ক'লা শংখচূড় সাপ

সৰু ক'লা শংখচূড় সাপ (বৈজ্ঞানিক নাম:Bungarus lividus) বা লেছাৰ ব্লেক ক্ৰেইট ভাৰত, বাংলাদেশ আৰু নেপালত পোৱা ইলাপিডি (Elapidae) পৰিয়ালৰ অন্তৰ্গত এবিধ বিষধৰ সাপৰ প্ৰজাতি।

হালনাগাদ: ১৩ জুলাই ২০২৪ ১৯০ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

সৰু ক'লা শংখচূড় সাপ (বৈজ্ঞানিক নামকৰণ পদ্ধতি:Bungarus lividus) বা লেছাৰ ব্লেক ক্ৰেইট ভাৰত, বাংলাদেশ আৰু নেপালত পোৱা ইলাপিডি (Elapidae) পৰিয়ালৰ অন্তৰ্গত এবিধ বিষধৰ সাপৰ প্ৰজাতি।১২ এই সাপবিধৰ বৈজ্ঞানিক নামৰ নিৰ্দিষ্ট উপাংশটো লেটিন “লিভিডাছ” (lividus) শব্দৰ পৰা আহৰণ কৰা হৈছে, যাৰ অৰ্থ হৈছে “নীলা ধাতৱ ৰং” বা “সীহৰ ৰং”, সাপবিধৰ দেহৰ বৰণটোক বুজায়।

বিৱৰণ

সৰু ক'লা শংখচূড় সাপ এবিধ যথেষ্ট সৰু আকাৰৰ সাপ। শৰীৰ মসৃণ আৰু ক’লাৰ পৰা নীলা-ক’লা ৰঙৰ। ওপৰৰ ওঁঠটো বগা বৰণৰ। পেটৰ বাকলিবোৰ বগা আৰু ধূসৰ। চকু দুটা সৰু, ক’লা আৰু চকুৰ মণি ঘূৰণীয়া। চকু দুটা থুঁতৰিৰ বেছি ওচৰত থাকে। পিঠিৰ বাকলিবোৰ মিহি আৰু আকাৰত সৰু।৩

বিতৰণ

সৰু ক'লা শংখচূড় সাপ ভাৰত (উত্তৰ বংগ, উত্তৰ-পূব ভাৰত), বাংলাদেশ আৰু নেপালত পোৱা যায়।৪ ই অসমৰ এবিধ স্থানীয় সাপ।

খাদ্য

সৰু ক'লা শংখচূড় সাপ মূলতঃ এবিধ সৰ্পভক্ষী (ophiophagous), অৰ্থাৎ ই অন্য সাপ চিকাৰ কৰে।

লগতে চাওক

লগতে পঢ়ক

  • Boulenger, G.A. 1890. The Fauna of British India, Including Ceylon and Burma. Reptilia and Batrachia. Taylor & Francis. London. xviii, 541 pp.
  • Cantor, T.E. 1839. Spicilegium serpentium indicorum [parts 1 and 2]. Proc. Zool. Soc. London 7: 31–34, 49–55.
  • Slowinski, J. B. 1994. A phylogenetic analysis of Bungarus (Elapidae) based on morphological characters. Journal of Herpetology 28(4):440-446.

তথ্যসূত্ৰ

  1. ↑ Harding, K.A.; Welch, K.R.G. (1980). Venomous Snakes of the World: A Checklist. Toxicon: Supplement. Pergamon Press. পৃ. 8. ISBN 978-0-08-025495-1
  2. ↑ Lesser Black Krait ( Bungarus lividus Cantor, 1839 ). indiansnakes.org
  3. ↑ Das, Abhijit 2018. Notes on Snakes of the Genus Bungarus (Serpentes: Elapidae) from Northeast India. in: C. Sivaperuman, K. Venkataraman (eds.), Indian Hotspots, Springer
  4. ↑ (1 February 2024). Small, secretive & highly venomous snake seen for first time in Nepal’s hills. Mongabay

সম্পৰ্কিত শ্ৰেণী

বিষধৰ সৰীসৃপ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰু ক'লা শংখচূড় সাপ” প্ৰবন্ধৰ সংশোধন ৪২৫৭৮৯ (১৩ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।