ভাৰতৰ থিয়েটাৰ ব্যক্তিত্ব
১১ প্ৰবন্ধ
-
স্বাতীলেখা সেনগুপ্ত
স্বাতীলেখা সেনগুপ্ত ( Swatilekha Sengupta; জন্ম: চেটাৰ্জী; ২২ মে' ১৯৫০ – ১৬ জুন ২০২১) এগৰাকী বাংলা অভিনেত্ৰী। অভিনেত্ৰী হিচাপে ভাৰতীয় নাট্যজগতলৈ আগবঢ়োৱা অৱদানৰ বাবে সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। বৃক্কৰ ৰোগত সৃষ্টি হোৱা জটিলতাৰ ফলত ২০২১ চনৰ ১৬ জুনত সেনগুপ্তৰ মৃত্যু হয়।
-
পৰ্ণ পেথে
পৰ্ণ পেথে (Parna Pethe) বহু মাৰাঠী ছবি আৰু পৰীক্ষামূলক নাটকত অভিনয় এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী।
-
বিজয়া মেহতা
বিজয়া মেহতা ( Vijaya Mehta; জন্ম: ৪ নৱেম্বৰ ১৯৩৪) এগৰাকী বিখ্যাত ভাৰতীয় মাৰাঠী চলচ্চিত্ৰ আৰু থিয়েটাৰ পৰিচালক আৰু বহু সমান্তৰাল ছবিৰ অভিনেতাও। নাট্যকাৰ বিজয় তেণ্ডুলকাৰ, অভিনেতা অৰবিন্দ দেশপাণ্ডে আৰু শ্ৰীৰাম লাগুৰ সৈতে মুম্বাইস্থিত থিয়েটাৰ ৰংগায়নৰ প্ৰতিষ্ঠাপক সদস্য।
-
অনুৰাধা কাপুৰ
অনুৰাধা কাপুৰ (Anuradha Kapur ) এগৰাকী ভাৰতীয় নাট পৰিচালক আৰু নাটকৰ অধ্যাপক। তিনি দশকৰো অধিক সময় তেওঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত (NSD) অধ্যাপনা কৰিছিল আৰু ছয় বছৰ (২০০৭–২০১৩) এই প্ৰতিষ্ঠানখনৰ সঞ্চালক আছিল।
-
এষা দে
এষা ৱাডনেকাৰ (Esha Wadnerkar) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মূলতঃ মাৰাঠী থিয়েটাৰ, চলচ্চিত্ৰ, ৱেব ধাৰাবাহিক, আৰু টিভি ধাৰাবাহিকত কাম কৰে। পেছাগতভাৱে তেওঁ এষা দে নামেৰে পৰিচিত। তেওঁ মাৰাঠী টেলিভিছন শ্ব’ মহাৰাষ্ট্ৰচী হাস্যযত্ৰৰ বাবে তেওঁ পৰিচিত।
-
কমলা কে কাপুৰ
কমলা কে কাপুৰ (Comla K. Kapur; জন্ম: ২৭ জুলাই ১৯৪৮) এগৰাকী ভাৰতীয়-আমেৰিকান নাট্যকাৰ, কবি আৰু লেখক। হিন্দু দেৱতা, শিখ গুৰু আৰু চুফী ৰহস্যবাদী ৰুমীক কেন্দ্ৰ কৰি গল্প, কিংবদন্তি আৰু মিথৰ সৃষ্টিশীল পুনৰলেখনৰ বাবে জনাজাত।
-
কীৰ্তি জৈন
কীৰ্তি জৈন ( Kirti Jain ) ভাৰতৰ প্ৰয়াগৰাজৰ এগৰাকী নাট পৰিচালক। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰাক্তন সঞ্চালক। তেওঁ ২০১১ চনত নাট পৰিচালনা শিতানত সংগীত নাটক একাডেমী বঁটাকে ধৰি বহু বঁটা আৰু সন্মান লাভ কৰিছে।
-
প্ৰতিভা আগৰৱালা
প্ৰতিভা আগৰৱালা ( Prativa Agrawal; জন্ম: ১০ আগষ্ট ১৯৩০) উত্তৰ প্ৰদেশৰ বাৰাণসীৰ এগৰাকী থিয়েটাৰ আৰ্কাইভিষ্ট, নাট্য অভিনেত্ৰী, চিত্ৰনাট্যকাৰ, পৰিচালক, লেখিকা আৰু অনুবাদক। কলকাতাৰ থিয়েটাৰ সংগ্ৰহ আৰু গৱেষণা প্ৰতিষ্ঠান নাট্য শোধ সন্থাৰ প্ৰতিষ্ঠাপক।
-
ভানুমতী ৰাও
ভানুমতী ৰাও (Bhanumati Rao; ৪ ডিচেম্বৰ ১৯২৩ – ১২ ফেব্ৰুৱাৰী ২০২২) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, শিক্ষয়িত্ৰী আৰু মঞ্চ অভিনেত্ৰী। তেওঁ ভাৰতীয় শাস্ত্ৰীয় নৃত্য কথকলি আৰু ভৰতনাট্যমৰ বিশেষজ্ঞ আৰু লগতে মালয়ালম ভাষাৰ থিয়েটাৰৰ মঞ্চ অভিনেত্ৰীও আছিল। পিছলৈ তেওঁ শাস্ত্ৰীয় নৃত্য আৰু সংগীত শিকায়।
-
শিল্পা মুদবী
শিল্পা মুদবী (Shilpa Mudbi) শিল্পা এগৰাকী ভাৰতীয় গৱেষিকা, গায়িকা, পৰিবেশিকা, নাট্যশিল্পী, অভিনেত্ৰী, আৰু তথ্যচিত্ৰ নিৰ্মাতা। বৰ্তমান তেওঁ কৰ্ণাটকৰ বিভিন্ন লোক-শিল্পৰ সংৰক্ষণ আৰু সংগ্ৰহৰ কাম কৰি আছে। স্বামী আৰু সুমিত্ৰা সুন্দৰৰ সৈতে তেওঁ আৰ্বান ফ’ক প্ৰজেক্টৰ সহ-প্ৰতিষ্ঠাপক আছিল।
-
ৰেখা জৈন
ৰেখা জৈন ( Rekha Jain; ১৯২৪–২০১০) এগৰাকী ভাৰতীয় শিশু নাট্যকাৰ, পৰিচালক, আৰু লোকসংগীত বিশেষজ্ঞ। শিশুৰ বাবে নাটকৰ উপৰিও ভাৰতীয় লোকসংগীত আৰু লোকনৃত্যৰ ওপৰতো প্ৰবন্ধ আৰু সমালোচনা লিখিছে।