অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সোণালী কুলকাৰ্ণী

সোণালী কুলকাৰ্ণী (: Sonali Kulkarni; জন্ম: ৩ নৱেম্বৰ ১৯৭৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, প্ৰযোজক আৰু লেখিকা। তেওঁ মূলতঃ মাৰাঠী, হিন্দী আৰু কিছু সংখ্যক তামিল ছবিত অভিনয় কৰিছে। কুলকাৰ্ণীক মাৰাঠী চিনেমাৰ অন্যতম সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰী হিচাপে গণ্য কৰা হয়।

হালনাগাদ: ২০ ফেব্ৰুৱাৰী ২০২৫ ৬৩২ শব্দ · ৪ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

সোণালী কুলকাৰ্ণী (: Sonali Kulkarni; জন্ম: ৩ নৱেম্বৰ ১৯৭৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, প্ৰযোজক আৰু লেখিকা। তেওঁ মূলতঃ মাৰাঠী, হিন্দী আৰু কিছু সংখ্যক তামিল ছবিত অভিনয় কৰিছে। কুলকাৰ্ণীক মাৰাঠী চিনেমাৰ অন্যতম সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰী হিচাপে গণ্য কৰা হয়।১২ তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, চাৰিটা ফিল্মফেয়াৰ মাৰাঠী বঁটা আৰু চাৰিটা মহাৰাষ্ট্ৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটাকে ধৰি কেইবাটাও প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।৩ ২০১০ চনত মহাৰাষ্ট্ৰ চৰকাৰে তেওঁক ভি শান্তৰাম বিশেষ অৱদান বঁটাৰে সন্মানিত কৰে।৪

সোনালীয়ে প্ৰায় ৭০ খনতকৈও অধিক ছবিত কাম কৰিছে। মাৰাঠী অভিনেত্ৰীসকলৰ ভিতৰত এগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন অভিনেত্ৰী হিচাপে গণ্য কৰা হয়। পুনেৰ মধ্যবিত্তীয় মহাৰাষ্ট্ৰীয় পৰিয়ালত জন্মগ্ৰহণ কৰা সোনালী কুলকাৰ্ণীয়ে সৰুতে অভিনয়ৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু সত্যদেৱ ডুবেৰ অভিনয় কৰ্মশালাত অংশ লৈছিল। ১৮ বছৰ বয়সত হিন্দী ছবি চেলুভি (১৯৯২)ত আধা গছ অৰ্ধ মানুহ ৰ চৰিত্ৰত অভিনয় কৰি চিনেমাৰ জগতত আত্মপ্ৰকাশ কৰে।এই চলচ্চিত্ৰৰ পিছতে, তেওঁ সমালোচকসকলে প্ৰশংসা কৰা ডোগি (১৯৯৫), দায়রা (১৯৯৬), আৰু ঘৰবাহেৰ (১৯৯৯) চলচ্চিত্ৰত অভিনয় কৰিছিল। ডোগি ছবিখনৰ বাবে তেওঁ মহাৰাষ্ট্ৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা আৰু ফিল্মফেয়াৰ মৰাঠি বঁটা লাভ কৰিছিল।

ইয়াৰ পিছত তেওঁ হিন্দী চলচ্চিত্ৰ মিছন কাশ্মীৰ (২০০০), ডঃ বাবাসাহেব আম্বেদকাৰ (২০০০), প্যায়াৰ টুনে কিয়া কিয়া (২০০১), দিল চাহতা হ্যায় (২০০১), টেক্সি নম্বৰ ৯২১১ (২০০৬), আৰু সিংঘম (২০১১) উল্লেখযোগ্য। তেওঁ চৈত্র (২০০২) নামৰ এখন মৰাঠি-ভাষাৰ ছট চলচ্চিত্ৰত এগৰাকী শক্তিশালী মহিলা চৰিত্ৰ ৰূপায়ণ কৰি অধিক প্ৰশংসা লাভ কৰিছিল আৰু তাৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।

কুলকাৰ্ণীয়ে দেউল (২০১১), পুনে ৫২ (২০১৩), দ্য গুড ৰোড (২০১৩), গুলাবজাম (২০১৮), আৰু অনি... ড° কাশীনাথ ঘনেকাৰ (২০১৮) ছবিৰে আৰু অধিক সফলতা লাভ কৰে। তদুপৰি জীৱনী, ড° প্ৰকাশ বাবা আমতে-দ্য ৰিয়েল হিৰো (২০১৪), আৱেগিক নাটক কচ্চা লিম্বু (২০১৭), আৰু ছাৰ্ভাইভেল নাটক পেঞ্চন (২০২১)ত অভিনয় কৰি তিনিটা ফিল্মফেয়াৰ মাৰাঠী বঁটা লাভ কৰে।

অভিনয়ৰ উপৰিও কুলকাৰ্ণীয়ে পূৰ্বে মাৰাঠী দৈনিক কাকত লোকছাত্তৰ পৰিপূৰক সো কুল শীৰ্ষক সাপ্তাহিক স্তম্ভ লিখিছিল। ২০১০ চনত তেওঁৰ প্ৰবন্ধ গ্ৰন্থ ছ’ কুল প্ৰকাশ কৰে। তেখেতে মাৰাঠী আৰু ইংৰাজী নাটক WhiteLily & Night Rider প্ৰযোজনা কৰিবলৈ So kul Productions গঠন কৰে।৫

প্ৰাৰম্ভিক জীৱন

কুলকাৰ্ণীৰ জন্ম হৈছিল ১৯৭৪ চনৰ ৩ নৱেম্বৰত৬ মহাৰাষ্ট্ৰৰ পুনেত। তেওঁৰ দেউতাক এজন অভিযন্তা, আৰু তাইৰ দুজন ডাঙৰ ভাই সন্দীপ আৰু সন্দেশ। তেওঁ অভিনৱ বিদ্যালয়ত পঢ়ি ফাৰ্গুচন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু ৰাজনীতি বিজ্ঞানত মেজৰ ডিগ্ৰী লাভ কৰি উঠি মাৰাঠী সাহিত্যত বৃত্তি লাভ কৰে। এঘাৰ বছৰ ভৰতনাট্যমত আৰু চাৰি বছৰ ধৰি ভাৰতীয় ধ্ৰুপদী সংগীতৰ প্ৰশিক্ষণ লৈছিল। অভিনয়ৰ প্ৰতি থকা আগ্ৰহৰ বাবে তেওঁ সত্যদেৱ ডুবেৰ কৰ্মশালাত অংশগ্ৰহণ কৰে আৰু তাৰ পিছত তেওঁ আৰু সন্দেশ সহযোগত সমন্বয় নামৰ এটা নাট্যগোষ্ঠী গঠন কৰে। ৭

অনান্য কৰ্ম

থিয়েটাৰ আৰু প্ৰডাকচন

কুলকাৰ্ণীয়ে বছৰ বছৰ ধৰি কেইবাখনো নাটকত অভিনয় কৰি আহিছে। বিজয় তেণ্ডুলকাৰৰ আটাইতকৈ বিতৰ্কিত নাটক সখৰাম বিন্দৰত তেওঁ লক্ষ্মীৰ চৰিত্ৰত অভিনয় কৰিছিল, যিখন নাটক তেওঁৰ ভাতৃ সন্দেশ কুলকাৰ্ণীয়ে পৰিচালনা কৰিছিল আৰু শিৰোনাম চৰিত্ৰ হিচাপে ছায়াজী শিণ্ডে অভিনয় কৰিছিল।৮

২০১৪ চনত কুলকাৰ্ণীয়ে তেওঁৰ প্ৰডাকচন কোম্পানী সকুল প্ৰতিষ্ঠা কৰে আৰু মাৰাঠী আৰু হিংগলিছ ভাষাত হোৱাইট লিলি এণ্ড নাইট ৰাইডাৰ নাটক প্ৰযোজনা আৰু অভিনয় কৰে।৯১০ পিছলৈ বাবা আমতেৰ শতবাৰ্ষিকীত তেওঁ কৰুণোপনিছেড নামৰ এটা বিশেষ অনুষ্ঠান উপস্থাপন কৰে।১১

লেখিকা হিচাবে

Kulkarni in 2011
Kulkarni in 2011ছবি: Bollywood Hungama · CC BY 3.0

২০১১ চনত কুলকাৰ্ণী কুলকাৰ্ণীয়ে ২০০৫ চনৰ জুন মাহত মাৰাঠী দৈনিক কাকত লোকসত্তাৰ পৰিপূৰক ভিভাত লিখিবলৈ আৰম্ভ কৰে আৰু ২০০৭ চনৰ মে' মাহলৈকে লিখিছিল।১২ তেওঁ প্ৰতি সপ্তাহত ছ’ কুল নামৰ এটা স্তম্ভ লিখিছিল। আধুনিক মহাৰাষ্ট্ৰীয় ভদ্ৰমহিলাগৰাকীৰ লেখাই বছৰ বছৰ ধৰি যথেষ্ট চৰ্চা লাভ কৰিছে। কাকতখন আৰু ৰাজহন্স প্ৰকাশনে সেই লেখাসমূহ একত্ৰিত কৰি ২০১০ চনত এখন কিতাপ So kul... মুকলি কৰে। নানা পাটেকাৰে গ্ৰন্থখন উন্মোচনৰ সময়ত কয়, "যেতিয়াই মই তেওঁৰ লেখাবোৰ পঢ়ো, তেতিয়াই অনুভৱ কৰো যে তেওঁ মোৰ লগত কথা পাতিছে। তেওঁৰ লেখাত ইমান সৰলতা আছে।"১৩

ব্যক্তিগত জীৱন

চনী এণ্টাৰটেইনমেণ্ট টেলিভিছনৰ মুৰব্বী নাচিকেত পন্তবৈদ্যৰ সৈতে কিছু দিন সম্পৰ্ক থকাৰ পিছত ২০১০ চনত তেওঁৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১৪১৫ এই দম্পতীহালৰ ২০১১ চনত এগৰাকী কন্যা সন্তান জন্ম হয়।১৬

মিডিয়া ইমেজ

কুলকাৰ্ণীক মাৰাঠী চিনেমাৰ অন্যতম জনপ্ৰিয় আৰু সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰী হিচাপে গণ্য কৰা হয়।২১৭১৮ কাচ্চা লিম্বুত তেওঁৰ অভিনয়ক ফিল্ম কম্পেনিয়নে "দশকৰ ১০০টা শ্ৰেষ্ঠ অভিনয়"ৰ ভিতৰত অন্যতম বুলি গণ্য কৰে।১৯ ২০১৮ চনত তেওঁ বছৰৰ লোকমত মহাৰাষ্ট্ৰীয় বঁটা লাভ কৰে।২০ ইনষ্টাগ্ৰামত আটাইতকৈ বেছি অনুসৰণ কৰা মাৰাঠী অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম।২১ ২০২৪ চনত কুলকাৰ্ণীয়ে LGBTQ চলচ্চিত্ৰ মহোৎসৱ KASHISH Pride Film Festival ত জুৰীৰ সদস্য হিচাপে কাম কৰে।২২

তথ্যসূত্ৰ

  1. ↑ (5 May 2022). Top 5 Actresses:सर्वात जास्त मानधन घेणाऱ्या मराठी अभिनेत्री कोण माहितीये काय?. eSakal - Marathi Newspaper
  2. ↑ Highest paid Marathi actors and actresses. The Times of India
  3. ↑ (2 March 2010). Sonali Kulkarni's take on life to be unveiled today. The Indian Express
  4. ↑ (2015-04-27). Maharashtra government announces annual film awards. The Hindu
  5. ↑ (2020-01-07). Sonali Kulkarni's most fashionable photos on Instagram. The Times of India
  6. ↑ (3 November 2021). Happy Birthday Sonali Kulkarni: Five noteworthy performances of the actress. The Times of India
  7. ↑ (13 July 2022). Sonali Kulkarni pens a heartwarming message for Satyadev Dubey on Guru Purnima, shares throwback pics – Times of India. The Times of India
  8. ↑ Sakharam Binder
  9. ↑ Sonali Kulkarni's Marathi production of WHITE LILY AND NIGHT RIDER, now in a 'Hinglish' version at Prithvi Theatre. www.mumbaitheatreguide.com
  10. ↑ (4 July 2014). White Lily And Night Rider - Times of India. The Times of India
  11. ↑ (2014-12-20). Karunopanished: A program about Baba Amte's literary tradition. Marathistars
  12. ↑ 'My readers loved the name So Kul'. Rediff
  13. ↑ Sonali Kulkarni releases compilation of articles as book. India Forums
  14. ↑ (24 May 2016). चंद्रकांत कुलकर्णी यांना घटस्फोट दिल्यानंतर सोनालीनं थाटलाय दुसरा संसार. Maharashtra Times
  15. ↑ (25 May 2010). Sonali Kulkarni ties knot with Fox TV Studios MD-Nachiket Pantvaidya. Bollywood Hungama
  16. ↑ (2 November 2018). Kaveri is my most precious and special gift: Sonali Kulkarni. Hindustan Times
  17. ↑ (3 November 2019). Sonali Kulkarni: From Dil Chahta Hai to Bharat, here are 5 of her best performances. News18
  18. ↑ (9 September 2021). 'या' 'टॉप १०' मराठी अभिनेत्रींनी केली वर्षभरात दमदार कामगिरी. Lokmat
  19. ↑ 100 Greatest Performances of the Decade. Film Companion
  20. ↑ (10 April 2018). Lokmat Maharashtrian Of The Year 2018: 'लोकमत'तर्फे महाराष्ट्रातील कर्तृत्ववानांचा सन्मान. Lokmat
  21. ↑ (19 April 2022). Sonali Kulkarni to Hruta Durgule: Marathi stars with Instagram followers in millions. News18
  22. ↑ (9 May 2024). 10 films directed by trans filmmakers to be screened at Kashish Pride Film Festival 2024. The Times of India

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোণালী কুলকাৰ্ণী” প্ৰবন্ধৰ সংশোধন ৪৭৯৯৫৯ (২০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।