অধুনালুপ্ত আলোচনী
৯ প্ৰবন্ধ
-
বৰ্ণালী (শিশু আলোচনী)
বৰ্ণালী অসমীয়া ভাষাত প্ৰকাশিত এখন শিশু আলোচনী৷ এইখন দুমহীয়া আলোচনী আছিল৷ ১৯৭৯ চনত প্ৰকাশিত৷ সম্পাদক আছিল জয়ন্ত ৰঞ্জন চেতিয়া৷ আলোচনীখন আন্তৰ্জাতিক শিশুবৰ্ষত প্ৰকাশিত হৈছিল৷ বৰ্ণালী নামৰ আন এখন তিনিমহীয়া ত্ৰৈভাষিক আলোচনী ১৯৮০ চনত বঙাইগাঁওৰ পৰা প্ৰকাশিত হৈছিল৷ এইখন আছিল বঙাইগাঁও ৰিফাইনেৰী আৰু…
-
ল'ৰা বন্ধু (শিশু আলোচনী)
ল’ৰাবন্ধু ১৮৮৮ চনত (১৮৮৩ চনত) নগাঁওৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ এখনি শিশু আলোচনী৷ এইখন অসমৰ প্ৰথম শিশু আলোচনী৷ ইয়াৰ সম্পাদক আছিল গুণাভিৰাম বৰুৱাৰ বৰপুত্ৰ কৰুণাভিৰাম বৰুৱা৷ ষোল্ল বছৰ বয়সতে আলোচনী সম্পাদনা কৰা কৰুণাভিৰাম বৰুৱাৰ অকালতে মৃত্যু হোৱাত মাত্ৰ দুটা সংখ্যা প্ৰকাশ হোৱাৰ পিছত আলোচনীখন বন্ধ…
-
অকণ (সচিত্ৰ শিশু আলোচনী)
অকণ(সচিত্ৰ শিশু আলোচনী) অসমীয়া ভাষাৰ এখনি শিশু আলোচনী। হেমচন্দ্ৰ গোস্বামী সম্পাদিত এই আলোচনীখন ১৯১৬ চনত কলকাতাৰ পৰা প্ৰকাশ হৈছিল। প্ৰকাশক লোহিত চন্দ্ৰ ভূঞা।
-
কাকলি (শিশু আলোচনী)
কাকলি অসমীয়া ভাষাত প্ৰকাশিত এখন শিশু আলোচনী। এই আলোচনীখন গুৱাহাটীৰ মালিগাঁৱৰ মালিগাওঁ বুক ষ্টলৰ পৰা ১৯৭৩ চনত প্ৰকাশিত হৈছিল। সম্পাদক আছিল ৰুচিনাথ শৰ্মা আৰু অশ্বিনীকুমাৰ শৰ্মা। কাকলি দুমহীয়া আলোচনী আছিল।
-
পাৰিজাত (শিশু আলোচনী)
পাৰিজাত অসমীয়া ভাষাৰ এখনি মাহেকীয়া শিশু আলোচনী। ১৯৪১ চনত (১৯৪০ চন) কলকাতাৰ পৰা প্ৰকাশিত আলোচনীখনৰ সম্পাদক আছিল ডা° দীননাথ শৰ্মা। শিশু উপযোগী সচিত্ৰ আলোচনীখনত প্ৰবন্ধ, গল্প, কবিতা প্ৰকাশ কৰিছিল। “পাৰিজাত’’ত যুক্তাক্ষৰ সৰলীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল।
-
বিহুৱান (শিশু আলোচনী)
বিহুৱান অসমীয়া ভাষাৰ এখনি বছৰেকীয়া শিশু আলোচনী৷ ১৯৫০ চনত পাঠশালাৰ পৰা প্ৰকাশিত৷ সম্পাদক আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হলীৰাম ডেকা৷ এইখন এখন সচিত্ৰ শিশু আলোচনী আছিল৷ আলোচনীখনত মহৎ লোকৰ জীৱনী, লোক-সহিত্য, অসমীয়া সাহিত্যৰ জানিবলগীয়া কথা, ভ্ৰমণ কাহিনী,পুৰাণৰ কথা, বিদেশৰ শিশুৰ কথা,…
-
কবিতা (আলোচনী)
কবিতা (ইংৰাজী: Kabita) অসমীয়া আৰু ইংৰাজী ভাষাত প্ৰকাশিত এখন কবিতা বিষয়ক দুমহীয়া আলোচনী। প্ৰথম সংখ্যাটোৰপৰা অসমৰ কাব্য-জগতত চিন্তা আৰু ৰুচিৰ দিশেৰে এক উচ্চ আৰ্হি স্থাপন কৰিবলৈ সক্ষম হোৱা আলোচনীখন কেৱল সাতটা সংখ্যা প্ৰকাশ পাই বন্ধ হৈ যায়।
-
সাম্প্ৰতিক সাময়িকী (আলোচনী)
সাম্প্ৰতিক সাময়িকী ( Sampratik Samayikee) ১৯৭৬ চনৰ পৰা ১৯৮৬ চনলৈকে এৰাধৰাকৈ প্ৰকাশ হোৱা এখন অসমীয়া আলোচনী৷ এই সময়ছোৱাত আলোচনীখনৰ প্ৰায় পঞ্চাশটামান সংখ্যা প্ৰকাশ হৈছিল৷ সাহিত্য-সংস্কৃতি বিষয়ক তিনিমহীয়া আলোচনীখনৰ প্ৰথম বছৰ প্ৰথম সংখ্যাটো প্ৰকাশ হৈছিল ১৯৭৬ চনৰ এপ্ৰিল মাহত।
-
সেউতী (আলোচনী)
সেউতী (Xeuti) আছিল অসমীয়া ভাষাত যুগুত কৰা এখনি হাতেলিখা আলোচনী৷ 'সেউতী' অসমৰ প্ৰথমখন হাতেলিখা আলোচনী৷ অসমৰ কটন কলেজৰ কেইগৰাকীমান শিক্ষাৰ্থীৰ উমৈহতীয়া প্ৰচেষ্টাত ১৯০৭ চনত এই হাতেলিখা আলোচনীখন পোনপ্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছিল৷ 'সেউতী'ৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল সৰ্বেশ্বৰ বৰুৱা৷ আলোচনীখন প্ৰায়…